জৈৱ ৰসায়ন

জৈৱ ৰসায়ন (ইংৰাজী: Biochemistry) হৈছে জীৱিত প্ৰাণীৰ শৰীৰৰ ভিতৰত আৰু শৰীৰৰ লগত জড়িত সকলোধৰণৰ ৰাসায়নিক প্ৰক্ৰিয়া[1]৷বিংশ শতিকাৰ শেষ দশকৰ পৰা জীৱৰ জীৱন প্ৰক্ৰিয়াৰ জটিলতাসমূহ জৈৱৰসায়নৰ সহায়ত সফলভাৱে বৰ্ণনা কৰিব পৰা হৈছে৷আৰু বৰ্তমান সময়ত উদ্ভিদ বিজ্ঞান বা ঔষধ বিজ্ঞান বা বংশগতি বিজ্ঞান আদি জীৱবিজ্ঞানৰ প্ৰায় সকলো শাখা জৈৱ ৰসায়নৰ গৱেষণাৰ লগত জড়িত হৈ পৰিছে[2]৷বৰ্তমান সময়ত জৈৱ ৰসায়নৰ মূল লক্ষ্য হৈছে জীৱিত কোষৰ ভিতৰত জৈৱ অণুসমূহে কেনেকৈ বিভিন্ন প্ৰক্ৰিয়া সমাধা কৰে সেই কথা বুজি উঠা[3]৷যাৰ সহায়ত গোটেই প্ৰাণীদেহটো বুজি উঠা সম্ভৱ হ’ব৷[4]

জৈৱ ৰসায়ন আণৱিক জীৱবিজ্ঞানৰ লগত গভীৰভাৱে জড়িত৷য’ত ডি.এন্.এৰ ভিতৰত লুকাই থকা বংশগতিৰ তথ্যসমূহ বাহিৰ কৰি জীৱন প্ৰক্ৰিয়াৰ ৰহস্যসমূহ অধ্যয়ন কৰিবলৈ আণৱিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়[5]৷অধিকক্ষেত্ৰতে জৈৱৰসায়নে বৃহৎ জৈৱঅণু যেনে প্ৰ’টিন,কাৰ্বহাইড্ৰেট,নিউক্লিক এচিড আৰু লিপিডৰ গঠন,কাৰ্য আৰু ইহঁতৰ আন্তঃআণৱিক সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে৷এই জৈৱ অণুবোৰেই কোষৰ গঠন আৰু জীৱন প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰায়ভাগ কাম সমাধা কৰে৷[6]

জৈৱৰসায়নৰ আৱিষ্কাৰসমূহ চিকিৎসা,পৰিপুষ্টি আৰু কৃষিৰ ক্ষেত্ৰত প্ৰাথমিকভাৱে ব্যৱহাৰ কৰা হয়৷চিকিৎসাবিজ্ঞানত জৈৱৰসায়নে ৰোগৰ কাৰণ নিৰ্ণয় কৰা আৰু নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে[7]৷পৰিপুষ্টি বিজ্ঞানত জৈৱৰসায়নৰ সহায়ত সুস্বাস্থ্য বজাই ৰখা আৰু বিভিন্ন অভাৱজনিতৰোগৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা হয়[8]৷কৃষিবিজ্ঞানত মাটিৰ গুণাগুণ নিৰ্ণয় কৰা,ৰাসায়নিক সাৰ প্ৰস্তুত কৰা আৰু কীট-পতংগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত জৈৱৰসায়নে সহায় কৰে৷

