পৰিৱেশ তন্ত্ৰ

পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্ৰৱৰ্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্ৰকাৰৰ জীৱক সাঙুৰি লোৱা (অৰ্থাৎ জৈৱ সম্প্ৰদায়) এটা সমষ্টি য’ত শক্তিৰ প্ৰৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদাৰ্থৰ চক্ৰীভৱন (অৰ্থাৎ জীৱিত আৰু নিৰ্জীৱ উপাংশৰ মাজত হোৱা পদাৰ্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নিৰ্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদাৰ্থৰ বিনিময় ঘটায়।

Coral reefs are a highly productive marine ecosystem.[1]
Rainforest ecosystems are rich in biodiversity. This is the Gambia River in Senegal's Niokolo-Koba National Park.

বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি – যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্ৰতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।

মূখ্য উৎপাদন ক্ষমতা প্ৰভাৱিত কৰা কাৰক সমূহ (Factor Affecting Primary Production):

কোনো এখন ঠাইৰ উৎপাদকতা নিৰ্ভৰ কৰে পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত। এইবোৰৰ তাৰতম্যৰ কাৰণতেই বিভিন্ন পৰিৱেশ তন্ত্ৰৰ প্ৰাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হয়। এই কাৰকবোৰ হ’ল, পোহৰ, উষ্ণতা, পানী, পোষক দ্ৰব্য, সালোক সংশ্লেষণৰ দক্ষতা, সৌৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্ৰকাৰ, আদ্ৰতা ইত্যাদি। মাটিত পৰ্য্যাপ্ত পৰিমাণৰ পানীৰ যোগান নিশ্বিত হলে ক্ৰান্তীয় অঞ্চলসমূহত গোটেই বছৰ ধৰি মূখ্য উৎপাদন অবিৰত ভাবে চলি থাকে। আনহাতে মেৰু অঞ্চলত অত্যাধিক শীতৰ বাবে মূখ্য উৎপাদন সীমিত হৌৱা দেখা যায়। প্ৰাথমিক উৎপাদন ক্ষমতা (Primary Productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary Productivity) ৰ মাজত পাৰ্থক্য। প্ৰাথমিক উৎপাদন ক্ষমতা গৌণ উৎপাদন ক্ষমতা 1. প্ৰাথমিক উৎপাদন ক্ষমতা হ’ল উৎপাদকে অজৈৱ বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ। 1. গৌণ উৎপাদন ক্ষমতা হ’ল উপভোক্তাই জৈৱিক বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।

2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে বহুত বেছি। 2. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে কম আৰু উৰ্দ্ধৰ পৌষ্টিক স্তৰৰ (Trophic level) ফালে ক্ৰমান্বয়ে কমি আহে।

3. ইয়াত অজৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়। 3. ইয়াত জৈৱ পদাৰ্থৰ পৰা জৈৱিক পদাৰ্থৰ সংশ্লেষণ হয়।

উৎপাদনৰ পৰ্য্যায় (Productivity levels):

উৎপাদনৰ পৰ্য্যায় ঠাই এডোখৰৰ উদ্ভিদ প্ৰজাতি, সিহঁতৰ সালোক সংশ্লেষণৰ ক্ষমতা, পোষক দ্ৰব্যৰ প্ৰাচুৰ্য্যতা, সূৰ্যৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্ৰকাৰ আৰু অন্যান্য কিছুমান পৰিৱেশিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। উৎপাদনক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱেশ তন্ত্ৰৰ উৎপাদনৰ পৰ্য্যায়ক তিনিটা ভাগত ভগোৱা হৈছে যেনে – অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ (High productivity ecosystem), সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Average productivity ecosystem), কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Less productivity ecosystem) আৰু অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Low productivity ecosystem)।

(i) অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰৰ ৰাহি মূখ্য উপাদান) Net productivity) প্ৰায় 2-4kg/m2/yr বা 20-40 ton/hac/yr সেইবোৰকে অধিক উৎপাদনশীল পৰিৱেশ তন্ত্ৰ বোলা হয়। উৎপাদকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি এনেকুৱা পৰিৱেশ তন্ত্ৰৰ দৈনিক উৎপাদন প্ৰায় 6-20gm/m2। এনেকুৱা উৎপাদন ক্ষমতা সাধাৰণতে ক্ৰান্তীয় অৰণ্য (Tropical forest), প্লাৱন ভূমি (Flood plain), প্ৰৱাল দ্বীপ (Coral reef), কুঁহিয়াৰৰ খেতিৰ পৰিৱেশ তন্ত্ৰত দেখিবলৈ পোৱা যায়।

