এনাস্থেচিয়া এৱাৰনেচ

এনাস্থেচিয়া এৱাৰনে'চ বা আন্‌ইণ্টেডে'ড্‌ ইনট্ৰা-অ'পাৰেটিভ এৱাৰনে'চ (Anesthesia awareness/unintended intra-operative awareness) অস্ত্ৰোপ্ৰচাৰৰ সময়ত ৰোগীক চেতনাবিহীন কৰিবলৈ প্ৰয়োগ কৰা সাধাৰণ সংজ্ঞাহীনতা বা বিষয় দৰব প্ৰয়োজনতকৈ কমকৈ প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা ৰোগীৰ এক অৱস্থা। ই অস্ত্ৰপ্ৰচাৰৰ সময়ত ঘটা ঘটনা সমূহ অস্ত্ৰপ্ৰচাৰৰ পিছত মনলৈ অহা এক অৱস্থা। আনহাতে ই প'ষ্ট এনাস্থেচিয়া কেয়াৰ ইউনিট (PACU) বা ইণ্টেন্‌চিভ কেয়াৰ ইউনিট (ICU)ত অস্ত্ৰোপ্ৰচাৰৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ ৰখাৰ সময়তো ঘটিব পাৰে। ইয়াৰ ফলত ৰোগীৰ পঞ্চইন্দ্ৰিয় সচতেন অৱস্থাত থাকে যদিও ৰোগীয়ে শৰীৰৰ অংগ সমূহ চলাচল কৰিবলৈ সক্ষম নহয়। অৰ্থাৎ ৰোগীয়ে অস্ত্ৰপ্ৰচাৰৰ বেদনা, কক্ষত চলি থকা কথোপকথন আদি অনুভৱ কৰিব পাৰে; কিন্তু সহাঁৰি দিব নোৱাৰে।

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.