ইতিহাস

প্ৰাচীন গ্ৰীকসকলৰ সময়ৰ পৰাই জৈৱৰসায়নৰ ইতিহাস আৰম্ভ হৈছে[9]৷জৈৱৰসায়নৰ আৰম্ভণিৰ মূখ্য দিশটোৰ ওপৰত নিৰ্ভৰ কৰি উণবিংশ শতিকা বা তাৰ কিছু আগৰ পৰাই জৈৱৰসায়ন বিষয়টো বিজ্ঞানৰ এটা পৃথক শাখা হিচাপে অধ্যয়ন কৰা হয়৷১৮৩৩ চনত আনচেল্ম পায়েন(Anselme Payen)অৰ দ্বাৰা প্ৰথমটো উৎসেচক ডায়াষ্টেজ(বৰ্তমান এমাইলেজ)ৰ আৱিষ্কাৰকেই বহুতে জৈৱৰসায়নৰ আৰম্ভণি বুলি কব খোজে[10]৷কোনোৱে ১৮৯৭ চনত ইডুৱাৰ্ড বুক্নাৰে(Eduard Buchner) এলকহলিক্ কিণ্বনৰ জটিল ৰাসায়নিক প্ৰক্ৰিয়া আৱিষ্কাৰ হোৱাৰ পৰাই জৈৱৰসায়নৰ আৰম্ভণি বুলি দাবী কৰে[11][12]৷১৮৪২চনত জুষ্টাচ ভন লিয়েবিগ(Justus von Liebig) নামৰ বিজ্ঞানীজনে প্ৰাণতত্ত্ব আৰু ৰোগনিৰূপণত প্ৰাণী ৰসায়ন আৰু জৈৱিক ৰসায়নৰ প্ৰয়োগ(Animal chemistry, or, Organic chemistry in its applications to physiology and pathology) নামৰ গৱেষণাত বিপাক ক্ৰিয়াৰ এটা দৰকাৰী ৰাসায়নিক সূত্ৰ আৱিষ্কাৰ কৰাৰ পৰাই জৈৱৰসায়নৰ আৰম্ভণি বুলি বহুতে আঙুলিয়াই দিয়ে[9]৷আকৌ কোনোৱে অষ্টাদশ শতিকাত এণ্টনি লেভয়ছিয়াৰে(Antoine Lavoisier) কৰা কিণ্বণ আৰু শ্বসন প্ৰক্ৰিয়ালৈ আগুৱাই যাব বিচাৰে[13][14]৷আন বহুতো জৈৱৰসায়নৰ বাটকটীয়া যিসকলে এই বিষয়টোৰ জটিলতাৰ আৱৰণখন আতৰাই সৰলীকৃত কৰিব বিচাৰিছিল তেওঁলোককো আধুনিক জৈৱৰসায়নৰ জনক হিচাপে অভিহিত কৰিব পাৰি৷উদাহৰণস্বৰূপে এমিল ফিচ্চাৰৰ(Emil Fische) প্ৰ’টিনৰ ৰসায়নৰ ওপৰত[15] আৰু এফ্.গৌলেণ্ড হপকিন্স(F. Gowland Hopkins)অৰ উৎসেচকৰ ওপৰত কৰা অধ্যয়ন৷[16]

জৈৱৰসায়ন শব্দটো জীৱ বিজ্ঞান(Biology) আৰু ৰসায়ন বিজ্ঞান(Chemistry) শব্দ দুটাৰ পৰা আহিছে৷ ১৮৭৭ চনত ফেলিক্স হপ্প্ চেলাৰে(Felix Hoppe-Seyler) Biochemistry শব্দটো Physiological Chemistryৰ সমাৰ্থক বুলি দাবী কৰে[17][18]৷জাৰ্মান ৰসায়নবিদ কাৰ্ল নিউবাৰ্গ(Carl Neuberg)অক ১৯০৩চনত জৈৱৰসায়ন জনক বুলি প্ৰায়ে কোৱা হয়[19][20][21]৷কিছু সন্মান ফ্ৰেঞ্জ হফমিষ্টাৰ(Franz Hofmeister)লৈকেও যায়৷[22]

