কফি

কফি (ইংৰাজী: Coffee))বিশ্বব্যাপী খুব জনপ্রিয় পানীয় । পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয় । এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ । প্রায় ৭০খন দেশত এই ফলৰ গাছ হয় । সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্রীত কৃষিপণ্যৰ মাজত এটা । কফিত ক্যাফেইন নামৰ এক প্ৰকাৰৰ উত্তেজক পদার্থ আছে । ৮ আউন্স কফিত প্রায় ১৩৫ মিলিগ্রাম ক্যাফেইন থাকে । কফিৰ উপাদান ক্যাফেইনৰ কাৰণে কফিয়ে মানুহৰ ওপৰ উত্তেজক প্রভাব পেলায় আৰু ই উদ্দীপক হিচাপে কাম কৰে । এতিয়া চাহৰ পাছতে কফি বিশ্বৰ অত্যাধিক জনপ্রিয় পানীয়।

কফি

১ কাপ ক'লা (ব্লেক্) কফি
প্ৰকাৰ ঠান্ডা অথবা গৰম পানীয়
উৎপত্তিৰ দেশ ইথিওপিয়া
প্ৰচলন হয় প্রায় ১৫ শতাব্দিত (পানীয়)
ৰং গাঢ় বাদামী, হালধীয়া বাদামী, ক'লা
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.