কেঁচুসাৰ

কেঁচুসাৰ (ইংৰাজী: Vermicompost) হ’ল এবিধ জৈৱ সাৰ৷ ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়৷ কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে৷ এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়৷

কেঁচুসাৰত থকা উপযোগী উপাদানসমূহ

নাইট্ৰজেন ১.৫-২.৫%
কেলচিয়াম ০.৫-১.০%
ফচফৰাচ ০.৯-১.৭%
মেগনেছিয়াম ০.২-০.৩%
পটাচ ১.৫-২.৪%
চালফাৰ ০.৪-০.৫%

তাৰোপৰি আইৰণ, কপাৰ, জিংক, মেংগানিজ, মূল্যবান ভিটামিন এনজাইম আৰু জিবাৰলিনৰ নিচিনা হৰমনো থাকে ৷[1]

কেঁচু-সাৰ প্ৰস্তুতি

কেঁচু সংগ্ৰহ

পৃথিৱীত প্ৰায় ২৫০০ প্ৰজাতিৰ কেঁচু চিনাক্ত কৰা হৈছে যাৰ ভিতৰত প্ৰায় ৫০০টা প্ৰজাতি ভাৰতত পোৱা যায়। বিভিন্ন ধৰণৰ মাটিৰ সাপেক্ষে কেঁচুৰ বৈশিষ্ট্য পৰিৱৰ্তন হয় সেয়ে স্থানীয় মাটিত সেই স্থানৰ কেঁচুৰ সহায়ত জৈৱ সাৰ তৈয়াৰ কৰাটো এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। পেৰিওনিক্স এক্সক্যাভেটাচ আৰু লেম্পিটো মৌৰিটো এই দুইধৰণৰ কেচুয়েই সাধাৰণতে ভাৰতত ব্যবহৃত হয়। থলুৱা কেঁচু সংগ্ৰহৰ বাবে কেঁচু দেখা পোৱা মাটি চিনাক্ত কৰিব লাগে।। ৫০০ গ্ৰাম গুড় আৰু ৫০০ গ্ৰাম সঁতেজ গোঁবৰ ২ লিটাৰ পানীত দ্ৰৱীভূত কৰি ১মি x ১মি অঞ্চলত মাটিৰ উপৰিভাগত ভালকৈ চটিয়াই দিব লাগে। শুকান পাত জাবৰ-জোথৰ আদিৰে ঠাই ডোখৰ ঢাকি দিব লাগে। ২০ ৰ পৰা ৩০ দিনলৈকে সদায় পানী চটিয়াই দিব লাগে। কেইদিনমানৰ ভিতৰতে ঠাই ডোখৰত একেলগে বহুতো কেঁচুৰ জন্ম হ’য়।[2]

তৈয়াৰ কৰাৰ ঠাই আৰু প্ৰণাল

টেংক/চৌবাচ্চা

১৷ প্ৰথমে প্ৰয়োজন অনুযায়ী বাৰীত, বাগিচাত বা পথাৰত ইটা আৰু চিমেন্টেৰে যিকোনো জোখৰ টেংক/চৌবাচ্চা বনাই ল’ব লাগে। এই কামৰ বাবে আদৰ্শ জোখ হল উচ্চতা ২ ফুট, বহল ৩ ফুট আৰু দীঘল সুবিধা অনুযায়ী হ’ব লাগে (প্ৰায় ১৫ ফুট)৷

২৷ চৌবাচ্চাৰ তলত ১-২ ইঞ্চি গুৰি মাটি ছটিয়াই তাৰ ওপৰত ১-২ ইঞ্চি আধা পচা গোবৰ দিব লাগে৷