জীৱবিজ্ঞানৰ ইতিহাসত এটা তাৎপৰ্যপূৰ্ণ আৱিষ্কাৰ হৈছে জিন আৰু ইয়াৰ বংশগতি চৰিত্ৰ পৰিবহণ সম্পৰ্কে আৱিষ্কাৰ৷ জৈৱ ৰসায়নৰ এই অংশটোক আণৱিক জীৱবিজ্ঞান বুলি কোৱা হয়‍[23]৷১৯৫০ জেমছ্ ডি. ৱাটছন(James D. Watson),ফ্ৰেন্সিচ্ ক্ৰিক্(Francis Crick),ৰোজালিণ্ড ফ্ৰেঙ্কলিন (Rosalind Franklin) আৰু মৌৰিচ উইল্কিণ্স(Maurice Wilkins) নামৰ বিজ্ঞানীকেইজনে ডি.এন.এৰ গঠন আৰু বংশগতি চৰিত্ৰ পৰিবহণ বিষয়ত তথ্য আগবঢ়ায়[24]৷১৯৮৮ কলিন পিট্চফৰ্ক(Colin Pitchfork) নামৰ হত্যাকাৰীজনকেইই প্ৰথম ব্যক্তি হিচাপে ডি.এন.এৰ প্ৰমাণৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হয়.[25] ৷এইয়াই ফৰেন্চিক চায়েন্স(forensic science) বিকাশৰ আৰম্ভণি৷

জীৱৰ ৰাসায়নিক মৌল

৯২টা প্ৰাকৃতিকভাৱে প্ৰাপ্ত মৌলৰ ভিতৰত ২ডজন মৌল জীৱন প্ৰক্ৰিয়াৰ বাবে দৰকাৰী৷মাত্ৰ ছটা মৌলই শৰীৰৰ ৯৯% ভৰ পূৰ কৰে৷সেইকেইটা হ’ল কাৰ্বন(carbon), হাইড্ৰ’জেন(hydrogen), নাইট্ৰ’জেন]](nitrogen), অক্সিজেন(oxygen),কেলছিয়াম(calcium),ফছফৰাছ( phosphorus)৷ [26]

জৈৱ অণু

জৈৱ অণুসমূহৰ চাৰিটা মূখ্য শ্ৰেণী হ’ল প্ৰ’টিন,কাৰ্বহাইড্ৰেট,নিউক্লিক এচিড আৰু লিপিড[27] ৷বেছিভাগ জৈৱ অণুসমূহেই হ’ল বহুযোগী৷একযোগীবোৰ হ’ল বহুতো সৰু সৰু অণু যিবোৰ লগ হৈ বৃহৎ বহুযোগী অণু গঠন কৰে৷একযোগীবোৰ লগ হৈ বহুযোগী গঠন কৰা প্ৰক্ৰিয়াটোক নিৰ্জল সংশ্লেষণ(Dehydration Synthesis) বুলি কোৱা হয়৷

কাৰ্বহাইড্ৰেট

শৰ্কৰাবোৰ হৈছে কাৰ্বহাইড্ৰেট,কিন্তু সকলো শৰ্কৰা কাৰ্বহাইড্ৰেট নহয়৷জৈৱঅণু সমূহৰ ভিতৰত কাৰ্বহাইড্ৰেটৰ সংখ্যাই বেছি৷

কাৰ্যাৱলী

  1. শক্তিৰ উৎস
  2. কোষৰ গঠনৰ উপাদান
  3. সংৰক্ষিত আহাৰ

কাৰ্ব’হাইড্ৰেটৰ শ্ৰেণীবিভাজন

কাৰ্ব’হাইড্ৰেটক গঠন আৰু সংযুতিৰ ওপৰত ভিত্তি কৰি চাৰিটা শ্ৰেণীত ভগাব পাৰি৷সেইকেইটা হ’ল

একশৰ্কৰা(Monosaccharide) দ্বিশৰ্কৰা(Disaccharide) অলিগ’শৰ্কৰা(Oligosaccharide) বহুশৰ্কৰা(Polysaccharide)

একশৰ্কৰা(Monosaccharide)

