ভাৰতৰ জাতীয় পতাকা


ভাৰতৰ জাতীয় পতাকা
ত্ৰিৰঙ্গা
নাম ত্ৰিৰঙ্গা
ব্যৱহাৰ জাতীয় পতাকা
অনুপাত ২:৩
গ্ৰহন কৰা তাৰিখ ২২ জুলাই, ১৯৪৭
সজ্জা আনুভূমিক ত্ৰিবৰ্ণৰঞ্জিত পতাকা (গেৰুৱা, বগা আৰু সেউজীয়া)। সোঁমাজত চৌব্বিশডাল দণ্ডসম্বলিত এটি গাঢ় নীলা ৰঙৰ চক্ৰ।
সজ্জাৰ আৰ্হি প্ৰস্তুতকৰ্তা  পিঙ্গলি ভেংকয়া[N 1]

ভাৰতৰ জাতীয় পতাকা (ইংৰাজী: National flag of India) হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা "অশোকচক্ৰ" সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা" বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা" বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ" পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল।

আইনত:, কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। উৎপাদনৰ অধিকাৰ খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। এই কমিশ্যনে বিভিন্ন আঞ্চলিক গোষ্ঠীক উৎপাদনৰ অধিকাৰ দিব পাৰে। ২০০৯ চনৰ তথ্য অনুযায়ী, কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ জাতীয় পতাকাৰ একমাত্ৰ উৎপাদক।

পতাকাৰ ব্যৱহাৰবিধি "ভাৰতীয় পতাকাবিধি" আৰু জাতীয় প্ৰতীকাদি সংক্ৰান্ত অন্যান্য আইন অনুসৰি নিয়ন্ত্ৰিত হয়। পুৰণা বিধি অনুযায়ী, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস সহ অন্যান্য জাতীয় দিৱসৰ বাদে সাধাৰণ নাগৰিকে পতাকা উত্তোলন কৰিব নোৱাৰে। ২০০২ চনত, এজন নাগৰিকৰ আপিলৰ ভিত্তিতে ভাৰতীয় উচ্চতম ন্যায়ালয়ে সাধাৰণ নাগৰিকসকলক জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি দিয়াৰ বাবে ভাৰত চৰকাৰক পতাকাবিধি সংস্কাৰৰ নিৰ্দেশ দিয়ে। সেই মতে ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে পতাকাবিধি সংস্কাৰ কৰি কেইটামান সীমিত ক্ষেত্ৰত জাতীয় পতাকাৰ ব্যৱহাৰ অনুমোদিত কৰে। ২০০৫ চনত পতাকাবিধি পুনৰায় সংশোধন কৰি কেইটামান বিশেষ ধৰণৰ বস্ত্ৰ ব্যৱহাৰৰ অতিৰিক্ত ব্যবস্থা কৰা হয়। পতাকা উত্তোলনৰ প্ৰথা আৰু অন্যান্য জাতীয় আৰু অ-জাতীয় পতাকাবিলাকৰ লগত জাতীয় পতাকা ব্যৱহাৰৰ বিধিও পতাকাবিধিত উল্লেখ আছে।

