মস্তিষ্ক

মস্তিষ্ক বা মগজু (brain) বুলিলে সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰৰূপে কাম কৰা অংগটোক বুজায়। কেৱল কেইবিধমান অমেৰুদণ্ডী প্ৰাণী যেনে স্প'ঞ্জ, জেলীফিছ, টুনিকে'ট আৰু ষ্টাৰফিছৰ মস্তিষ্ক নাথাকে; তাৰ সলনি এখন স্নায়ু জালিকা (nerve net) থাকে। মস্তিষ্ক মূৰৰ অংশত সাধাৰণতে প্ৰাথমিক সংবেদী অংগ যেনে দেখা, শুনা, সমতা ৰক্ষা, সোৱাদ লোৱা, গোন্ধ পোৱা আদি কাৰ্যৰ ইন্দ্ৰিয়ৰ ওচৰত থাকে। মেৰুদণ্ডীৰ প্ৰাণীৰ দেহত মস্তিষ্কই সকলোতকৈ জটিল অংগ। এটা সাধাৰণ মানুহৰ মগজুৰ চেৰিব্ৰেল কৰ্টেক্সত (সকলোতকৈ ডাঙৰ অংশ) প্ৰায় ১৫-৩৩ নিযুত স্নায়ুকোষ থাকে।[1] এই গোটেইবোৰ স্নায়ুসান্নিধ্যৰে (synapse) ইটোৱে-সিটোৰ লগত আৰু আন হাজাৰ হাজাৰ স্নাউকোষৰ লগত সংযুক্ত হৈ থাকে। এই স্নায়ুকোষবোৰে এক্সন নামৰ দীঘল ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধৰে তথ্যৰ আদান-প্ৰদান কৰে। এক্সনে সংকেতবোৰ গতি বিভৱ (action potential) হিচাপে মস্তিষ্কৰ আন অংশ বা বিশেষ লক্ষ্য কোষলৈ কঢ়িয়াই লৈ যায়।

এটা চিম্পাঞ্জীৰ মগজু

শৰীৰতত্ব অনুসৰি মগজুৰ কাম হৈছে দেহত আন অংগসমূহক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰা। মগজুৱে পেশীৰ সুনিৰ্দিষ্ট চালনা বা হৰম'ন নামৰ ৰাসায়নিক পদাৰ্থৰ নিঃসৰণেৰে দেহৰ আন অংশত কাম কৰে। পৰিবেশৰ সলনি হ'লে এই কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ ফলতে ক্ষিপ্ৰ আৰু সমন্বিত সঁহাৰি সম্ভৱপৰ হয়। স্নায়ুৰজ্জু বা প্ৰান্তীয় স্নায়ুগ্ৰন্থিয়ে প্ৰতীপ ক্ৰিয়াৰ দৰে কিছুমান প্ৰাথমিক সঁহাৰিত আগভাগ লয়, কিন্তু জটিল সংবেদনাৰ ওপৰত ভিত্তি কৰি আচৰণৰ উদ্দেশ্য-প্ৰণোদিত নিয়ন্ত্ৰণৰ বাবে তথ্যৰ সংঘবদ্ধ বিশ্লেষণ কৰিব পৰা মগজুৰ প্ৰয়োজন।

মস্তিষ্কৰ কোষবোৰৰ নিজাববীয়া কাৰ্যপ্ৰণালী প্ৰায় বুজি পোৱাটো এতিয়া সম্ভৱপৰ হৈছে কিন্তু নিযুত কোষৰ সমন্বিত কামৰ প্ৰক্ৰিয়া এতিয়াও সমাধান হোৱা নাই।[2] আধুনিক স্নায়ুবিজ্ঞানৰ শেহতীয়া আৰ্হিসমূহত মগজুক জৈৱিক কম্পিউটাৰ বুলি গণ্য কৰে যাৰ কাৰ্যপ্ৰণালী ইলেক্ট্ৰনিক কম্পিউটাৰতকৈ বহু পৃথক, কিন্তু কম্পিউটাৰ CPU-ৰ দৰে মহজুৱেও চাৰিওকাষৰ পৰা তথ্য আহৰণ আৰু জমা কৰি নানা ধৰণে বিশ্লেষণ কৰে।

এনাটমী

এন্দুৰৰ অ'ল্‌ফেক্টৰী বাল্বৰ এচকলা একেসময়তে দুটা ভিন বৰণৰে stain কৰা হৈছে: এটা ৰঙে স্নায়ুকোষৰ আৰু আনটো ৰঙে স্ঞাউ প্ৰেৰক গাবাৰ গ্ৰাহক কণাবোৰ দেখুৱাইছে।