(ii) সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এনেকুৱা পৰিৱেশ তন্ত্ৰবোৰত উৎপাদনৰ হাৰ 1-2kg/m2/yr বা 10-20ton/hac/yr আৰু দৈনিক হিচাবত উৎপাদন 3-5gm/m2। সাধাৰণ খেতিপথাৰ আৰু নাতিশীতোষ্ণ অঞ্চলৰ (Temperate) অৰণ্য সমূহ এই প্ৰকাৰৰ।

(iii) কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200-1000gm/m2 বা 2-10ton/hac আৰু দৈনিক হিচাবত0.5-3.0gm/m2। উদাহৰণ – তৃণভূমি।

(iv) অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বাৰ্ষিক উৎপাদন 200gm/m2 বা 2ton/hac তকৈও কম। কিছুমান মৰুভূমিৰ বছৰি উৎপাদন ক্ষমতা .03ton/hac বা ইয়াতকৈও কম।

বিয়োজন (Decomposition):

বিয়োজক জীৱৰ দ্বাৰা জটিল জৈৱ যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক পদ্ধতিৰে বিয়োজিত কৰাকে বিয়োজন বুলি কোৱা হয়। স্থলজ পৰিৱেশ তন্ত্ৰত মাটিৰ ওপৰৰ স্তৰটোৱেই হ’ল বিয়োজনৰ স্থান। উদ্ভিদৰ মৃত অংশ, মৃত প্ৰাণীৰ শৰীৰ, প্ৰাণীৰ শৰীৰৰ বৰ্জিত বস্তু আদিবোৰক অপৰদ (Detritus) বোলা হয়।

বিয়োজন পদ্ধতি (Decomposition processes):

বিয়োজনৰ ফলত মৰা পছা বস্তুবোৰ সম্পূৰ্ণৰূপে বিয়োজিত হৈ পৰিৱেশ তন্ত্ৰৰ লগত পুনৰায় মিলি যায় আৰু নতুন নতুন জীৱ প্ৰজন্মৰ শৰীৰত প্ৰৱেশ কৰে। বিয়োজন প্ৰক্ৰিয়াৰ স্তৰ সমূহ হ’ল – খণ্ডন (Fragmentation), নিক্ষালন (Leaching), অপচয় (Catabolism), হিউমিফিকেচন (Humification) আৰু খনিজীভৱণ (Mineralisation)।

(i) খণ্ডন (Fragmentation): অপৰদভোজী প্ৰাণীবোৰ (Detrivores) যেনে – উই পৰুৱা (Termites), গুৱৰুৱা পোক (Beetles), কেঁচু আদিয়ে মৰা পছা বস্তুবোৰক সৰু সৰু কণালৈ ভাঙি দিয়ে। ইয়াকে খণ্ডন প্ৰক্ৰিয়া বোলা হয়।

(ii) নিক্ষালন (Leaching): অজৈৱ পোষক দ্ৰব্যৰ কণাবোৰ পানীত দ্ৰবীভূত হৈ মাটিৰ তললৈ গৈ অপ্ৰাপ্তব্য লৱণ হিচাপে অৱক্ষেপিত হোৱাকে নিক্ষালন বোলা হয়।

(iii) অপচয় (Catabolism): বিয়োজক জীৱ যেনে – বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে উৎসেচকৰ সহায়ত অদ্ৰবনীয় জটিল জৈৱ যৌগবোৰক সৰল আৰু দ্ৰবনীয় জৈৱ যৌগলৈ পৰিৱৰ্তন কৰে। ইয়াকে অপচয় বোলা হয়।

(iv) হিউমিফিকেচন (Humification): অপৰদ আৰু অৱশিষ্ট জৈৱ যৌগবোৰৰ পৰা কলা ৰঙৰ অনিয়তাকাৰ পদাৰ্থ সৃষ্টি হোৱাকে হিউমিফিকেচন বোলা হয়। এই পদাৰ্থবোৰকে হিউমাছ বোলা হয়। এইবোৰৰ ওপৰত অনুজীৱবোৰে সহজে ক্ৰিয়া কৰিব নোৱাৰে আৰু এইবোৰ লাহে ধীৰে বিয়োজিত হয়। হিউমাছবোৰ কলয়ড্ প্ৰকৃতিৰ আৰু এইবোৰে পোষক দ্ৰব্যৰ ভড়াল হিচাপে কাম কৰে।

