শৰীৰতত্ব

শৰীৰতত্ব (Physiology) pron.: /ˌfɪziˈɒləi/) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।[1]। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়। ১৯০১ চনৰ পৰা ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্স-এ শৰীৰতত্ব বিষয়ত সৰ্বোচ্চ সন্মান শৰীৰতত্ব আৰু চিকিৎ‍সা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰি আহিছে।

শব্দমূল

ফিজিঅ'ল'জী শব্দটো প্ৰাচীন গ্ৰীক: φύσιςphysis- যাৰ অৰ্থ হৈছে "প্ৰকৃতি" বা "উৎ‍পত্তি" আৰু -λογία -logia-যাৰ অৰ্থ "অধ্যয়ন" শব্দৰ পৰা আহিছে।

মানৱ শৰীৰতত্ব

মানৱ শৰীৰতত্ব হৈছে মানুহৰ শৰীৰৰ অঙ্গ আৰু সেয়া গঠন কৰা কোষবোৰৰ কাৰিকৰী, দৈহিক আৰু ৰাসয়নিক ক্ৰিয়াসমূহ অধ্যয়ন কৰা বিজ্ঞান।[2] শৰীৰতত্বত অঙ্গ-প্ৰতঙ্গৰ স্তৰ আৰু প্ৰণালীৰ ভিতৰৰ প্ৰণালীত গুৰুত্ব দিয়া হয়। মানৱ শৰীৰতত্বৰ জ্ঞানৰ ভেটিটোৰ বেছিভাগেই জন্তুৰ ওপৰত কৰা পৰীক্ষাৰ পৰা লাভ কৰা। শৰীৰতত্বৰ শৰীৰস্থানৰ লগত নিকট সম্পৰ্ক আছে; শৰীৰস্থানত গঠনৰ বিষয়ে অধ্যয়ন কৰা হয়, আনহাতে শৰীৰতত্বত ক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। সততে থকা সংযোগৰ বাবে শৰীৰতত্ব, শৰীৰস্থান আৰু জৈৱ ৰসায়নচিকিৎ‍সা বিজ্ঞানৰ প্ৰাথমিক বিষয় হিচাপে গ্ৰহণ কৰা হয়।

ইতিহাস

মানৱ শৰীৰতত্বৰ অধ্যয়ন চিকিৎ‍সা বিজ্ঞানৰ জনক হিপ'ক্ৰেটিছৰ দিনত খ্ৰীষ্টপূৰ্ব ৪২০ মানতে আৰম্ভ হৈছিল।[3] প্ৰাচীন গ্ৰীছত এৰিষ্ট'টলৰ সমালোচনাত্মক চিন্তা, আৰু গঠন আৰু কামৰ সম্বন্ধৰ ওপৰত প্ৰদান কৰা তেওঁৰ গুৰুত্বই শৰীৰতত্বৰ উন্মেষ ঘটাইছিল। গেলেন নামৰে জনাজাত ক্ল'ডিয়াছ গেলেনাছে (আনুমানিক ১২৬-১৯৯ খ্ৰীষ্টাব্দ) প্ৰথম দেহৰ কাৰ্যপ্ৰণালী জানিবলৈ পৰীক্ষা-নিৰীক্ষা চলাইছিল। গেলেন পৰীক্ষামূলক শৰীৰতত্ব প্ৰতিষ্ঠা কৰিছিল।[4]

