পচন সাৰ

পচন সাৰ (pron.: /ˈpɒʃɒnxʌr/) জৈব-পদাৰ্থক (organic material) প্ৰাকৃতিক ভাৱে বিঘটন (Biodegradation) ঘটাই প্ৰস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মূখ্য অংগ। সাধাৰণ ভাৱে বিভিন্ন জৈবিক পদাৰ্থক (যেনে 'সেউজীয়া আবৰ্জনা' - গছপাত, ৰন্ধাঘৰৰ পেলনীয়া শাক-পাচলিৰ টুকুৰা আদি) পানীৰ সহযোগত এসপ্তাৰপৰা কেইবামাহলৈকো পচাই হিউমাচলৈ(humus) ৰূপান্তৰিত হ'বলৈ দি সহজতে পচন সাৰ প্ৰস্তুত কৰিব পাৰি। আধুনিক ব্যৱস্থিত প্ৰক্ৰিয়াত ইয়াক কেইবাটাও পৰ্য্যায়ত নিয়ন্ত্ৰিত ভাবে পানী, বায়ু, কাৰ্বন, বিভিন্ন নাইট্ৰজেন যুক্ত উপাদান আদি যোগান ধৰি তৈয়াৰ কৰা হয়। ইয়াৰ লগতে সোনকালে পচিবৰ বাবে কেঁচু, ভেঁকুৰ, বেক্টেৰীয়া আদি বিভিন্ন জৈব বিঘটক যোগ লৰি মাজে মাজে তল ওপৰ কৰি থকা হয়। মিশ্ৰনত থকা বায়ৱীয় (aerobic) বা অবায়ৱিক (enaerobic}} বেক্টেৰীয়াই আবৰ্জনাবোক তাপ, কাৰ্বন ডাইঅক্সাইড, এম'নিয়াআদিলৈ ৰূপান্তৰ কৰে। এম'নীয়া খিনি পাচৰ পৰ্য্যায়ত নাইট্ৰাইট আৰু নাইট্ৰেটলৈ পৰিবৰ্তিত হৈ উদ্ভিদৰ পোষক পদাৰ্থলৈ হিচাবে পৃথিৱীৰ নাইট্ৰজেন চক্ৰ(nitrogen cycle) ভাগ লয়। ইয়াক নাইট্ৰিফিকেশ্যন বোলে।

পচন সাৰত বিভিন্ন পোষক তত্ব থাকিব বা যোগ দিয়া হ'ব পাৰে। খেতিৰ মাটি প্ৰস্তুত কাৰক (soil conditioner), মাটিত হিউমাচ, হিউমিক এচিড, বিভিন্ন পোষক দ্ৰব্য আদি বিভিন্ন কামৰ উপৰিও ইয়াক মাটিত প্ৰাকৃতিক কীটনাশক (natural conditioner) যোগ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি। পৰিবেশ তন্ত্ৰৰ(ecosystem) হানি নঘটোৱাকৈ মাটিৰ ক্ষয়ীভৱন ৰোধ কৰা, দ মাটি পূৰন কৰা আদি কাৰ্য্যতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।

পচন সামগ্ৰীক 'অবায়ৱিয় পাচন' (anaerobic digestion) হ'বলৈ দিলে ই জৈৱ গেছ (biogas) নিৰ্গত কৰে। বৈকল্পিক তথা প্ৰকৃতিমুখী (eco friendly) ইন্ধন হিচাবে জৈৱ গেছ আজিকালি পৃথিৱীৰ বিভিন্ন স্থানত জনপ্ৰীয় হোৱা দেখা গৈছে।

উপাদান সমূহ

পাচক জীৱাণুবিলাকক ভালদৰে কাম কৰিবলৈ তলত দিয়া চাৰিটা প্ৰমুখ উপাদান হৈছে:

  • কাৰ্বন: বীজাণুবোৰৰ পাচন ক্ৰিয়াত কাৰ্বনৰ জৈৱিক দহনৰ ফলত তাপ উৎপন্ন হয়।[1] বেছি কাৰ্বনযুক্ত পদাৰ্থবোৰ দেখাত মুগা বৰণীয়া আৰু শুকান হয়।
  • নাইট্ৰজেন: অধিক জীৱাণুৰ সৃষ্টি হোৱাৰ বাবে অনুকুল পৰিবেশৰ সৃষ্টি কৰে। বেছি নাইট্ৰজেন যুক্ত উপাদানবোৰ সেউজীয়া আৰু সেমেকা হয়।[2]
  • অক্সিজেন: কাৰ্বনৰ দহনৰ বাবে।
  • পানী: উপযুক্ত পৰিমাণত পানী প্ৰয়োগ কৰি এনেৰ'বিক অৱস্থাৰ সৃষ্টি কৰে।

ওপৰোক্ত উপাদান সমূহ নিৰ্দিষ্ট অনুপাতত প্ৰয়োগ কৰিলে উপকাৰী বেক্টেৰীয়াবোৰে পোষক দ্ৰব্যসমূহৰ লগত দ্ৰুত বিক্ৰিয়া কৰিবলৈ অনুকুল পৰিবেশৰ সৃষ্টি হয়। ইয়াৰ ফলত জাবৰখিনিৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগতে পানীও(বাস্প) নিৰ্গত হয় আৰু অক্সিজেনৰ পৰিমাণো কমি যায়। এই ঘাটি হোৱা অক্সিজেনখিনি যোগান দিবলৈ মাজে মাজে মিশ্ৰণটো লৰাই দিয়াৰ প্ৰয়োজন হয়। ই যিমানেও বেছি গৰম হ'ব (১৩৫°-১৬০° ফাৰেণহাইট/৫০° - ৭০° চেলচিয়াচ) তাক আৰু অধিক পানী আৰু বায়ুৰ প্ৰয়োজন হ'ব। পানী আৰু বায়ুৰ মাত্ৰাৰ এক নিৰ্দিষ্ট পৰিমাণতকৈ বেছি হ'লেও বিক্ৰিয়াৰ হাৰ কমি যায়। তদুপৰি অধিক মাত্ৰাত কাৰ্বন বা কম মাত্ৰাত নাইট্ৰজেন পালেও বিক্ৰিয়াৰ আৰ কমি যায়।

কাৰ্বন আৰু নাইট্ৰ'জেনৰ ৩০:১ অনুপাতত সকলোতকৈ ভাল পাচন পোৱা যায়। প্ৰায় সকলো প্ৰাণী আৰু উদ্ভিদৰৰ শৰীৰতে কাৰ্বন আৰু নাইট্ৰজেন পোৱা যায় যদিও এই অনুপাত উৎস অনুসৰি বেলেগ বেলেগ হয়।[3]




তথ্য সংগ্ৰহ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.