ইতিহাস

ঊনবিংশ শতাব্দীত ভাৰত আছিল ব্ৰিটিছ শাসনৰ অধীনত। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ আগে আগে বিভিন্ন দেশীয় ৰাজ্যৰ শাসকসকলে ভিন্ন ভিন্ন নক্সাৰ একাধিক পতাকা ব্যৱহাৰ কৰিছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰত প্ৰত্যক্ষভাবে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ আহে। ভাৰতৰ তদানীন্তন ব্ৰিটিছ শাসকবৰ্গই প্ৰথমে এখন ভাৰতীয় পতাকাৰ ধাৰণাটি উত্থাপন কৰে। পাশ্চাত্য হেৰাল্ডিক আদৰ্শত নিৰ্মিত ষ্টাৰ অফ ইণ্ডিয়া আছিল কানাডা আৰু অষ্ট্ৰেলিয়াসহ অন্যান্য ব্ৰিটিছ উপনিবেশৰ পতাকাসমূহৰ সমৰূপীয়। ব্লু আৰু ৰেড এনচাইন পতাকাদুখনৰ ঊৰ্ধ্বত-বাম কোয়াড্ৰ্যান্টত থাকিছিল ইউনিয়ন ফ্লেগ আৰু দক্ষিণাৰ্ধ্বৰ মাজভাগত ৰাজমুকুট-বেষ্টিত এটা ষ্টাৰ অফ ইণ্ডিয়া। ষ্টাৰটো যে "ভাৰতীয়ত্ব"-ৰ প্ৰকাশক, তাক বুজাবলৈ ৰাণী ভিক্টোৰিয়াই তেওঁৰ ভাৰতীয় প্ৰজাবৰ্গৰ প্ৰতিনিধিস্বৰূপ সাম্ৰাজ্যৰ সেৱাত "নাইট কম্যাণ্ডাৰ অফ দি অৰ্ডাৰ অফ দ্য ষ্টাৰ অফ ইণ্ডিয়া" নামৰ এটা পদ সৃষ্টি কৰিছিল। ইয়াৰ পাছত সকলো দেশীয় ৰাজ্য বিকৃত ৰেড এনচাইন উড্ডীয়নৰ অধিকাৰ সহ ইউৰোপীয় হেৰাল্ডিক মাপকাঠি-সম্মত প্ৰতীকসহ পতাকা লাভ কৰে।[1][2]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড এনচাইনে ব্ৰিটিছৰ ওচৰত ভাৰতৰ প্ৰতিনিধিৰৰূপে সৰ্বাপেক্ষা অধিক গুৰুত্ব অৰ্জন কৰিছিল। লিগ অফ নেশ্যনচ আৰু ১৯৪৫-৪৭ সময়ত জাতিসংঘই এই পতাকাকেই ভাৰতৰ পতাকা হিচাবে ব্যৱহাৰ কৰে।[3]

বিংশ শতাব্দীৰ প্ৰাৰম্ভণিতেব্ৰিটিচ ঔপনিবেশিক শাসনৰ কবলৰ পৰা মুক্তিলাভৰ উদ্দেশ্যে ভাৰতৰ স্বাধীনতা আন্দোলনে তাৰ গুৰুত্ব অৰ্জন কৰিবলৈ আৰম্ভ কৰিলত, এখন জাতীয় পতাকাৰ প্ৰয়োজনীয়তা বিশেষভাবে অনুভূত হয়। ১৯০৪ চনত স্বামী বিবেকানন্দআইৰিচ শিষ্যা ভগ্নী নিবেদিতাই ভাৰতৰ প্ৰথম জাতীয় পতাকাৰ ৰূপদান কৰে। এই পতাকাখন ভগিনী নিবেদিতাৰ পতাকা নামেৰে অভিহিত হয়। ৰঙা চতুষ্কোণাকাৰ এই পতাকাৰ কেন্দ্ৰত আছিল বজ্ৰ আৰু শ্বেতপদ্ম সম্বলিত এটি হালধীয়া ইনচেট। পতাকাত "বন্দে মাতৰম" কথাষাৰ বাংলাত লিখা আছিল। ৰঙা ৰং আছিল স্বাধীনতা সংগ্ৰামৰ প্ৰতীক, হালধীয়া বিজয়ৰ আৰু শ্বেতপদ্ম পবিত্ৰতাৰ প্ৰতীক।

১৯০৬ চনৰ ৭ আগষ্টত কলকাতাৰ পাৰ্চিবাগান স্কোয়াৰত বংগ ভংগ বিৰোধী এখন সভাত প্ৰথম ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলিত হয়। এই পতাকা উত্তোলন কৰে শচীন্দ্ৰপ্ৰসাদ বসুৱে। পতাকাখন কলকাতা পতাকা নামেৰে পৰিচিত হয়। এই পতাকাৰ উপৰ, মধ্য আৰু তলত যথাক্ৰমে কমলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ তিনিটি আনুভূমিক ভাগ আছিল। উপৰৰ ভাগটোত আঠপাহ অৰ্ধ-প্ৰস্ফুটিত পদুম আৰু তলৰ ভাগত সূৰ্য আৰু অৰ্ধচন্দ্ৰ অঙ্কিত আছিল। মাজত দেৱনাগৰী হৰফত লিখিত আছিল "বন্দে মাতৰম" কথাষাৰ।[4]