বেলেগ বেলেগ প্ৰজাতিৰ মস্তিষ্কৰ গঠন আৰু আকাৰত যথেষ্ট পাৰ্থক্য আছে আৰু একে বৈশিষ্ট বিচাৰি পোৱাটো টান।[3] যি নহওক, প্ৰায়বোৰ প্ৰজাতিৰে মস্তিষ্কৰ গঠনে কিছুমান নীতি অনুসৰণ কৰে।[4] মস্তিষ্কৰ গঠনৰ কিছুমান দিশ সকলো প্ৰজাতিৰ প্ৰাণীৰে একে;[5] আনহাতে কিছুমান বৈশিষ্টই আদিম মগজুৰ পৰা "উচ্চ" পৰ্যায়ৰ মগজুক পৃথক কৰে, বা মেৰুদণ্ডীৰ পৰা অমেৰুদণ্ডী প্ৰাণীক পৃথক কৰে।[3]

খালি চকুৰে মগজুৰ ভিতৰ অংশত দুই প্ৰকাৰৰ কলা দেখা যায়- অলপ ডাঠ বৰণীয়া ধূসৰ কলা (grey matter) আৰু পাতল বৰণৰ শ্বেত কলা (white matter)। মগজুৰ চকলাত বিশেষ ৰাসায়নিক বৰণ (stain) প্ৰয়োগ কৰি নিৰ্দিষ্ট ধৰণৰ কলাৰ উপস্থিতি ধৰা পেলাব পাৰি। অণুবীক্ষণ যন্ত্ৰৰেও মগজুৰ কলাৰ গঠন পৰীক্ষা কৰিব পাৰি আৰু মগজুৰ এটা অংশৰ পৰা আন অংশৰ সংযোগ ধৰা পেলাব পাৰি।[6]

কোষৰ গঠন

স্নায়ুকোষে উৎপন্ন কৰা বৈদ্যুতিক সংকেত এক্সনৰ মাজেদি প্ৰৱাহিত হয়। এই বিদ্যুৎ তৰংগ স্নায়ুসান্নিধ্য পোৱাৰ লগে লগে এবিধ স্নায়ু প্ৰেৰক নিৰ্গত হয় যি আন কোষৰ গ্ৰাহক কণিকাৰ লগ লাগি সেইবোৰৰ বৈদ্যুতিক কাৰ্যপ্ৰণালীত প্ৰভাৱ পেলায়।

সকলো প্ৰজাতিৰে মস্তিষ্কত দুই প্ৰকাৰৰ প্ৰধান কোষ থাকে: স্নায়ুকোষ আৰু নিউৰ'গ্লিয়া (neuroglia)। নিউৰ'গ্লিয়া বা গ্লিয়া কেইবাপ্ৰকাৰৰো আৰু এইবোৰে গাঁথনি, বিপাক, বিকাশ আদি বিভিন্ন কাৰ্য সমাপন কৰে। আনহাতে স্নায়ুকোষক মস্তিষ্কৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কোষ বুলি গণ্য কৰা হয়।[7] বহু দূৰত থকা লক্ষ্য কোষলৈ সংকেত পঠিয়াব পৰা ক্ষমতাৰ বাবে স্নায়ুকোষ অনন্য।[7] এইবোৰে এক্সন নামৰ ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধৰে সংকেত প্ৰেৰণ কৰে। এক্সনৰ দৈৰ্ঘ্য বহু দীঘল হ'ব পাৰে।[8] এক্সনবোৰে সংকেতবোৰ গতি বিভৱ (action potential) নামৰ বিদ্যুৎ-ৰাসায়নিক তৰংগৰে পঠিয়ায়। গতি বিভৱবোৰ এক ছেকেণ্ডৰ এহেজাৰ ভাগৰ এভাগতকৈও কম সময় থাকে আৰু এক্সনৰ মাজেদি ১-১০০ মিটাৰ/ছেকেণ্ড গতিৰে যায়।[9]

এক্সনে আন স্নায়ুকোষলৈ স্নায়ুসান্নিধ্য (synapse) নামৰ বিশেষ সংযোগেৰে সংকেত প্ৰেৰণ কৰে।[7] এক্সনৰ মাজেদি অহা গতি বিভৱ এটা স্নায়ুসান্নিধ্য আহি পালে তাৰ পৰা স্নায়ু প্ৰেৰক (neurotransmitter) নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। এই স্নায়ু প্ৰেৰক গৈ লক্ষ্য কোষৰ গ্ৰাহক কণিকাৰ লগ লাগে।[7]

Neurons often have extensive networks of dendrites, which receive synaptic connections. Shown is a pyramidal neuron from the hippocampus, stained for green fluorescent protein.