আটাইতকৈ সৰল কাৰ্বহাইড্ৰেট হৈছে একশৰ্কৰা(Monosaccharide)৷য’ত কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন ১:২:১ অনুপাতত থাকে৷সাধাৰণ সূত্ৰ হৈছে CnH2nOnয’ত nঅৰ মান কমেও তিনি হ’ব লাগে৷গ্লুক’জ হৈছে এটা উল্লেখযোগ্য কাৰ্বহাইড্ৰেট৷ফ্ৰুক্ট’জ নামৰ কাৰ্বহাইড্ৰেটটো ফলত পোৱা যায়[28]৷আটাইতকৈ সৰল একশৰ্কৰা হৈছে তিনি কাৰ্বনবিশিষ্ট ট্ৰায়জ(Triose),গ্লিচাৰেলডিহাইড(Glyceraldehyde) আৰু ডাইহাইড্ৰ’ক্সিএচিটন(Dihydroxyaceton)৷

দ্বিশৰ্কৰা(Disaccharide)

দ্বিশৰ্কৰা(Disaccharide) দুটা একে বা বেলেগ কাৰ্ব’হাইড্ৰেটৰ অণু লগ হৈ গঠিত হয়৷ইয়াৰ সাধাৰণ সূত্ৰ হৈছে Cn(H2O)n-1।উদাহৰণ চুক্ৰ’জ(),লেক্ট’জ(),মাল্ট’জ() আদি৷

অলিগ’শৰ্কৰা(Oligosaccharide)

এইবোৰ তিনিটাৰ পৰা ছটা একশৰ্কৰা লগ হৈ গঠিত হয়৷উদাহৰণস্বৰূপে ৰেফিন’জ(Raffinose),মেলেজিট’জ(Melezitose)৷

বহুশৰ্কৰা(Polysaccharide)

বহুশৰ্কৰাবোৰ ছটাতকৈ বেছি একশৰ্কৰা লগ হৈ গঠিত হয়৷উদাহৰণ ষ্টাৰ্চ(Starch) আৰু ডেক্সট্ৰিন(Dextrin)৷[29]

লিপিড

লিপিডে বিভিন্ন ধৰণৰ অণু সামৰি লয়৷এই অণুবোৰ জৈৱিক ক্ষেত্ৰৰ পৰা উদ্ভৱ হোৱা আৰু পানীত অদ্ৰৱণীয়৷যাৰ ভিতৰত মম(waxes),ফেটি এচিড(fatty acid),ফেটি এচিডৰ পৰা উদ্ভৱ হোৱা ফছফ’লিপিড(phospholipids), স্ফিংগ’লিপিড( sphingolipids), গ্লাইক’লিপিড(glycolipids)আৰু টাৰ্পেনইড( terpenoids) অন্তৰ্ভূক্ত৷

লিপিড এটা গ্লিচাৰল(Glycerol)ৰ অণু আৰু আন বেলেগ অণু লগ হৈ গঠিত হয়৷ট্ৰাইগ্লিচাৰাইড অণু এটা গ্লিচাৰল আৰু এটা ফেটি এচিড অণু লগ হৈ গঠন হয়৷এইক্ষেত্ৰত ফেটি এচিডবোৰ একযোগী বুলি গণ্য কৰা হয় আৰু ইহঁত সংপৃক্ত হ’ব পাৰে বা অসংপৃক্ত হ’ব পাৰে৷[30]

লিপিড দৈনিক খাদ্য তালিকাৰ অভিন্ন অংগ৷বেছিভাগ তেল আৰু গাখীৰৰ পৰা উৎপন্ন বস্তুত লিপিড থাকে৷কিছুমান লিপিড বিশেষকৈ ফছফ’লিপিড(Phospholipid) ভেষজবিজ্ঞানত ব্যৱহাৰ কৰা হয়৷

প্ৰ’টিন

প্ৰ’টিনৰ অণুবোৰ হৈছে ডাঙৰ অণু৷এইবোৰ এমাইন’ এচিড(Amino Acid) লগ হৈ গঠিত হয়৷এটা এমাইন’ এচিডৰ অণুত এটা কাৰ্বনৰ লগত চাৰিটা চাৰিটা বেলেগ বেলেগ গ্ৰুপ লগ হৈ গঠিত হয়৷সেয়া হ’ল এটা এমাইন(Amine,-NH2) গ্ৰুপ,এটা কাৰ্বক্সিলিক এচিড(Carboxylic acid,-COOH) গ্ৰুপ,এটা হাইড্ৰ’জেন(Hydrogen) আৰু এটা R-গ্ৰুপ৷এই R-গ্ৰুপটো বেলেগ বেলেগ এমাইন’ এচিডত বেলেগ বেলেগ হয়৷কিন্ত বাকী তিনিটা গ্ৰুপ একেই থাকে৷