১৯০৭ চনৰ ২২ জুলাইত জাৰ্মানীৰ স্টাটগাৰ্ট চহৰত ভিখাজি কামাই অন্য এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা উত্তোলন কৰে। এই পতাকাৰ উপৰত আছিল সেউজীয়া, মাজত গেৰুৱা আৰু তলত আছিল ৰঙা ৰং। সেউজীয়া ৰং আছিল ইছলামৰ প্ৰতীক আৰু গেৰুৱা হিন্দু আৰু বৌদ্ধধৰ্মৰ প্ৰতীক। সেউজীয়া ভাগটোৰ ওপৰত ব্ৰিটিছ ভাৰতৰ আঠখন প্ৰদেশৰ প্ৰতীক হিচাবে আঠপাহ পদুমৰ শাৰী অঙ্কিত আছিল। মাজৰ ভাগত দেৱনাগৰী হৰফত "বন্দে মাতৰম" কথাষাৰ লিখা আছিল আৰু তলৰ ভাগত পতাকাদণ্ডৰ ফালে অৰ্ধচন্দ্ৰ আৰু উত্তোলনৰভাগটোৰ ফালে এটা সূৰ্য অঙ্কিত আছিল। ভিখাজি কামা, বীৰ সাভাৰকৰ আৰু শ্যামজি কৃষ্ণ বৰ্মাই একেলগে এই পতাকাৰ নক্সা অঙ্কন কৰিছিল।[4] প্ৰথম বিশ্বযুদ্ধৰ শেষ হোৱাৰ পাছত বাৰ্লিন কমিটিত ভাৰতীয় বিপ্লৱীসকলে এই পতাকাখন গ্ৰহণ কৰে। সেই তেতিয়াৰ পৰাই ই বাৰ্লিন কমিটি পতাকা নামেৰে অভিহিত হয়। প্ৰথম বিশ্বযুদ্ধত মেছোপটেমিয়াত সক্ৰিয়ভাবে এই পতাকা ব্যৱহৃত হৈছিল।[5] মাৰ্কিন যুক্তৰাষ্ট্ৰত গদৰ পাৰ্টিয়ে পতাকাখন কিছু সময়ৰ বাবে ভাৰতৰ প্ৰতীক হিচাবে ব্যৱহাৰ কৰে।[6]

১৯১৭ চনত বাল গংগাধৰ তিলক আৰু এনী বেচান্ত পৰিচালিত হোমৰুল আন্দোলনে এখন নতুন পতাকাৰ জন্ম দিয়ে। এই পতাকাত পাঁচটা ৰঙা আৰু চাৰিটা সেউজীয়া আনুভূমিক ভাগ আছিল। উপৰৰ বাওঁফালে আয়তাকাৰ ইউনিয়ন পতাকা আছিল আন্দোলনৰ আকাঙ্ক্ষিত ডোমিনিয়ন মৰ্যাদা লাভৰ প্ৰতীক। ওপৰৰ উত্তোলিতভাগত আছিল বগা অৰ্ধচন্দ্ৰ আৰু তৰা। হিন্দুসকলৰ পবিত্ৰ সপ্তৰ্ষি মণ্ডলৰ প্ৰতীকৰূপে সাতটা বগা তৰা পতাকাত অঁকা আছিল। এই পতাকাই অৱশ্যে সৰ্বসাধাৰণৰ জনপ্ৰিয়তা অৰ্জন কৰাত ব্যৰ্থ হয়।[4]

এবছৰ আগে ১৯১৬ চনত অধুনা অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম চহৰৰ নিকটস্থ ভাটলাপেনামাৰু গাঁৱৰ বাসিন্দা পিঙ্গলি ভেংকয়াই এখন সাধাৰণ জাতীয় পতাকাৰ ৰূপদানৰ চেষ্টা কৰে। তেওঁৰ এই প্ৰচেষ্টাত উমৰ চোবানি আৰু এচ বি বোমানজিৰ চকুত পৰে। এওঁলোকে একেলগে ভাৰতীয় জাতীয় পতাকা মিশ্বন হাতত লয়। ভেঙ্কাইয়াই এই পতাকাৰ বাবে মহাত্মা গান্ধীৰ অনুমোদন বিচাৰি যোৱাত গান্ধীজীয়ে তেওঁক "ভাৰতৰ মূৰ্তপ্ৰতীক আৰু দেশৰ সকলো অমঙ্গলহাৰী" যঁতৰৰ চিত্ৰ পতাকাত যোগ কৰাৰ পৰামৰ্শ দিয়ে। মহাত্মা গান্ধীৰ প্ৰদৰ্শিত পথত হস্তচালিত যঁতৰ আছিল ভাৰতৰ অৰ্থনৈতিক পুনৰ্জাগৰণৰ প্ৰতীক। ভেঙ্কাইয়াই ৰঙা আৰু সেউজীয়া প্ৰেক্ষাপটত যঁতৰৰ ছবি সম্বলিত এখন পতাকা প্ৰস্তুত কৰে। কিন্তু গান্ধীজিয়ে ভাবিলে, এই পতাকাত ভাৰতৰ সকলো ধৰ্মসম্প্ৰদায়ৰ প্ৰতিফলন নঘটিল।[7]