(v) খনিজীভৱণ (Mineralisation): জৈৱ যৌগৰ পৰা অজৈৱ লৱণ আৰু অজৈৱ যৌগবোৰক মুক্তকৰণ কৰা প্ৰক্ৰিয়াকে খনিজীভৱণ বোলা হয়।

অপৰদভোজী আৰু বিয়োজক জীৱৰ মাজত প্ৰৰ্থক্য:

           অপৰদভোজী (Detrivores)                            বিয়োজক জীৱৰ (Decomposers)
 1. অপৰদভোজীবোৰ হ’ল প্ৰাণী। এইবোৰে অপৰদ ভক্ষণ কৰি জীয়াই থাকে।  1. এইবোৰ হ’ল অনুজীৱ। এইবোৰে অৱশিষ্ট জৈৱ পদাৰ্থবোৰৰ পৰা পুষ্টি আহৰণ কৰে।
 2. অপৰদভোজীবোৰে মৰা পছা জৈৱ বস্তুবোৰ ভক্ষণ কৰে।             2. ইহঁতে উৎসেচক ক্ষৰণ কৰি জৈৱ পদাৰ্থবোৰৰ বিয়োজন ঘটায়।
 3. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে মৰা পছা জৈৱ বস্তুবোৰক        3. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে জৈৱিক বস্তুবোৰক হিউমিফিকেচন আৰু
    (অপৰদ) খণ্ড বিখণ্ড কৰে (Fragmentation)। অপৰদভোজী         খনিজীভৱণ কৰি পৰিৱেশ তন্ত্ৰত মুক্ত কৰি দিয়ে। বিয়োজক জীৱৰ উদাহৰণ হ’ল – চুড’মোনাছ 
    প্ৰাণীৰ উদাহৰণ হ’ল – কেঁচু, গুৱৰুৱা পোক।                     Pseudomonas)।

বিয়োজন নিয়ন্ত্ৰণকাৰী কাৰক (Factors controll the Decomposition):

অপৰদবোৰৰ বিয়োজনৰ হাৰ এইবোৰৰ ৰাসায়নিক প্ৰকৃতি, পৰিৱেশৰ উষ্ণতা, মাটিৰ আদ্ৰতা আৰু pH ৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰে শেষৰ তিনিটাই অপৰদভোজী আৰু বিয়োজক জীৱৰ কাৰ্যৰ ওপৰত প্ৰভাৱ পেলায়।

(i) উষ্ণতা: উচ্ছ উষ্ণতাই বিয়োজনৰ হাৰ বৃদ্ধি কৰে। বিশেষকৈ 300 চে. ৰ উষ্ণতাৰ পৰা ক্ৰমাগত উষ্ণতা বৃদ্ধিয়ে বিয়োজনৰ মাত্ৰা বঢ়ায়। এনেকুৱা উষ্ণতাত কেইসপ্তাহ মানৰ পৰা কেইমাহমান সময়ৰ ভিতৰতে অপৰদবোৰৰ বিয়োজন ঘটায়। আনহাতে কম উষ্ণতাত বিশেষকৈ 100 চে. উষ্ণতাৰ তলৰ ফালে বিয়োজনৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হোৱা দেখা যায়।

(ii) মাটিত আদ্ৰতা: বিয়োজনৰ বাবে মাটিত জলীয় বাষ্পৰ পৰিমানো অতি প্ৰয়োজনীয়। মৰুভূমিবোৰত জলীয় বাষ্পৰ পৰিমাণ কম আৰু সেয়েহে উষ্ণতা অধিক হোৱা স্বত্বেও ইয়াত বিয়োজনৰ হাৰ অতি কম। আকৌ অত্যাধিক জলীয় বাষ্পৰ মাত্ৰাও বিয়োজনক বাধা দিয়া দেখা যায় কিয়নো এনেকুৱা অৱস্থাত বিয়োজনৰ কাৰণে প্ৰয়োজনীয় অক্সিজেন আহৰণ বাধাপ্ৰাপ্ত হয়।

(iii) pH: প্ৰশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে। ইয়াৰ উপৰিও বিয়োজন প্ৰক্ৰিয়াৰ বাবে অক্সিজেনৰ প্ৰয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্‌নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমানে নাইট্ৰজেন তথা পানীত দ্ৰবণীয় শৰ্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্ৰতৰ হয়।

তথ্যসূত্ৰ

  1. Hatcher, Bruce Gordon (1990). "Coral reef primary productivity. A hierarchy of pattern and process". Trends in Ecology and Evolution খণ্ড 5 (5): 149–155. doi:10.1016/0169-5347(90)90221-X.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.