মোৱামৰীয়া বিদ্ৰোহ

মোৱামৰীয়া বিদ্ৰোহ (১৭৬৯–১৮০৫) আছিল মায়ামৰা সত্ৰৰ ভক্ত মৰাণসকল আৰু আহোম ৰজাসকলৰ মাজত ১৮শ শতিকাত হোৱা সংঘাত। ইয়াৰ ফলত আহোম ৰজা আৰু ৰজাঘৰীয়াৰ বিৰুদ্ধে গণ-জাগৰণৰ সৃষ্টি হৈছিল আৰু দুবাৰকৈ আহোম ৰজাই ৰাজধানীৰ অধিকাৰ হেৰুৱাইছিল। পাছলৈ ৰাজধানী পুনৰ অধিকাৰ কৰোঁতে বহু প্ৰজাৰ মৃত্যু ঘটিছিল। আহোম ৰজাই সমগ্ৰ ৰাজ্য ঘূৰাই পোৱা নাছিল। উত্তৰ-পূবৰ বেংমৰা নামৰ অঞ্চল প্ৰায় স্বাধীন হৈ পৰে।

বিদ্ৰোহৰ পাছত আহোম ৰাজ্য দুৰ্বল হৈ পৰে। ৰাজ্যৰ প্ৰায় আধা প্ৰজা নাইকিয়া হয় আৰু অৰ্থনীতি বিধ্বস্ত হৈ পৰে।[1] দুৰ্বল আহোম ৰাজ্য মানে আক্ৰমণ কৰে আৰু পাছলৈ ব্ৰিটিছসকলে অসমত উপনিবেশ স্থাপন কৰে।

বিদ্ৰোহৰ কাৰণ

আহোম ৰাজ্যত প্ৰচলিত পাইক প্ৰথা পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু অৰ্থনীতিৰ লগত খাপ নোখোৱা হৈ আহিছিল। কেইবাখনো সত্ৰৰ উত্থানৰ হোৱাত পাইকৰ বাবে মানুহ কমি আহিছিল আৰু আহোম ৰজাঘৰীয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। মৰাণ জনগোষ্ঠীৰ লোকসকলে অনুসৰণ কৰা কাল-সংহতিৰ মায়ামৰা বা মোৱামৰীয়া সত্ৰই আন ৰাজসত্ৰসমূহৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আহোম ৰজাই এই কথা ভাল নাপাই মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেও লক্ষ্মী সিংহৰ দিনত আৰম্ভ হয় আৰু স্বৰ্গদেও কমলেশ্বৰ সিংহৰ দিনত শেষ হয়। ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ ৩৬ বছৰ জুৰি এই বিদ্ৰোহ চলিছিল। পাছলৈ মোৱামৰীয়া নেতাসকলে আহোম ৰজাৰ লগত মিট-মাট কৰে।[2]

সত্ৰ-আহোমৰ সংঘাত

শ্ৰীমন্ত শংকৰদেৱে ১৬শ শতিকাত মহাপুৰুষীয়া ধৰ্ম স্থাপন কৰি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে সামৰি লয়। সাধাৰণ লোকৰ বাবে এই ধৰ্ম‌ই সামাজিক আৰু অৰ্থনৈতিক উন্নতিৰ সুযোগ দিয়ে; আনহাতে পাইক প্ৰথাৰ পৰা সাৰিবলৈ সত্ৰবোৰ নিৰাপদ স্থানস্বৰূপ হৈ পৰে।