মহাত্মা গান্ধীৰ ইচ্ছানুসাৰে এখন নতুন পতাকাৰ নক্সা তৈয়াৰ কৰা হয়। এই ত্ৰিবৰ্ণৰঞ্জিত পতাকাৰ উপৰত আছিল বগা, মাজত সেউজীয়া আৰু তলত নীলা; যিবিলাক যথাক্ৰমে সংখ্যালঘু ধৰ্মসম্প্ৰদায়, মুছলমান আৰু হিন্দুৰ প্ৰতীক। তিনিটি ভাগ জুৰি অঁকা আছিল যঁতৰৰ ছবি। আনুভূমিক ত্ৰিৰঙ্গ ভাগ সম্বলিত এই পতাকা আয়াৰলেণ্ডৰ জাতীয় পতাকাৰ সমৰূপ আছিল। উল্লেখযোগ্য যে, আয়ালেণ্ডৰ পতাকা আৰু এখন প্ৰধান ব্ৰিটিছ সাম্ৰাজ্য বিৰোধী আন্দোলনৰ প্ৰতীক।[8] জাতীয় কংগ্ৰেছৰ আহমেদাবাদ অধিবেশনত উত্তোলিত হয়। যদিও ভাৰতীয় জাতীয় কংগ্ৰেছে কোনোদিনে এইখনক চৰকাৰী পতাকা হিচাবে গ্ৰহণ নকৰিলে। স্বাধীনতা আন্দোলনত ইয়াৰ ব্যাপক প্ৰয়োগো দেখা নগ’ল।

পতাকাৰ এই সাম্প্ৰদায়িক প্ৰতিনিধিত্বৰ বিষয়টোৱে অনেকৰ মনত অসন্তোষৰ সৃষ্টি কৰে। ১৯২৪ চনত কলকাতাত সৰ্বভাৰতীয় সংস্কৃত কংগ্ৰেছে হিন্দুধৰ্মৰ প্ৰতীকৰূপে গেৰুৱা ৰং আৰু বিষ্ণুৰ গদাৰ চিত্ৰ পতাকাত সংযোজনৰ প্ৰস্তাৱ দিয়ে। এই বছৰেই "হিন্দু যোগী আৰু সন্ন্যাসী আৰু মুছলমান ফকীৰ আৰু দৰবেশসকলৰ মাজত প্ৰচলিত ত্যাগৰ প্ৰতীক" গেৰু বা গিৰিমাটি ৰং পতাকাত যোগ কৰাৰ প্ৰস্তাৱ দিয়া হয়। শিখসকলে দাবী তোলে, হয় তেওঁলোকৰ প্ৰতিনিধিৰূপে হালধীয়া ৰং পতাকাত থাকিব লাগিব, নহয় পতাকাৰ পৰা ধৰ্মীয় প্ৰতীকতত্ত্ব বাদ দিব লাগিব।

এই সকলো দাবীৰ প্ৰেক্ষাপটত সমস্যা সমাধানৰ লক্ষৰে ১৯৩১ চনৰ ২ এপ্ৰিলত কংগ্ৰেছ কৰ্মসমিতিয়ে সাতজনীয়া এখন পতাকা সমিতি গঠন কৰে। "পতাকাত ব্যৱহৃত তিনিটি ৰঙক লৈ আপত্তি আছে; কাৰণ এই ৰংসমূহ সাম্প্ৰদায়িক ভিত্তিত চিহ্নিত" – এই মৰ্মে এটি প্ৰস্তাৱ গৃহীত হয়। কিন্তু এই সকলো অপ্ৰাতিষ্ঠিনিক আলাপ-আলোচনাৰ ফল হয় অভাবনীয়। পতাকাত একমাত্ৰ ৰং হালধীয়াৰ সলনি কমলা ৰখা হয় আৰু ওপৰৰ দণ্ডৰ ফালে যঁতৰৰ চিত্ৰ অঁকা হয়। পতাকা সমিতিয়ে এই পতাকাৰ প্ৰস্তাৱ ৰাখিলেও, সমগ্ৰ প্ৰকল্পত সাম্প্ৰদায়িক ভাবধাৰাৰ প্ৰতিফলন ঘটিছে বুলি মন কৰি, কংগ্ৰেছে এই পতাকা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে।

