ৰক্তচাপ

ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ (ইংৰাজী: Blood Pressure) বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।

ৰক্তচাপ
নিদান

A sphygmomanometer, a device used for measuring arterial pressure
MeSH D001795

এজন ব্যক্তিৰ ৰক্তচাপ চিছটলিক/ডিছট’লিক ৰক্তচাপৰ হিচাপত প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে, ১২০/৮০। চিছটলিক ৰক্তচাপে (উচ্চতম সংখ্যা) হৃদয়ে তেজ পাম্প কৰি পঠিয়াওঁতে শিৰাৰ ওপৰত পৰা চাপ বুজায়। ডিছট’লিক ৰক্তচাপে (নিম্নতম সংখ্যা) দুবাৰ পাম্প কৰাৰ মাজৰ সময়খিনিত শিৰাৰ ওপৰত থকা চাপৰ পৰিমাণ বুজায়। হৃদয়ে তেজ পাম্প কৰাৰ সময়ত ৰক্তচাপ সদায় বেছি থাকে।

এজন স্বাস্থ্যৱান লোকৰ চিছটলিক ৰক্তচাপ ৯০ৰ পৰা ১২০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে (mm Hg)। স্বাভাৱিক ডিছট’লিক ৰক্তচাপ ৬০ৰ পৰা ৮০ মিলিলিটাৰ পাৰাস্তম্ভৰ ভিতৰত থাকে। বৰ্তমান নিৰ্ণিত দিকদৰ্শণ মতে স্বাভাৱিক ৰক্তচাপ ১২০/৮০তকৈ কম থকা উচিত।

নিম্ন ৰক্তচাপ

নিম্ন ৰক্তচাপত (হাইপ’টেনচন) অতি কম পৰিমাণৰ তেজ শিৰাৰে প্ৰৱাহিত হোৱাৰ ফলত কিছুমান লক্ষণ আৰু উপসৰ্গই দেখা দিয়ে। তেজ প্ৰৱাহৰ পৰিমাণ অতি কম হোৱাৰ ফলত শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ, যেনে মগজু, হৃদয়, কিডনী আদিলৈ অক্সিজেন আৰু পুষ্টিৰ যোগান কমি যায়। ইয়াৰ ফলত উক্ত অংগবোৰে উপযুক্তভাৱে কাম-কাজ কৰিব নোৱাৰে আৰু স্থায়ী ক্ষতি হ’ব পাৰে।

উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপৰ নিৰ্ণয় তেজ কমকৈ পৰিবাহিত হোৱাৰ ফলত হোৱা লক্ষণ আৰু উপসৰ্গৰ ভিত্তিত কৰা হয়- প্ৰকৃত ৰক্তচাপৰ সংখ্যাগত জোখৰ পৰীক্ষাৰ দ্বাৰা নহয়। কোনো ব্যক্তিৰ যদি ৰক্তচাপ ৯০/৫০ থাকে আৰু নিম্ন ৰক্তচাপ ধৰণৰ লক্ষণ বা উপসৰ্গ দেখা নাযায়, তেন্তে নিম্ন ৰক্তচাপ নাই বুলি ধৰা হয়। আকৌ, কোনো স্বাভাৱিকভাৱে উচ্চ ৰক্তচাপ থকা লোকৰ যদি ৰক্তচাপ ১০০/৬০ লৈ নামে তেন্তে নিম্ন ৰক্তচাপৰ লক্ষণে দেখা দিয়ে।

মূৰ ঘূৰোৱা, অৱশ লগা আদিবোৰ নিম্ন ৰক্তচাপৰ বাবে হোৱা লক্ষণ। ইয়াক অৰ্থষ্টেটিক হাইপ’টেনচনো বোলা হয়। স্বাভাৱিক ব্যক্তিয়ে ঠিয় হৈ থকাৰ ফলত হোৱা নিম্ন ৰক্তচাপ কমিব পাৰে। কৰনেৰী ধমনীলৈ তেজ প্ৰৱাহিত কৰিব পৰাকৈ যদি ৰক্তচাপ নাথাকে তেন্তে ব্যক্তিৰ বুকুৰ বিষ হ’ব পাৰে বা হৃদযন্ত্ৰ বিকলো হ’ব পাৰে। কিডনীলৈ পৰ্য্যাপ্ত পৰিমাণৰ তেজ চলাচল নকৰিলে কিডনীয়ে শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ আতঁৰাব নোৱাৰে। উদাহৰণস্বৰূপে, ইউৰিয়া আৰু ক্ৰিয়েটিনিল। ফলত এইবোৰৰ মাত্ৰা তেজত বৃদ্ধি পায়। কিডনি, যকৃত, হাওঁফাওঁ, হৃদয় আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংগবোৰলৈ প্ৰয়োজনীয় তেজ প্ৰৱাহিত নোহোৱাৰ ফলত ঘনাই শ্বাস বন্ধ হ’ব পাৰে। ই কেতিয়াবা প্ৰাণঘাটিও হৈ পৰিব পাৰে।

উচ্চ ৰক্তচাপ

তেজৰ চাপ ১৩০/৮০তকৈ অধিক হ’লে উচ্চ ৰক্তচাপ বুলি ধৰা হয়। উচ্চ ৰক্তচাপ বা হাইপাৰটেনচন মানে ধমনীত উচ্চচাপৰ সৃষ্টি হোৱা। উচ্চ ৰক্তচাপে অত্যাধিক মানসিক চাপ নুবুজায়। অৱশ্যে আবেগিক চাপ আৰু হেঁচাই ক্ষণস্থায়ীভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। স্বাভাৱিক ৰক্তচাপ ১২০/৮০; ১২০/৮০ আৰু ১৩৯/৮৯ৰ মাজৰ ৰক্তচাপক প্ৰাক-হাইপাৰটেনচন বোলা হয়। আৰু ১৪০/৯০ বা ইয়াতকৈ বেছি হ’লে উচ্চ ৰক্তচাপ হয়। উচ্চ ৰক্তচাপৰ ফলত হৃদয়, কিডনী আদিত ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ধমনীবোৰ টান হৈ পৰিব পাৰে, চকু আৰু মগজুৰ ক্ষতি হ'ব পাৰে। উচ্চ ৰক্তচাপ নিৰ্ণয়ৰ বাবে সময়ে সময়ে পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় কথা। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখি হ'ব পৰা আন জটিলতাবোৰৰ পৰা আতঁৰি থাকিব পৰা যায়।

তথ্য সংগ্ৰহ

    • আইএনডিজি দল।

    অধিক পঢ়ক

    বাহ্যিক সংযোগ

    This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.