প্ৰতিজৈৱিক

প্ৰতিজৈৱিক (ইংৰাজী: Antibiotics) বা বেক্টেৰিয়ানাশক (Antibacterial) হৈছে বেক্টেৰিয়াজনিত সংক্ৰমণৰ চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ পদাৰ্থ।[1][2] এইবোৰে বেক্টেৰিয়াক ধংশ কৰে নাইবা সিহঁতৰ বৃদ্ধিত বাধা জন্মাই। কিছুমান প্ৰতিজৈৱিক ভেঁকুৰ আৰু প্ৰ'টজ'ৱাৰ বিপক্ষেও কাৰ্যকৰী, আৰু কিছুমান মানুহ তথা অন্য প্ৰাণীৰ বাবেও বিষাক্ত, তথাপিও ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণ পানীলগা বা ইনফ্লুৱেঞ্জাৰ দৰে ভাইৰাছজনিত সংক্ৰমণত প্ৰতিজৈৱিকে কাম নকৰে আৰু জধে মধে ব্যৱহাৰ কৰিলে ই অতিশয় অপকাৰ সাধন কৰিব পাৰে।

১৯২৯ চনত, আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আবিস্কাৰ কৰিছিল, প্ৰতিজৈৱিক গুণ সম্পন্ন প্ৰথম ৰাসায়নিক যৌগ। তেওঁ এবিধ ৰোগসৃষ্টিকাৰী বেক্টেৰিয়াৰ কৰ্ষণ কৰিছিল তেতিয়া তেওঁ এখন কৰ্ষণ ঠালিত ক্ষুদ্ৰ সেউজীয়া ভেঁকুৰৰ বৰ্ধন হোৱা দেখিলে। তেওঁ লক্ষ্য কৰিছিল যে সেই ভেঁকুৰৰ উপস্থিতিয়ে বেক্টেৰিয়াবোৰ ধংশ কৰে নাইবা সিহঁতৰ বৃদ্ধিত ব্যাঘাট জন্মায়।

প্ৰতিজৈৱিকৰ আবিস্কাৰে বিংশ শতিকাৰ চিকিৎসা বিজ্ঞানত বিপ্লৱৰ সূচনা কৰে, প্ৰতিষেধক ছিটা আৰু প্ৰতিজৈৱিকৰ ব্যৱহাৰৰ ফলত উন্নত দেশসমূহত যক্ষ্মাৰ দৰে ৰোগ প্ৰায় নিৰ্মূল কৰি পেলায়। ইহঁতৰ কাৰ্যকাৰিতা আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুবিধাৰ বাবে ইহঁতৰ মাত্ৰাধিক ব্যৱহাৰ হৈছে ফলস্বৰূপে বেক্টেৰিয়াবোৰেও প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। বৰ্তমান বিশ্বজুৰি ই এটা ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈছে, বিশ্ব স্বাস্থ্য সংস্থাই এই প্ৰতিৰোধতাক "serious threat [that] is no longer a prediction for the future, it is happening right now in every region of the world and has the potential to affect anyone, of any age, in any country" বুলি শ্ৰেণীকৰণ কৰিছে।[3] ১৯০৭ চনত আলফ্ৰেড বাৰ্ডেইম আৰু পল এৰলিছে চিফিলিছৰ চিকিৎসাত ব্যৱহাৰ হোৱা আৰ্ছফেনামাইনৰ সংশ্লেষণৰ লগে লগেই এণ্টিবেক্টেৰিয়েল কেম'থেৰাপিৰ যুগ আৰম্ভ হয় বুলি কোৱা হয়।[4][5] প্ৰথম প্ৰণালীবদ্ধ সক্ৰিয় প্ৰতিজৈৱিক ঔষধ প্ৰ'ণ্ট'ছিল গাৰ্হাৰ্ড ড'মাৰ্গে ১৯৩৩ চনত আবিস্কাৰ কৰিছিল,[5][6] ইয়াৰ বাবে তেঁওক ১৯৩৯ চনত ন'বেল বঁটাৰে সন্মানিত কৰা হৈছিল।

তথ্য সংগ্ৰহ

  1. "Antibiotics". NHS. 5 June 2014. https://www.nhs.uk/conditions/Antibiotics-penicillins/Pages/Introduction.aspx আহৰণ কৰা হৈছে: 17 January 2015.
  2. "Factsheet for experts". European Centre for Disease Prevention and Control. http://ecdc.europa.eu/en/eaad/antibiotics/Pages/factsExperts.aspx আহৰণ কৰা হৈছে: 21 December 2014.
  3. "WHO's first global report on antibiotic resistance reveals serious, worldwide threat to public health" (Press release). The World Health Organization. 30 April 2014. http://www.who.int/mediacentre/news/releases/2014/amr-report/en/ আহৰণ কৰা হৈছে: 21 December 2014.
  4. "The introduction of 'chemotherapy' using arsphenamine - the first magic bullet". J R Soc Med খণ্ড 102 (8): 343–8. 2009. doi:10.1258/jrsm.2009.09k036. PMID 19679737.
  5. Goodman, Louis S.; Gilman, Alfred (1941). The Pharmacological Basis of Therapeutics. প্ৰকাশক New York: Macmillan.
  6. "A brief history of the antibiotic era: lessons learned and challenges for the future". Frontiers in Microbiology খণ্ড 1: 134. 2010. doi:10.3389/fmicb.2010.00134. PMID 21687759.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.