আহোম ৰজাই ইয়াৰ প্ৰতিকাৰ বিচাৰে। শাস্তিৰ পৰা সাৰিবলৈ স্বৰ্গদেও চুক্লেংমুঙৰ দিনত শংকৰদেৱ নিজেই কোচ ৰাজ্যলৈ পলাই যাবলগীয়া হয়। পাছৰ ৰজা প্ৰতাপ সিংহই কলাবাৰী আৰু কুৰুৱাবাহী সত্ৰ ধ্বংস কৰে। জয়ধ্বজ সিংহ‌ই এই নীতিৰ পৰিৱৰ্তন কৰে আৰু চুলিক্‌ফা ল'ৰা ৰজালৈকে তেওঁৰ উত্তৰসূৰীসকলে সত্ৰৰ লগত বুজাবুজিত উপনীত হ'বলৈ চেষ্টা কৰে। গদাধৰ সিংহই পুনৰ সত্ৰৰ দমন আৰম্ভ কৰে। তেওঁৰ পুত্ৰ ৰুদ্ৰ সিংহই ব্ৰাহ্মণ সত্ৰসমূহক প্ৰাধান্য দি অ-ব্ৰাহ্মণ তথা আহোম ৰাজ্যৰ বাবে ভীতিস্বৰূপ সত্ৰবোৰক এফলীয়া কৰিবলৈ চায়। এই নীতিয়ে কাম নিদিয়াত তেওঁ সত্ৰৰ প্ৰভাৱ কমাই আনিবলৈ শাক্ত ধৰ্মৰ প্ৰচাৰক সহায় কৰিবলৈ লয়। ইয়াৰ ফলত সংঘাত বৃদ্ধি পায়। শিৱ সিংহৰ ৰাজত্বত বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে সত্ৰসমূহৰ ওপৰত অমানুষিক অত্যাচাৰ চলায়। শেষত এই সংঘাতৰ ফলত ১৮শ শতিকাত মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত হয়।

প্ৰথম বিদ্ৰোহ

১৭৬৯ চনত ১৫ ছেপ্টেম্বৰত মায়ামৰা সত্ৰৰ এজন প্ৰধান শিষ্য ৰাঘ নেওগক প্ৰয়োজনীয় সংখ্যক হাতী যোগান নিদিয়াৰ বাব আহোম বিষয়ববীয়াই শাস্তি প্ৰদান কৰে। ৰাঘ নেওগে তিনিজন আহোম ৰাজকুমাৰক (লক্ষ্মী সিংহৰ এজন ভাতৃ মোহনমালা আৰু দুজন ভতিজাক) সিংহাসনৰ প্ৰলোভন দেখুৱায়। তেওঁলোকৰ সহায়ত নৱেম্বৰত ৰাঘ নেওহ, নাহৰখৰা শ‌ইকীয়া আৰু তেওঁৰ দুই পত্নী ৰাধা আৰু ৰুক্মিণীৰ নেতৃত্বত মৰাণসকলে বুঢ়ীদিহিঙৰ উত্তৰপাৰৰ অঞ্চল নিজৰ হাতলৈ আনে। ২১ নৱেম্বৰত বিদ্ৰোহীসকলে আহোম ৰাজধানী অধিকাৰ কৰি নাহৰখৰাৰ ৰমানন্দক সিংহাসনত বহুৱায়। আহোম ৰজা লক্ষ্মী সিংহক বন্দী কৰা হয়। সকলো উচ্চ বিষয়ববীয়াক বধ কৰি তিনিজন সাধাৰণ মৰাণ লোকক প্ৰধান গোহাঁইৰ পদ তিনিটা দিয়া হয়। ৰাঘ নেওগে নিহে বৰবৰুৱা পদ লয়।

ৰাজ্য চলোৱাত অনভিজ্ঞ বিদ্ৰোহীসকলে পূৰ্বৰ নেতাৰ পথেই অনুসৰণ কৰিবলৈ লয়। ৰাঘ নেওগে বহু উচ্চ পৰিয়ালৰ মহিলাক জোৰকৈ নিজৰ হাৰেমত ৰাখিছিল। এনে কৰ্ম-কাণ্ডত অসন্তুষ্ট অচাম বিদ্ৰোহীয়ে গোবিন্দ গাঁওবুঢ়াৰ নেতৃত্বত আৰু মণিপুৰৰ আহোম ৰমণী কুৰংগনয়নীৰ সহায়ত ১৭৭০ চনৰ ১১ এপ্ৰিলত ৰাঘক হত্যা কৰি ৰাজধানী উদ্ধাৰ কৰে। ইয়াৰ পাছত ৰমানন্দ, নাহৰখৰা, ৰাধা, ৰুক্মিণী, মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজদেৱ আৰু তেওঁৰ পুত্ৰ সপ্তভুজ আদি সকলোকে হত্যা কৰা হয়।