পাছত ১৯৩১ চনৰ কৰাচী কংগ্ৰেছ অধিবেশনত পতাকা সংক্ৰান্ত সৰ্বশেষ প্ৰস্তাৱটো গৃহীত হয়। পিঙ্গলি ভেংকয়া অঙ্কিত এখন ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। এই পতাকাত আনুভূমিক গেৰুৱা, বগা আৰু সেউজীয়াৰ সোঁমাজত এটা যঁতৰ অঁকা আছিল। গেৰুৱা ত্যাগ; বগা সত্য আৰু শান্তি আৰু সেউজীয়া বিশ্বাস আৰু প্ৰগতিৰ প্ৰতীক তথা যঁতৰ ভাৰতৰ অৰ্থনৈতিক পুনৰুজ্জীৱন আৰু দেশবাসীৰ শ্ৰমশীলতাৰ প্ৰতীক হিচাপে গৃহীত হয়।[8]

একেই সময়ত আজাদ হিন্দ ফৌজ ব্যৱহৃত পতাকাত "Azad Hind" (আজাদ হিন্দ) কথাষাৰ আৰু যঁতৰৰ পৰিবৰ্তে এটা জঁপিয়াই থকা বাঘৰ ছবি যোগ কৰা হয়। এইটো আছিল মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ প্ৰতি অনাস্থাৰে সুভাষচন্দ্ৰ বসুৰ সশস্ত্ৰ সংগ্ৰামৰ প্ৰতীক। মণিপুৰত প্ৰথমবাৰ সুভাষচন্দ্ৰই এই পতাকা উত্তোলন কৰে।

স্বাধীনতা প্ৰাপ্তিৰ কিছুদিন পূৰ্বে ভাৰতৰ জাতীয় পতাকাৰ বিষয়ে সিদ্ধান্তত উপনীত হোৱাৰ বাবে গণপৰিষদ স্থাপিত হয়। গণপৰিষদে ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত এক বিশেষ কমিটি গঠন কৰে। এই কমিটিৰ সদস্যসকল আছিল মৌলানা আবুল কালাম আজাদ, সৰোজিনী নাইডু, চক্ৰবৰ্তী ৰাজাগোপালাচাৰী, কে এম মুন্সী আৰু বি আৰ আম্বেডকাৰ। পতাকা কমিটি স্থাপিত হয় ১৯৪৭ চনৰ ২৩ জুনত। এই কমিটিয়ে পতাকাক লৈ আলোচনা আৰম্ভ কৰে। তিনি সপ্তাহৰ পাছত ১৯৪৭ চনৰ ১৪ জুলাইত তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন উপযুক্ত সংস্কাৰৰ পাছত সকলো দল আৰু সম্প্ৰদায়ৰ কাষতেই গ্ৰহণীয় কৰি তুলি জাতীয় পতাকা হিচাপে গৃহীত হ’ব। পাছত এই প্ৰস্তাৱো গৃহীত হয় যে ভাৰতৰ জাতীয় পতাকাত কোনো সাম্প্ৰদায়িক গুৰুত্ব থাকিব নোৱাৰিব। যঁতৰৰ পৰিৱৰ্তে সাৰনাথ স্তম্ভৰ পৰা ধৰ্মচক্ৰ-টো গৃহীত হয় পতাকাত। ১৯৪৭ চনৰ ১৫ আগস্টত স্বাধীন ভাৰতত প্ৰথমবাৰ এই পতাকা উত্তোলিত হয়।[9]

নক্সা

পতাকাৰ জোখ
জোখ[10] দীঘ আৰু প্ৰস্থ (মিঃমিঃ) অশোক চক্ৰৰ জোখ (মিঃমিঃ) [11]
৬৩০০ × ৪২০০ ১২৯৫
৩৬০০ × ২৪০০ ৭৪০
২৭০০ × ১৮০০ ৫৫৫
১৮০০ × ১২০০ ৩৭০
১৩৫০ × ৯০০ ২৮০
৯০০ × ৬০০ ১৮৫
৪৫০ × ৩০০ ৯০ [12]
২২৫ × ১৫০ ৪০
১৫০ × ১০০ ২৫ [12]