৩৷জৈৱৈক পদাৰ্থসমূহ সৰু সৰুকৈ কাটি লব লগে আৰু তাৰ ওপৰত গোবৰ পানী ছটিয়াব লাগে৷ এই জৈৱিক পদাৰ্থসমূহ ,শুকান পাত বা কৃষিজাত বৰ্জ্য পদাৰ্থ আৰু আধা পচা গোবৰ ৪-৫ ইঞ্চি ডাঠকৈ চৌবাচ্চাটোত তৰপে তৰপে জাপি যাব লাগে৷ মন কৰিব লাগে যাতে জাপি দিয়া জৈৱিক পদাৰ্থবোৰ ১.৫ ফুটতকৈ বেচি নহয়৷

৪৷ জৈৱিক পদাৰ্থৰ ওপৰত সঠিক প্ৰজাতিৰ কেঁচু এৰিব লাগে৷ সাধাৰণতে এক মেট্ৰিক টন সাৰ তৈয়াৰ কৰিবলৈ ১ ৰ পৰা ১.৫ কেজি কেঁচুৰ প্ৰয়োজন হয়৷

৫৷ বেডটো বেছি শুকান বা আৰ্দ্ৰ হব নালাগে। সঠিক আৰ্দ্ৰতা বজাই ৰাখিবলৈ জৈৱৈক পদাৰ্থসমূহত নিয়মিতভাবে পানী ছটিয়াই থাকিব লাগে। ইয়াৰ পিচত গাতটো চৌবাচ্চাটো পাত অথবা পুৰনি বস্তাৰে ঢাকি থব লাগে৷

৪৷মাজে মাজে কোৰ বা বেলচাৰে জৈৱ বৰ্জ্য পদাৰ্থবিলাক ভালকৈ ওলট-পালট কৰি মিহলাই দিব লাগে।


সাৰ সংগ্ৰহ

চালনিৰ সহায়ত কেঁচুবিলাকক পৃথক কৰা হৈছে
চালনিৰ ওপৰত ৰৈ যোৱা কেঁচু

১৷ পদাৰ্থবিলাক সামান্যভাৱে শুকান আৰু মিশ্ৰ সাৰ গাঢ় বাদামী ৰঙৰ হলে ই ব্যৱহাৰৰ বাবে প্ৰস্তুত হৈছে বুলি ধৰা হয়। দানাযুক্ত, ক’লা, পাতল আৰু হিউমাচ যুক্ত হ'ব।

২৷ বেডৰ ওপৰত কেঁচু মটাৰ উপস্থিতি দেখা পোৱা পালে (প্ৰায় ৬০-৯০ দিনৰ ভিতৰত) কেঁচুৰ মিশ্ৰ-সাৰ ব্যৱহাৰৰ বাবে গোটাব পৰা যায় । মিশ্ৰ-সাৰৰ পৰা কেঁচু পৃথক কৰিবলৈ বেড খালি কৰাৰ ২-৩ দিন আগতেই পানী দিয়া বন্ধ কৰিব লাগে। ইয়াৰ ফলত প্ৰায় ৮০ শতাংশ কেঁচু তললৈ গুচি যাব।

৩৷ চালনিৰ সহায়ত কেঁচুবিলাকক পৃথক কৰিব পৰা যায়। চালনিত থাকি যোৱা কেঁচু আৰু সামান্য ডাঠ পদাৰ্থ আকৌ গাতত পেলাই দি পদ্ধতিটো পুনৰায় আৰম্ভ কৰা হয়। মিশ্ৰসাৰৰ গোন্ধ মাটিৰ নিচিনা। যিকোনো বেয়া গোন্ধৰ উপস্থিতিয়ে পচন প্ৰক্ৰিয়াটো শেষ নোহোৱা আৰু বেক্টিৰিয়াৰ কাৰ্য-ক্ৰিয়া চলি থকাৰ ইঙ্গিত দিয়ে। বাহী গোন্ধ ওলোৱাই ভেঁকুৰ লগা বা অত্যাধিক তাপ পোৱাৰ কথা ইঙ্গিত কৰে যাৰ ফলত নাইট্ৰ’জেন কমি যাব পাৰে। এনে হ'লে বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে বা অধিক বৰ্জ পদাৰ্থ যোগ কৰি এই বিলাক শুকানে ৰাখি প্ৰক্ৰিয়াটো পুনৰাই আৰম্ভ কৰিব লাগে। ইয়াৰ পিচত মিশ্ৰসাৰখিনি চালনিৰে চালি লৈ পেকেটত ভৰাব লাগে।

