মানৱ উপস্থ


মানৱ উপস্থ (ইংৰাজী: Human penis) বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ (), মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়। উপস্থৰ মূল অংশকেইটা হ'ল আন্তঃ ভাগ (radix) , গা ভাগ (corpus) আৰু আৱৰণী কলা (epithelium) যিহেৰে উপস্থৰ দাণ্ডি (shaft) অংশৰ ছাল আৰু উপস্থৰ সন্মুখ অংশ ঢাক খাই থকা ছাল (foreskin)ৰ গঠন হয়। উপস্থৰ গা ভাগ তিনি তৰপীয়া কলাৰে নিৰ্মিত, ওপৰৰ ফালে দুই তৰপ corpora cavernosa আৰু দুয়োৰ মাজত তলৰ ফালে corpus spongiosum কলা দেখা যায় । মানৱ উপস্থত লিংগাস্থি () নাথাকে, কিন্তু অন্যান্য প্ৰায় সকলো স্তনপায়ী প্ৰাণী আৰু সকলো বন-মানুহৰ উপস্থত এডাল অস্থি বা হাড় থাকে যি ইয়াক স্থায়ী ভাবে কঠিন কৰি ৰাখে।[1]পুৰুষৰ ইউৰেথ্ৰা উপস্থৰ মাজেৰে গৈ প্ৰ'ষ্টেত গ্ৰন্থিবীৰ্যনলীৰ লগতো সংযুক্ত হয় ফলত উপস্থৰ ভিতৰেদি থকা মূত্ৰনলীয়েদি প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা প্ৰবাহিত হয়। উপস্থৰ শেষাংশত মূত্ৰনলীৰ খোলা বিন্ধাটোক ম্যেতেচ (meatus) বুলি কোৱা হয় যিহেৰে প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা শৰীৰৰ পৰা বাহিৰ হয়।

মানৱ উপস্থ
বিভিন্ন অংশ দৰ্শাই মানৱ উপস্থ
সিৰা Dorsal artery of the penis, deep artery of the penis, artery of the urethral bulb
ধমনী Dorsal veins of the penis
স্নায়ু Dorsal nerve of the penis
লসিকা Superficial inguinal lymph nodes
MeSH Penis

উপস্থৰ আধাৰ অংশত মূত্ৰনলীৰ লগত কৌপাৰ গ্ৰন্থিদ্বয়ৰ () পৰা অহা নলীৰো সংযোজন হয় যি নলীৰে যৌন উত্তেজনাৰ সময়ত ক্ষাৰকীয় শ্লেষ্মাৰ প্ৰাক-ক্ষৰণ ঘটে। এই কাৰ্যই মূল মূত্ৰনলীদালৰ ভিতৰ অংশ মসৃণ কৰে আৰু লগতে তাত থাকিব পৰা অৱশিষ্ট আম্লিক প্ৰস্ৰাৱক[2] প্ৰশমিত কৰি নলীদাল পৰিষ্কাৰ কৰে যাতে তেনে প্ৰস্ৰাৱে মূল-স্খলনৰ সময়ত ওলাই অহা শুক্ৰাণু () সমূহক নষ্ট কৰিব নোৱাৰে।[3]

উপস্থৰ অংশসমূহ

উপস্থৰ গঠন

তথ্য সংগ্ৰহ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.