দুটা এমাইন’ এচিড পেপ্টাইড বান্ধোনেৰে সংযোগ হৈ থাকে৷এই বান্ধোন হোৱাৰ সময়ত এটা পানীৰ অণু গুচি যায় আৰু এটা এমাইন’ এচিডৰ এমাইন গ্ৰুপৰ নাইট্ৰ’জেনটোৱে আন এটা এমাইন’ এচিডৰ কাৰ্বক্সিলিক এচিড গ্ৰুপৰ কাৰ্বনৰ লগত লগ হৈ বান্ধনিটো সম্পন্ন কৰে৷এনেকুৱা দুটা এমাইন’ এচিডক ডাইপেপ্টাইড বোলা হয়৷কেইবাটাও এমাইন’ এচিড(৩০টাতকৈ কম) লগ হৈ পলিপেপ্টাইড গঠন কৰে৷বহুত কেইটা এমাইন’ এচিড লগ হৈ দীঘল শৃঙ্খল গঠন কৰে যিটো এটা প্ৰ’টিনৰ অণু৷উদাহৰণ হিচাপে এলবুমিন প্ৰ’টিন ৫৮৫টা এমাইন’ এচিড লগ হৈ গঠন হয়৷[31]

প্ৰটিনৰ কাৰ্যাৱলী

  1. শৰীৰগঠনত প্ৰ’টিন অপৰিহাৰ্য৷অস্থি আৰু উপাস্থি গঠনত কলাজেন প্ৰ’টিন আৰু নখ-চুলি গঠনত কেৰাটিন প্ৰ’টিন লাগে৷
  2. শৰীৰৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰি ৰখা সকলোবোৰ উৎসেচক আৰু কিছু হ’ৰমন প্ৰ’টিনৰ দ্বাৰা গঠিত৷
  3. গ্ল’বুলিন(Globulin) প্ৰ’টিনে এণ্টিব’ডী গঠন কৰি শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাত সহায় কৰে৷
  4. এক্টিন(Actin) আৰু মায়’চিন(Myosin) প্ৰ’টিনে মাংসপেশীৰ সংকোচনত আৰু গ্ল’বিন(Globin) প্ৰ’টিনে আয়ৰণৰ সৈতে যুক্ত হৈ হিম’গ্ল’বিন গঠন কৰি তেজত অক্সিজেন পৰিবহণত সহায় কৰে৷

এইবোৰৰ বাহিৰেও আন বহুতো জীৱনৰক্ষী কামত বিভিন্ন প্ৰ’টিনে অংশগ্ৰহণ কৰে৷

নিউক্লিক এচিড

নিউক্লিক এচিড নাম দিয়াৰ মূলতে হৈছে ইয়াক কোষকেন্দ্ৰ(Neucleus)ত পোৱা যায়৷এইবোৰ জটিল,উচ্চ আণৱিক ভৰবিশিষ্ট জৈৱৰাসায়নিক বৃহৎ অণু যিয়ে আনুবংশিক চৰিত্ৰসমূহ কঢ়িয়াই নিয়ে[2]৷ইয়াৰ একযোগীসমূহক নিউক্লিঅ’টাইড(Neucleotide) বুলি কোৱা হয় যি তিনিটা মূল উপাদানেৰে গঠিত৷সেয়া হ’ল এটা পাঁচ কাৰ্বনযুক্ত শৰ্কৰা(Pentose Sugar),এটা ফছফেট গ্ৰুপ(Phosphate Group) আৰু এটা নাইট্ৰ’জেনযুক্ত আধাৰ বা ক্ষাৰক(Nitrogenous base)৷[32]