৪৷উৎপন্ন হোৱা সাৰখিনি সূৰ্য্যৰ পোহৰ পৰা ঠাইত জমা কৰি ৰাখিব লাগে যাতে কেঁচুবিলাক লাহে লাহে তললৈ জেঁকাৰ ফালে গুচি যায়। দুই বা চাৰি কোঠালিযুক্ত গাথনিত প্ৰথম কোঠালিত পানী দিয়া বন্ধ কৰি দিলে কেঁচুবিলাক নিজে নিজে এটা কোঠালিৰ পৰা নিয়মিতভাৱে উপযুক্ত পৰিৱেশ ৰক্ষাহৈ থকা আন কোঠালিলৈ গুচি যায় আৰু প্ৰক্ৰিয়াটো অব্যাহত ভাৱে চলি থাকি নিয়মিত উৎপাদন হৈ থাকে।


প্ৰয়োগ

তৈয়াৰী কেঁচুসাৰ ঠৈলাত সংগ্ৰহ

১৷ ফল-মূলৰ খেতিত শস্যৰ বয়স অনুসাৰে প্ৰতিজোপাত ১-২ কেজি কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।

২৷ শাক-পাচলিৰ খেতিত প্ৰতি বৰ্গমিটাৰত ১.১-৫ কেজি কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।

৩৷ চাহ খেতিত প্ৰতিজোপা গছত ২০০ গ্ৰামকৈ কেঁচুসাৰ প্ৰয়োগ কৰিব পাৰি।

কেঁচু সাৰৰ উপকাৰিতাসমূহ

১৷ কেঁচুৱে বৰ্জিত জৈৱিক পদাৰ্থ বিলাক ক্ৰমাগতভাবে ভাঙি সৰু সৰু টুকুৰাত পৰিণত কৰে যাৰ ফলত উত্তম গঠনযুক্ত, বিহহীন উত্তম সাৰ তৈয়াৰ হয় আৰু উদ্ভিদৰ বৃদ্ধিৰ বাবে উত্তম মানদণ্ডৰ পৰিপুৰক হিচাপে কাম কৰে।

২৷ কেঁচুসাৰে মাটিত খনিজ পদাৰ্থৰ সাম্যতা বজায় ৰাখে, পুষ্টিৰ উপলব্ধতা বঢ়ায় আৰু জটিল দানা সাৰ হিচাপে কাম কৰে।

৩৷ কেঁচুসাৰ উৎপাদন প্ৰক্ৰিয়াত ৰোগ সৃষ্টিকাৰী অনুজীৱৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পায় ৷

৪৷ বৰ্জিত পদাৰ্থসমূহৰদ্বাৰা হোৱা পৰিৱেশ প্ৰদূশনৰ সমস্যা দূৰ কৰে।

৫৷ কেঁচুসাৰ উৎপাদন, অথৰ্নৈতিক বাবে দূৰ্বল আৰু যথাযথ সা-সুবিধা নোপোৱা শ্ৰেণীৰ বাবে পৰিপূৰক আয়ৰ উৎসৰূপে এটি লাভদায়ক কুটিৰ শিল্প হিচাপে গঢ়ি তুলিব পাৰি। ইয়াৰ দ্বাৰা অৰ্থ উপাৰ্জনৰ ওপৰিও খেতিয়কসকলক উন্নত মানৰ জৈৱ সাৰৰ যোগান ধৰি সমাজৰ প্ৰভূত উন্নতি সাধন কৰিব পৰা হয় ।

তথ্য সংগ্ৰহ

  1. http://assamagribusiness.nic.in/NEDFi/map30.pdf
  2. http://www.erfindia.org/local.asp
  • ফটো সংগ্ৰহ, তিলৈ চাহ বাগিচা

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.