তলত বিভিন্ন বৰ্ণ মডেল অনুসৰি ভাৰতীয় পতাকাৰ সম্ভাব্য ৰং সমূহৰ বৰ্ণনা দিয়া হল। গেৰুৱা, বগা, সেউজীয়া আৰু নীলা – এই চাৰিটা ৰং পতাকাত ব্যৱহৃত হৈছে। ইয়াক চিএমওয়াইকে বৰ্ণ মডেল; ডাই ৰং আৰু প্যান্টন সমসংখ্যা অনুযায়ী এইচটিএমএল আৰজিবি ওয়েৰ ৰং (হেক্সাডেসিম্যাল নোটেচন) অনুযায়ী বিভক্ত কৰা হল।[8]

স্কিম এইচটিএমএল চিএমওয়াইক টেক্সটাইল ৰং প্যান্টন
গেৰুৱা #FF9933 0-50-90-0 গাঢ় গেৰুৱা 1495c
বগা #FFFFFF 0-0-0-0 অনুজ্জ্বল বগা 1c
সেউজীয়া #138808 100-0-70-30 ভাৰতীয় সেউজীয়া 362c
নীলা #000080 100-98-26-48 গাঢ় নীলা 2755c

সৰ্বোচ্চ বেণ্ডৰ চৰকাৰী (চিএমওয়াইক) মূল্য হল (0,50,90,0) – ই কমলা ৰঙৰ অনুৰূপ – যাৰ চিএমওয়াইক = (0,54,90,0)। প্ৰকৃত গাঢ় গেৰুৱাৰ চিএমওয়াইক মূল্য যথাক্ৰমে (4, 23, 81, 5)) ও (0, 24, 85, 15))।[8] পতাকাৰ নক্সা প্ৰস্তুত কৰে পিঙ্গলি ভেংকয়া[7]

প্ৰতীক

স্বাধীনতাপ্ৰাপ্তিৰ কিছুদিন পূৰ্বে বিশেষভাবে গঠিত গণপৰিষদ এই সিদ্ধান্তত উপনীত হয় যে ভাৰতৰ জাতীয় পতাকাক সকলো দল আৰু সম্প্ৰদায়ৰ পক্ষে গ্ৰহণযোগ্য হব লাগিব।[8] এই কাৰণে, অশোকচক্ৰ সম্বলিত গেৰুৱা, বগা আৰু সেউজীয়া ত্ৰিবৰ্ণৰঞ্জিত পতাকা গৃহীত হয়। সৰ্বপল্লী ৰাধাকৃষ্ণনে, যি পৰৱৰ্তীকালত ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হৈছিল, তেওঁ গৃহীত পতাকাৰ প্ৰতীকতত্ত্বটোৰ ব্যাখ্যা কৰি নিম্নলিখিত ভাষাত তাৰ গুৰুত্ব বৰ্ণনা কৰে:

গেৰুৱা ৰঙ ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক। আমাৰ নেতৃবৃন্দই পাৰ্থিৱ লাভৰ প্ৰতি উদাসীন আৰু নিজৰ নিজৰ কাম কৰা প্ৰতি যত্নবান হব লাগিব। মধ্যস্থলত থকা বগা ৰং আমাৰ আত্মনিয়ন্ত্ৰণ আৰু স্বভাৱৰ পথপ্ৰদৰ্শক সত্যপথৰ পোহৰৰ প্ৰতীক। সেউজীয়া মাটি তথা সকলো প্ৰাণৰ প্ৰাণ উদ্ভিদ জগতৰ লগত আমাৰ সম্বন্ধৰ কথা ব্যক্ত কৰিছে। বগা অংশৰ সোঁমাজত অশোকচক্ৰ ধৰ্ম অনুশাসনৰ প্ৰতীক। সত্য আৰু ধৰ্ম এই পতাকাৰতলত কৰ্মৰত সকলোৰে নীতি নিয়ন্ত্ৰণ হব। ইয়াৰোপৰি, চক্ৰটো গতিৰ প্ৰতীক। স্থবিৰতাত মৃত্যু আহে। গতিৰ মাজেৰেই জীৱন। পৰিবৰ্তনক বাধাদান কৰাটো আৰু ভাৰতৰ বাবে উচিত নহব, ভাৰতক সম্মুখলৈ অগ্ৰসৰ হবই লাগিব। এই চক্ৰটো শান্তিপূৰ্ণ পৰিবৰ্তনৰ গতিশীলতাৰ প্ৰতীক।