স্নায়ুসান্নিধ্য মগজুৰ গুৰুত্বপূৰ্ণ কাৰ্যকৰী উপাদান।[10] মগজুৰ প্ৰয়োজনীয় কাৰ্য হৈছে কোষবোৰৰ মাজত যোগাযোগ স্থাপন আৰু স্নায়ুসান্নিধ্যৰ জৰিয়েতই এই যোগাযোগ হয়। মানুহৰ মগজুৰ প্ৰায় ১০০ ট্ৰিলিয়ন স্নায়ুসান্নিধ্য আছে বুলি ঠাৱৰ কৰা হৈছে;[11] আনকি মাখি (fruit fly) এটাৰো মগজুত কেইবা নিযুত স্নায়ুসান্নিধ্য থাকে।[12] স্নায়ুসান্নিধ্যৰ কাম ভিন ভিন: কিছুমানে কোষৰ উদ্দীপক (excitatory) ৰূপে কাম কৰে; কিছুমান নিবাৰক (inhibitory); কিছুমানে দ্বিতীয় বাৰ্তা প্ৰণালী (second messenger system) সক্ৰিয় কৰি তোলে যি লক্ষ্য কোষৰ আভ্যন্তৰীণ ৰাসায়নিক প্ৰক্ৰিয়া ভিন্ন প্ৰকাৰে সলায়। বিশ্বাস কৰা হয় যে স্নায়ুসান্নিধ্যৰ কাৰ্য-নিৰ্ভৰশীল পৰিৱৰ্তন (synaptic plasticity) শিক্ষণ আৰু স্মৃতিৰ (learning and memory) প্ৰাথমিক প্ৰক্ৰিয়া।[10]

মগজুৰ বেছিভাগ ঠাই এক্সনে অধিকাৰ কৰে আৰু কিছুমান ঠাইত গোট খাই স্নায়ুতন্তু পথৰ (nerve fiber tracts) সৃষ্টি কৰে। কিছুমান স্নায়ু মায়েলিন আৱৰণ নামৰ আৱৰণে ঢাকি ৰাখে যি সংকেত প্ৰেৰণৰ গতি বহুগুণে বঢ়াই তোলে (মায়েলিনবিহীন এক্সনো থাকে)। মায়েলিন বগা বৰণৰ বাবে কেৱল স্নায়ুতন্তু থকা মগজুৰ অংশই পাতল বৰণীয়া শ্বেত কলা গঠন কৰে, আৰু স্নায়ুকোষৰ দেহ ভাগ থকা মগজুৰ অংশই ডাঠ বৰণীয়া ধূসৰ কলা গঠন কৰে। [7]

তথ্যসূত্ৰ

  1. Pelvig, DP; Pakkenberg, H; Stark, AK; Pakkenberg, B (2008). "Neocortical glial cell numbers in human brains". Neurobiology of Aging খণ্ড 29 (11): 1754–1762. doi:10.1016/j.neurobiolaging.2007.04.013. PMID 17544173.
  2. Yuste, Rafael; Church, George M. (March 2014). "The new century of the brain". Scientific American খণ্ড 310 (3): 38–45. doi:10.1038/scientificamerican0314-38. PMID 24660326. http://www.columbia.edu/cu/biology/faculty/yuste/Publications/Yuste_Church_SciAm14.pdf.
  3. Shepherd, GM (1994). Neurobiology. Oxford University Press. পৃষ্ঠা. 3. ISBN 978-0-19-508843-4.
  4. Sporns, O (2010). Networks of the Brain. MIT Press. পৃষ্ঠা. 143. ISBN 978-0-262-01469-4. https://books.google.com/books?id=v1DBKE7-UrYC&pg=PA143.
  5. Başar, E (2010). Brain-Body-Mind in the Nebulous Cartesian System: A Holistic Approach by Oscillations. Springer. পৃষ্ঠা. 225. ISBN 978-1-4419-6134-1. https://books.google.com/books?id=NAbMHo-ux58C&pg=PA225.
  6. Singh, I (2006). "A Brief Review of the Techniques Used in the Study of Neuroanatomy". Textbook of Human Neuroanatomy. Jaypee Brothers. পৃষ্ঠা. 24. ISBN 9788180618086. https://books.google.com/books?id=bBMS013dmycC&pg=PA24.
  7. Kandel, Eric R.; Schwartz, James Harris; Jessell, Thomas M. (2000). Principles of neural science. প্ৰকাশক New York: McGraw-Hill. ISBN 978-0-8385-7701-1. OCLC 42073108.
  8. Douglas, RJ; Martin, KA (2004). "Neuronal circuits of the neocortex". Annual Review of Neuroscience খণ্ড 27: 419–451. doi:10.1146/annurev.neuro.27.070203.144152. PMID 15217339.
  9. Barnett, MW; Larkman, PM (2007). "The action potential". Practical Neurology খণ্ড 7 (3): 192–197. PMID 17515599.
  10. Shepherd, GM (2004). "Ch. 1: Introduction to synaptic circuits". The Synaptic Organization of the Brain. Oxford University Press US. ISBN 978-0-19-515956-1.
  11. Williams, RW; Herrup, K (1988). "The control of neuron number". Annual Review of Neuroscience খণ্ড 11: 423–453. doi:10.1146/annurev.ne.11.030188.002231. PMID 3284447.
  12. Heisenberg, M (2003). "Mushroom body memoir: from maps to models". Nature Reviews Neuroscience খণ্ড 4 (4): 266–275. doi:10.1038/nrn1074. PMID 12671643.

বাহ্যিক সংযোগ

সাঁচ:Portal bar

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.