পেনিচিলিন

পেনিচিলিন হৈছে কিছুমান প্ৰতিজৈৱিক (Antibiotic)ৰ সমষ্টি যাৰ ভিতৰত পেনিচিলিন জি, পেনিচিলিন ভি, পেনিচিলিন প্ৰকেইন আৰু বেঞ্জাথিন পেনিচিলিন অন্তৰ্ভুক্ত। এইবোৰ পেনিচিলিয়াম নামৰ ভেঁকুৰৰ পৰা উৎপন্ন হয়। [1]পেনিচিলিন বিটা লেক্টাম( β-lactam) প্ৰতিজৈৱিকৰ ভিতৰত পৰে।

আৱিষ্কাৰ

১৯২৮ চনত ন’বেল বঁটা প্ৰাপ্ত বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰে [2]৷তেওঁ পেনিচিলিয়াম ন’টেটাম নামৰ ভেঁকুৰৰ প্ৰজাতিটোৰ পেনিচিলিন উৎপাদন কৰিছিল। ১৯৪২ চনৰ পৰাহে জনসাধাৰণে পেনিচিলিন বেক্টেৰিয়া সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা আৰম্ভ কৰে। [3]

ৰাসায়নিক গঠন

পেনিচিলিনৰ মূল গঠনটো বিটা লেক্টাম আৰু থায়াজ’লিডিন(thiazolidine)ৰ লগ হৈ থকা আঙঠিৰে গঠিত। তদুপৰি এমাইড বন্ধনিৰে আন এটা শৃংখল বান্ধ খাই থাকে। থায়াজ’লিডিনৰ আঙঠিটোত এটা কাৰ্বক্সিল গ্ৰুপ থাকে য’ত ছডিয়াম আৰু পটাছিয়াম লগ হৈ বেছি সুস্থিৰ ৰূপ গঠন কৰিব পাৰে [4]৷পেনিচিলিনৰ মূল গঠন টোৰ ৰাসায়নিক সংকেত হ’ল - R-C9H11N2O4S। ইয়াত R-ৰ ঠাইত আন শৃংখল সংযোজিত হৈ বেলেগ বেলেগ ৰূপৰ পেনিচিলিন গঠন কৰে। মূল গঠনটোৰ ৰাসায়নিক সংকেত হ’ল ২৪৩ গ্ৰাম প্ৰতি ম’ল।

কাৰ্য পদ্ধতি

বেক্টেৰিয়াৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশৰ বাবে কোষবেৰখনৰ ভূমিকা আপৰিহাৰ্য। কোষবেৰখনে বেক্টেৰিয়া কোষটোক সুস্থিৰতা প্ৰদান কৰে। বেক্টেৰিয়া কোষবেৰখন পেপ্টিদ’গ্লাইকেনেৰে গঠিত। পেপ্টিদ’গ্লাইকেন হৈছে একান্তৰভাৱে থকা এন্-এচিটাইল মিউৰামিক এচিড(N-acetylmuramic acid) আৰু এন-এচিটাইল গ্লুক’চ’এমাইনেৰে(N-acetylglucosamine) গঠিত এটা শৃংখল । এটা পেপ্টিদ’গ্লাইকেনৰ শৃংখল আন এটা শৃংখলৰ লগত বান্ধোন খাই থাকে। এইদৰে বহুতো পেপ্টিদ’গ্লাইকেনৰ শৃংখল বান্ধ খাই বেক্টেৰিয়াৰ কোষবেৰখন গঠন কৰে। ট্ৰেন্সপেপ্টাইডেজ নামৰ উৎসেচক এটাই শৃংখল সমূহ বান্ধ খোৱাত সহায় কৰে। কিন্তু পেনিচিলিনে ট্ৰেন্সপেপ্টাইডেজক বাধা দি গোটেই কোষবেৰখন গঠন হোৱাত বাধা দিয়ে। ফলত গোটেই বেক্টেৰিয়াটোৱেই ধ্বংস হয়। [5]

ব্যৱহাৰ

পেনিচিলিন সাধাৰণতে গ্ৰাম ধনাত্মক বেক্টেৰিয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয়৷পেনিচিলিন বিভিন্নধৰণৰ বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসা কৰিবলৈ মানুহ আৰু জীৱ-জন্তু উভয়তে ব্যৱহাৰ হয়। তাৰ ভিতৰত টাইফয়েড,নিউম’নিয়া, গণ’ৰিয়া, ধনুষ্টংকাৰ, চিফিলিছ আদি অন্যতম।

পাৰ্শ্ব ক্ৰিয়া

পেনিচিলিনে ১-১০ শতাংশ ৰোগীৰ ক্ষেত্ৰত এলাৰ্জীৰ সৃষ্টি কৰে। পেনিচিলিনৰ এলাৰ্জী হলে জ্বৰ,খজুৱতি, ৰঙা পৰি ফুলি উঠা আদি সমস্যাই দেখা দিয়ে। কিছুমান ৰোগীৰ ক্ষেত্ৰত বমি ভাৱেও দেখা দিয়ে। [6]

তথ্য সংগ্ৰহ

  1. Penicillin at the Free Dictionary
  2. "Alexander Fleming – Time 100 People of the Century". Time. It was a discovery that would change the course of history. The active ingredient in that mold, which Fleming named penicillin, turned out to be an infection-fighting agent of enormous potency. When it was finally recognized for what it is—the most efficacious life-saving drug in the world—penicillin would alter forever the treatment of bacterial infections.
  3. Oxford Handbook of Infectious Diseases and Microbiology. OUP Oxford. 2009. p. 56. ISBN 9780191039621.
  4. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5
  5. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5
  6. Essential of Medical Pharmacology,7th Edition,K.D.Tripathi,ISBN:978-93-5025-937-5
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.