ৰাজধানী পুনৰুদ্ধাৰৰ পাছত চাগুনমুৰিত থকা বাকী বিদ্ৰোহীসকলে গোবিন্দ গাঁওবুঢ়াৰ নেতৃত্বত পুনৰ ৰজাক উফৰাবলৈ চেষ্টা চলায়। জনজাগৰণৰ চিন থকা এই বিদ্ৰোহত ব্যৱহাৰ হোৱা প্ৰধান অস্ত্ৰ আছিল বাঁহৰ লাঠী। তেওঁলোকৰ শ্লোগান আছিল "প্ৰজা-ঐ জৰৈৰোৱা, চেকনী-ঐ চপাই ধৰা"। এই বিদ্ৰোহক সেইবাবে "চেকনী কোবোৱা ৰণ" বোলা হয়। এখন ৰণত বৰপাত্ৰগোহাঁই আৰু ঢেকিয়াল ফুকনৰ মৃত্যু হয় আৰু বৰগোহাঁই কোনোমতে সাৰে। বিদ্ৰোহীসকল ৰংপুৰৰ ফালে অগ্ৰসৰ হওঁতে থাওৰাত বুঢ়াগোহাঁই, নতুন বৰপাত্ৰগোহাঁই, বৰগোহাঁই আৰু মণিপুৰী ৰজাৰ কিছু সৈন্য‌ই তেওঁলোকক বাধা দিয়ে। বিদ্ৰোহীসকল পৰাস্ত হয় আৰু গোবিন্দ গাঁওবুঢ়াক ধৰি মৃত্যুদণ্ড বিহা হয়।[3]

কিছুসংখ্যক বিদ্ৰোহীয়ে লেফেৰা, পৰমানন্দ আদিৰ নেতৃত্বত অৰণ্যত লুকাই গেৰিলা আক্ৰমণ চলাই যায়। ন-ফুকন আৰু ডেকা-ফুকনৰ বাহিনী তেওঁলোকৰ হাতত পৰাস্ত হ'লেও পাছলৈ বৰপাত্ৰগোহাঁইৰ সৈন্যক তেওঁলোকক নিচিহ্ন কৰে। বুঢ়াগোহাঁয়ে গাঁওবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰে আৰু বাকী থকা নেতা-বিদ্ৰোহীক হত্যা কৰে। অৱশিষ্ট লোকসকল পলাই বেলেগ বেলেগ ঠাইত থাকিবলৈ লয়। শেষত নোমল নামৰ অন্তিম নেতাজনক ধৰি শূলত দিয়া হয়।[4] ইয়াতে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰে।

দ্বিতীয় বিদ্ৰোহ (১৭৮২)

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ এক দশক পাছত ৰংপুৰ, গড়গাঁও আৰু দাতিকাষৰীয়া অঞ্চলৰ সাধাৰণ ৰাইজ কীৰ্তন বা আন ধৰ্মীয় গোটৰ অচিলা লৈ মিলিত হ'বলৈ আৰম্ভ কৰে। অসমৰ ভিন ভিন ঠাইত গোপন দল গঠিত হয় আৰু তেওঁলোকৰ মাজত কথা-বতৰা চলে। ১৭৮২ চনৰ এপ্ৰিলত বহাগ বিহুৰ সময়ত অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত এদল বিদ্ৰোহীয়ে স্বৰ্গদেও আৰু সঙ্গীবৃন্দক আক্ৰমণ কৰে। ৰজা কোনোমতে পলাই সাৰে। বিদ্ৰোহীসকলে ৰংপুৰ আৰু গড়গাঁৱত প্ৰৱেশ কৰি বহুতো বিষয়াক বন্দী কৰে। অৱশ্যে আহোম বাহিনীৰ পাছৰ প্ৰত্যাক্ৰমণবোৰত বিদ্ৰোহীসকল ছেদেলি-ভেদেলি হৈ পৰে। ইয়াৰ পাছত প্ৰায় দেৰ মাহলৈ মৰাণসকলৰ হত্যালীলা চলোৱা হয়। হাজাৰ-হাজাৰ সাধাৰণ পাইকৰ মৃত্যু হয় আৰু কিছুমান ওচৰৰ ৰাজ্যলৈ পলাই যায়। ফলত আহোম ৰাজ্যৰ অৰ্থনীতি দুৰ্বল হৈ পৰে।[5]

