কংকাল

কংকাল (ইং: Skeleton) হৈছে হাড়ৰ দ্বাৰা গঠিত দেহৰ এনে এটা সজ্জা যি জীৱক অৱলম্বন প্ৰদান কৰে। কংকাল দুই প্ৰকাৰৰ: বহিঃ কংকাল, যি জীৱক বাহিৰৰ পৰা অৱলম্বন প্ৰদান কৰে, আৰু অন্তঃ কংকাল, অৱলম্বন প্ৰদানকাৰী সজ্জাটো দেহৰ ভিতৰত থাকে। হাইড্ৰ'স্কেলেটন আৰু চাইট'স্কেলেটন নামৰ আৰু দুই প্ৰকাৰৰ কংকালৰ উল্লেখ কৰা দেখা যায়।

কংকাল
ছিডনিৰ অষ্ট্ৰেলিয়ান মিউজিয়ামত ৰখা এটা মানুহৰ আৰু এটা ঘোঁৰাৰ কংকাল।

প্ৰকাৰ

বহিঃ কংকাল

এটা পৰুৱাৰ বহিঃ কংকাল

বহিঃ কংকাল দেহৰ বাহিৰফালে থাকে। বহু অমেৰুদণ্ডীৰ বহিঃ কংকাল থাকে। ই জীৱটোৰ কোমল কলা আৰু অংগবোৰ বাহিৰৰ পৰা আগুৰি ধৰি সুৰক্ষা প্ৰদান কৰে। জীৱৰ সহজাত বৃদ্ধিৰ লগে লগে কিছুমান বহিঃ কংকাল গঠন হয়, পতংগৰ দৰে অন্য বহু সন্ধিপদীৰ ক্ষেত্ৰত এনে হয়। কাইটিন (সন্ধিপদীৰ), কেলচিয়ামৰ যৌগ (শৈল প্ৰৱাল আৰু কোমলদেহী প্ৰাণীৰ ক্ষেত্ৰত) আদি বিভিন্ন পদাৰ্থৰ দ্বাৰা বহিঃ কংকাল গঠন হয়।

পতংগৰ বহিঃ কংকালে কেৱল সুৰক্ষা প্ৰদানেই নকৰে, ইয়াৰোপৰি ই পেশী সংযোজনৰ অৱস্থান, শুকাই যোৱাৰ পৰা ৰক্ষা পাবলৈ জলৰোধী আৰু পৰিৱেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ বাবে সংবেদন অংগ হিচাপেও কাম কৰে। সেইদৰে কোমলদেহীবোৰৰ খোলাবোৰেও প্ৰায় একেই কাম কৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে ই সংবেদন অংগ হিচাপে কাম নকৰে।

কোনো জীৱৰ দেহৰ মুঠ ভৰতকৈ ইয়াৰ বাহ্যিক কংকালৰ ভৰ বেছি হব পাৰে, সেইবাবে, বহিঃ কংকাল থকা স্থলচৰ প্ৰাণীবোৰ তুলনামূলকভাৱে সৰু হয়।

অন্তঃ কংকাল

বাদুলীৰ আভ্যন্তৰিণ কংকাল।

অন্তঃ কংকাল হৈছে জীৱৰ আভ্যন্তৰিণ অৱলম্বন প্ৰদানকাৰী সজ্জা, লৱনযুক্ত কলাৰ দ্বাৰা গঠিত আৰু মেৰুদণ্ডীৰ সাধাৰণ বৈশিষ্ট। গঠনৰ ক্ষেত্ৰত অন্তঃ কংকালৰ যথেষ্ট ভিন্নতা দেখা যায়, যদিও সকলো ক্ষেত্ৰতে প্ৰধান কাৰ্য হৈছে অৱলম্বন প্ৰদান কৰা, আৰু ই পেশীয় বল পৰিবহনৰ এটা কাৰ্যপদ্ধতি। এটা প্ৰকৃত অন্তঃ কংকাল মেজ'ডাৰ্মেল কলাৰ পৰা বিকশিত হয। একাইন'ডাৰ্ম আৰু ক'ৰডেটবোৰৰ এনে অন্তঃ কংকাল থাকে।

হাইড্ৰ'স্কেলেটন

হাইড্ৰ'স্কেলেটন (জল কংকাল) হৈছে পেশীৰে আগুৰি থকা, চাপযুক্ত তৰলেৰে পূৰ্ণ কোমল কলাৰে গঠিত অৰ্ধ কঠিন গঠন। দেহৰ অংশবোৰত লম্বভাৱে আৰু বৃত্তাকাৰভাৱে থকা পেশীৰ সংকোচন-প্ৰসাৰণৰ যোগেদি এনে জীৱৰ চলন সম্ভৱ হয়। এনে কংকালযুক্ত জীৱৰ এটা উৎকৃষ্ট উদাহৰণ হৈছে কেচু

চাইট'স্কেলেটন

চাইট'স্কেলেটনে (কোষীয় কংকাল) কোযৰ আকৃতি সুস্থিৰ আৰু সংৰক্ষণ কৰে। এনে কংকালৰ গঠনৰ ক্ষেত্ৰত বহু ভিন্নতা দেখা যায়। ই কোষৰ আকৃতি নিয়ন্ত্ৰণ কৰে, সুৰক্ষা প্ৰদান কৰে, কোষীয় চলন (ফ্লেজেলা, চিলিয়া আদিৰ জৰিয়তে) সম্ভৱ কৰে, আৰু আন্তঃকোযীয় পৰিবহন (যেনে- কোষানুবোৰৰ চলন) আৰু কোয বিভাজন দুয়োটা প্ৰক্ৰিয়াতে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে।

লগতে চাওক

তথ্য সংগ্ৰহ

    বাহ্যিক সংযোগ

    This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.