সাধাৰণতে উপলব্ধ নিউক্লিক এচিড হৈছে ডিঅক্সিৰাইব’নিউক্লিক এচিড আৰু ৰাইব’নিউক্লিক এচিড[33]৷পাঁচ কাৰ্বনযুক্ত শৰ্কৰা আৰু ফছফেট গ্ৰুপে নিউক্লিক এচিডৰ মেৰুদণ্ড গঠন কৰে৷নাইট্ৰ’জেনযুক্ত আধাৰে বংশগতি চৰিত্ৰ সমূহ কঢ়িয়াই নিয়ে৷নাইট্ৰ’জেনযুক্ত আধাৰকেইটা হৈছে এডেনিন(adenine),চাইট’ছিন(cytosine), গুৱানিন(guanine),থাইমিন( thymine) আৰু ইউৰেছিল( uracil)৷এডাল নিউক্লিক এচিডৰ নাইট্ৰ’জেনযুক্ত আধাৰসমূহ আন এডাল নিউক্লিক এচিডৰ নাইট্ৰ’জেনযুক্ত আধাৰৰ লগত হাইড্ৰ’জেন বন্ধনিৰ দ্বাৰা বান্ধ খাই থাকে৷এডেনিন(adenine),চাইট’ছিন(cytosine) আৰু গুৱানিন(guanine) এই তিনিটা ডিঅক্সিৰাইব’নিউক্লিক এচিড আৰু ৰাইব’নিউক্লিক এচিড দুয়োটাতে থাকে কিন্ত থাইমিন( thymine) অকল ডিঅক্সিৰাইব’নিউক্লিক এচিডত থাকে আৰু ইউৰেছিল( uracil) অকল ৰাইব’নিউক্লিক এচিডত থাকে৷

বংশগতিৰ চৰিত্ৰ পৰিবহণ কৰাৰ বাহিৰেও নিউক্লিক এচিডে দ্বিতীয় বাৰ্তাবাহক()ৰ ভূমিকা গ্ৰহণ কৰে৷লগতে প্ৰাথমিক শক্তিপৰিবাহী অণু এ.টি.পি(A.T.P)ৰ আধাৰ অণু হিচাপে কাম কৰে৷[34]

তথ্য সংগ্ৰহ

  1. "Biochemistry". acs.org. http://www.acs.org/content/acs/en/careers/college-to-career/areas-of-chemistry/biological-biochemistry.html.html.
  2. Voet (2005), p. 3.
  3. Karp (2009), p. 2.
  4. Miller (2012), p. 62
  5. Astbury (1961), p. 1124.
  6. Eldra (2007), p.45.
  7. Finkel (2009), pp. 1–4
  8. UNICEF (2010), p. 61, 75.
  9. Helvoort (2000), p. 81.
  10. Hunter (2000), p. 75.
  11. Hamblin (2005), p. 26.
  12. Hunter (2000), pp. 96–98.
  13. Berg (1980), p. 1-2
  14. Holmes (1987), p. xv
  15. Feldman (2001), p. 206.
  16. Rayner-Canham (2005), p. 136.
  17. Ziesak (1999), p. 169.
  18. Kleinkauf (1988), p. 116.
  19. Ben-Menahem (2009), p. 2982.
  20. Amsler (1986) p. 55.
  21. Horton (2013), p. 36.
  22. Kleinkauf (1988), p. 43.
  23. Tropp (2012), p. 2.
  24. Tropp (2012), pp. 19–20.
  25. Butler (2009), p. 5.
  26. Nielsen (1999), p. 283-303.
  27. Slabaugh (2007), p. 3-6.
  28. Whiting (1970), p. 1–31.
  29. TextBook of Veterinary Biochemistry,Author-RS Dhanotiya,Second Edition,Jaypee Brothers Medical Publishers(P)Ltd.
  30. Voet (2005), p. 382-385.
  31. Metzler 2001), p. 58.
  32. Saenger (1984), p. 84.
  33. Tropp (2012), pp. 5–9.
  34. Knowles (1980), pp. 877–919.

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.