উৎপাদন প্ৰক্ৰিয়া

১৯৫০ চনত ভাৰতত সাধাৰণতন্ত্ৰ প্ৰতিষ্ঠিত হয়। তাৰ এবছৰ পাছতেই, অৰ্থাৎ ১৯৫১ চনত, ভাৰতীয় মানক ব্যুৰো (বিএচআই) প্ৰথম বাৰ জাতীয় পতাকা উৎপাদন সংক্ৰান্তত কিছু বিধি নিৰ্দেশ জাৰি কৰে। ১৯৬৪ চনত ভাৰতত মেট্ৰিক পদ্ধতি গ্ৰহণ কৰাত এই বিধিনিৰ্দেশত কিছু সংশোধনী অনা হয়। তাৰপাছত ১৯৬৮ চনৰ ১৭ আগষ্টত পুনৰায় বিধিসমূহ সংশোধিত কৰা হয়।[9] আকাৰ, ডাই ৰং, ক্ৰোমাটিক মূল্য, উজ্জ্বলতা, ব্যৱহৃত সূতাৰ সংখ্যা আৰু উত্তোলনৰজ্জু সহ পতাকা উৎপাদনৰ সকলো আৱশ্যক বিষয়ৰ উল্লেখ এই বিধিনিৰ্দেশত পোৱা যায়। এই নিৰ্দেশনামা কঠোৰভাবে অনুসৃত হয়। পতাকা উৎপাদনত কোনো খুঁত ৰখা আইনত: অপৰাধ; আৰু তাৰ শাস্তি জেল, জৰিমনা অথবা দুয়োটাই হ’ব পাৰে।[13]

পতাকা উৎপাদনৰ বাবে একমাত্ৰ খাদী নামৰ হস্তচালিত তাঁতবস্ত্ৰই ব্যবহাৰ কৰা যায়। তুলা, ৰেচম আৰু উল বাদ দি অন্য কোনো খাদীৰ কেঁচামাল হিচাবে ব্যবহাৰ কৰা নাযায় । পতাকা উৎপাদনত দুই ধৰণৰ খাদী ব্যবহাৰ কৰা হয় ; প্ৰথমটো হ’ল খাদী-বান্টিং, যিহেৰে পতাকাৰ মূল অংশটো প্ৰস্তুত কৰা হয় আৰু দ্বিতীয়টো হ’ল পাতল বাদামী ৰঙৰ খাদী-ডাক বস্ত্ৰখণ্ড, যিয়ে পতাকাক পতাকাদণ্ডৰ ৰছীৰ সৈতে ধৰি ৰাখে। খাদী-ডাক এক অপ্ৰচলিত বয়নপদ্ধতি। এই পদ্ধতিত তিনিডাল সূতা একেলগে জালৰ আকাৰত বোৱা হয়। উল্লেখ্য, প্ৰচলিত বয়নপদ্ধতিত দুডাল সূতাক একেলগে বোৱা হয় । খাদী-ডাক অত্যন্ত দুৰ্লভ এক বয়নপদ্ধতি। ভাৰতত এক ডজনৰো কম বয়নশিল্পী এই ধৰণৰ বয়নত সক্ষম। নিৰ্দেশিকাত আৰু কোৱা হৈছে যে, প্ৰতি চেন্টিমিটাৰত ১৫০ডাল সূতাৰ বেছি বা কম থাকিব নোৱাৰে, প্ৰতি চিলাইতে চাৰিডালকৈ সূতা থাকিব[13] আৰু এক বৰ্গফুট পতাকাৰ ওজন ২৫ গ্ৰামৰ বেছি বা কম হব নোৱাৰিব।[9][14]

উত্তৰ কৰ্ণাটকধৰৱাদ আৰু বাগালকোট জিলাৰ নিকটস্থ গদগৰৰ দুটা তাঁত গোটৰ পৰা বয়নকৃত খাদী অনা হয়। বৰ্তমানে হুবলি-ভিত্তিক কৰ্ণাটক খাদী গ্ৰামোদ্যোগ সংযুক্ত সংঘ ভাৰতৰ একমাত্ৰ লাইচেঞ্চ-প্ৰাপ্ত জাতীয় পতাকা উৎপাদন আৰু সৰবৰাহ গোট। খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যন (কেভিআইচি) ভাৰতত পতাকা উৎপাদন গোট স্থাপনৰ বাবে অনুমতি প্ৰদানৰ ক্ষমতাপ্ৰাপ্ত। তথাপি বিধিনিৰ্দেশ অগ্ৰাহ্য কৰা হলে বিএচআই অনুমতিপ্ৰাপ্ত সংস্থাৰ অনুমতি বাতিল কৰা হ'ব পাৰে।[9]