১৯শ শতিকাত শৰীৰতত্বৰ জ্ঞান খৰতকীয়া বেগেৰে বাঢ়িবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ১৮৩৮ চনত প্ৰকাশ হোৱা মেথিয়াছ জেক'ব স্লেইডেন আৰু ]]থিঅ'ড'ৰ স্বান]]ৰ কোষ তত্বই ইয়াত প্ৰভূত অৰিহণা যোগাইছিল। এই তত্বৰ মতে জীৱবোৰ "কোষ" নামৰ এককৰ সমষ্টিৰে গঠিত। ক্ল'ড বাৰ্নাৰ্ড ৰ(1১৮১৩-১৮৭৮) আৱিষ্কাৰসমূহৰ পিছত তেওঁ "মিলিউ ইণ্টেৰিয়'ৰ" (আভ্যন্তৰীণ পৰিৱেশ)ৰ ধাৰণা আগবঢ়ায় যিটোক পিছলৈ আমেৰিকান শৰীৰতত্ববিদ ৱাল্টাৰ কেনন (১৮৭১-১১৯৪৫)-এ হ'মিঅ'ষ্টেচিছৰ ধাৰণাত ব্যৱহাৰ কৰে।

বিংশ শতিকাত জীৱবিজ্ঞানীসকল মানুহৰ বাহিৰে আন জীৱৰ কাৰ্যপ্ৰণালীৰ ওপৰত আগ্ৰহী হৈ পৰে যাৰ ফলত তুলনামূলক শৰীৰতত্ব আৰু ইক'শৰীৰতত্বৰ সূত্ৰপাত ঘটে।[5] এই ক্ষেত্ৰসমূহত অৱদান আগবঢ়োৱাসকলৰ ভিতৰত নাট স্মিট্‌‍-নিয়েলচন আৰু জৰ্জ বাৰ্থ'ল'মিউ উল্লেখযোগ্য। শেহতীয়াভাৱে ক্ৰমবিকাশ শৰীৰতত্ব এটা মুখ্য উপবিষয় হৈ পৰিছে।[6]

সংহতিমূলক শৰীৰতত্বৰ ভিত্তি হৈছে মানৱ দেহৰ প্ৰণালীসমূহৰ কাৰ্যাৱলীৰ নিৰ্দিষ্ট বা উপৰাউপৰি ৰূপ। ৰাসায়নিক বা বৈদ্যুতিক সংকেতেৰে হোৱা যোগাযোগৰ জৰিয়তে এনে কাৰ্য সম্পাদন হয়। অন্তঃস্ৰাৱী তন্ত্ৰ আৰু স্নায়ুতন্ত্ৰই এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে।

অতিৰিক্ত তথ্য

  • প্ৰায়োগিক শৰীৰতত্ব
  • প্ৰতিৰক্ষা শৰীৰতত্ব
  • ব্যায়াম শৰীৰতত্ব
  • ফিজিঅ'ম

তথ্যসূত্ৰ

  1. "Definition of PHYSIOLOGY". Merriam-Webster. http://www.merriam-webster.com/dictionary/physiology আহৰণ কৰা হৈছে: August 16, 2012.
  2. "CellPhys Undergraduate Program". Cellphys.ubc.ca. http://www.cellphys.ubc.ca/undergrad.html আহৰণ কৰা হৈছে: 2012-03-10.
  3. "Physiology - History of physiology, Branches of physiology". www.Scienceclarified.com. http://www.scienceclarified.com/Ph-Py/Physiology.html আহৰণ কৰা হৈছে: 2010-08-29.
  4. Fell, C.; Griffith Pearson, F. (November 2007). "Thoracic Surgery Clinics: Historical Perspectives of Thoracic Anatomy". Thorac Surg Clin খণ্ড 17 (4): 443–8, v.. doi:10.1016/j.thorsurg.2006.12.001. http://linkinghub.elsevier.com/retrieve/pii/S1547412706001034.
  5. Feder, Martin E. (1987). New directions in ecological physiolog. প্ৰকাশক New York: Cambridge Univ. Press. ISBN 978-0-521-34938-3.
  6. Garland, Jr, Theodore; Carter, P. A. (1994). "Evolutionary physiology". Annual Review of Physiology খণ্ড 56 (56): 579–621. doi:10.1146/annurev.ph.56.030194.003051. PMID 8010752. http://www.biology.ucr.edu/people/faculty/Garland/GarlCa94.pdf.

বহিঃ সংযোগ

সাঁচ:Nobel Medicine সাঁচ:Biology-footer

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.