তৃতীয় বিদ্ৰোহ

প্ৰথম দুবাৰ বিদ্ৰোহৰ পাছত আহোম প্ৰশাসন ইতিমধ্যেই দুৰ্বল হৈ পৰিছিল। এইবাৰ মৰাণসকলৰ লগত বড়ো-কছাৰীসকলেও যোগদান কৰে। ১৭৮৬ চনত হৰিহৰ তাঁতীয়ে মোৱামৰীয়া আৰু দফলা-বহতীয়া লোকৰ এদল সৈন্য সাজু কৰে। তেওঁলোকে মাজুলীৰ আউনীআটী সত্ৰত থকা মৃত মায়ামৰা সত্ৰাধিকাৰৰ নাতি পীতাম্বৰক উদ্ধাৰ কৰে। লগতে আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ আৰু দক্ষিণপাট সত্ৰত জুই লগাই দিয়ে। তেওঁলোকে ৰংপুৰ আগুৰি ধৰাত ১৭৮৮ চনৰ ১৯ জানুৱাৰীত ৰজা গৌৰীনাথ সিংহ আৰু বিষয়ববীয়াই পলায়ন কৰে। উদ্ধাৰ কৰা অঞ্চলৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ হৰিহৰ তাঁতীয়ে, মাজুলী হৌহ‌ই আৰু বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া) সৰ্বানন্দ‌ই শাসন কৰিবলৈ লয়। ভৰতক ৰজা ঘোষণা কৰা হয়। ভৰত আৰু সৰ্বানন্দৰ নামত নিয়মীয়াকৈ মোহৰ সজা হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে তেওঁলোকক উফৰাবলৈ কৰা চেষ্টা কিছুকাল পাছত বাদ দি যোৰহাটত থিতাপি লয়। আন আহোম বিষয়ববীয়াই দৰঙত থিতাপি লয়। গৌৰীনাথ সিংহ‌ই প্ৰথমে নগাঁৱত বাহৰ পাতি ১৭৯২ চনৰ ১১ জুনত গুৱাহাটীলৈ যায়।

অৱশেষত আহোম বিষয়া আৰু অসমত বেপাৰ কৰা ইংৰাজসকলে কলিকতাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বিদ্ৰোহ দমনৰ বাবে অনুৰোধ কৰে। ১৭৯২ চনৰ ছেপ্টেম্বৰত ব্ৰিটিছ গৱৰ্ণৰ কৰ্ণৱালিছৰ নিৰ্দেশত থমাছ ৱেল্‌ছে ৫৫০ জনীয়া এটা সুসজ্জিত দল লৈ অসমলৈ আহে। তেওঁলোকে ১৭৯২ চনৰ ২৪ নৱেম্বৰত গুৱাহাটী অধিকাৰ কৰে আৰু ১৭৯৪ চনৰ ১৮ মাৰ্চত ৰংপুৰ অধিকাৰ কৰে। গোৰীনাথ সিংহৰ পৰা বিপুল পৰিমাণৰ ধন লাভ কৰি ২৫ মে'ত ব্ৰিটিছ সৈন্য কলিকতালৈ ঘূৰি যায়। ১৭৯৪ চনত যোৰহাটত গৌৰীনাথ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ ঠাইত কমলেশ্বৰ সিংহ ৰজা হয়।

বিদ্ৰোহৰ সমাপ্তি

ইংৰাজ সৈন্যৰ পৰাক্ৰম দেখি আহোম প্ৰশাসনে "পাইক" সৈন্যৰ ঠাইত দৰ্মহা দি বেছিভাগ হিন্দুস্তানী সৈন্যৰ বাহিনী গঠন কৰে। ১৭৯৬ চনত বিদ্ৰোহী ফোপাইক আৰু ১৭৯৯ চনত ভৰতক ধৰি হত্যা কৰা হয়। ১৮০২ আৰু ১৮০৬ চনত বহু চেষ্টাৰ অন্ততো বেংমৰা অঞ্চল সৰ্বানন্দ‌ই সুৰক্ষিত কৰি ৰাখে। তেওঁক বৰসেনাপতি উপাধি দি মটক অঞ্চল এৰি দিয়া হয়।

টোকা

তথ্যসূত্ৰ

  • Baruah, S. L. (1993), Last Days of Ahom Monarchy, প্ৰকাশক New Delhi 
  • Gait, Edward A. (1906), A History of Assam, প্ৰকাশক Calcutta 
  • Guha, Amalendu (1991), Medieval and Early Colonial Assam, প্ৰকাশক Calcutta: K P Bagchi 
  • Sharma, Chandan Kumar (1996), Socio-Economic Structure and Peasant Revolt : The Case of Moamoria Upsurge in the Eighteenth Century Assam, প্ৰকাশক Delhi 
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.