বোৱাৰ পাছত পতাকাৰ উপাদানসমূহ বিএচআই লেবৰেটৰীত পৰীক্ষাৰ বাবে পঠোৱা হয়। বিধিনিৰ্দেশ অনুযায়ী পৰীক্ষাৰ পাছত যদি উপাদানসমূহ উত্তীৰ্ণ হয়, তেতিয়াহ’লে সেইবিলাক ফেক্টৰীলৈ ঘূৰাই পঠোৱা হয়। তাৰপাছত নিৰ্ধাৰিত ৰঙত এইবিলাক ব্লিচ আৰু ডাই কৰা হয়। সোঁমাজৰ অশোকচক্ৰটো হয় স্ক্ৰিন প্ৰিন্ট, অথবা স্টেনচিল বা যথাযথ বয়ন মাধ্যমত অংকিত কৰা হয়। অশোকচক্ৰ অত্যন্ত সযত্নে পতাকাত আঁকা হয়, যাতে পতাকাৰ দুই দিশৰ পৰাই তাক দেখা পোৱা যায়। বিএচআইয়ে তাৰপাছত ৰং পৰীক্ষা কৰে; আৰু তাৰপাছতেই পতাকা বিক্ৰী কৰা যায়।

ভাৰতত প্ৰতি বছৰে চাৰি কোটি পতাকা বিক্ৰী হয়। মহাৰাষ্ট্ৰ চৰকাৰৰ সচিবালয় মন্ত্ৰালয় ভৱনৰ শীৰ্ষস্থ পতাকাখন দেশৰ বৃহত্তম পতাকা (আকাৰ ৬.৩ × ৪.২ মিটাৰ)।[14]

পতাকাবিধি

২০০২ চনৰ পূৰ্বাবধি ভাৰতৰ সাধাৰণ নাগৰিকসকল জাতীয় ছুটিৰ দিনবিলাকৰ বাহিৰে অন্য সময়ত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী নাছিল। শিল্পপতি নবীন জিন্দালে পতাকাবিধি ভঙ্গ কৰি তেওঁৰ কাৰ্য্যালয় ভৱনৰ শীৰ্ষত জাতীয় পতাকা উত্তোলন কৰাত পতাকাখন বাজেয়াপ্ত কৰা হয় আৰু তেওঁক সতৰ্ক কৰি দিয়া হয় যে এই ধৰণৰ বিধি ভঙ্গ কৰিলে তেওঁৰ বিৰুদ্ধে আইনী ব্যবস্থা লোৱা হ’ব পাৰে। জিন্দালে দিল্লী উচ্চতম ন্যায়ালয় এখন জনস্বাৰ্থ মামলা দাখিল কৰে। তেওঁৰ বক্তব্য আছিল, পূৰ্ণ মৰ্যাদা আৰু যথাযথ ব্যবহাৰবিধি অনুসৰণ কৰি জাতীয় পতাকা উত্তোলন তেওঁৰ নাগৰিক অধিকাৰত পৰে; কাৰণ এই দেশৰ প্ৰতি তেওঁৰ ভালপোৱা ব্যক্ত কৰাৰ এইটো এটা উপায়।[15][16] বিষয়টো দিল্লী উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰিত হ’লত সৰ্বোচ্চ আদালতে ভাৰত চৰকাৰক এই বিষয়টো পৰ্যালোচনাৰ বাবে এখন কমিটি স্থাপনৰ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় কেবিনেটে জাতীয় পতাকাবিধি সংস্কাৰ কৰে আৰু ২০০২ চনৰ ২৬ জানুৱাৰীৰ পৰা সংশোধিত বিধি আৰম্ভ হয়। এই নতুন পতাকাবিধি অনুযায়ী মৰ্যাদা, গৌৰৱ আৰু সম্মান অক্ষুন্ন ৰাখি যি কোনো নাগৰিকে বছৰৰ যি কোনো দিনতেই জাতীয় পতাকা উত্তোলন কৰিব পাৰিব।

অন্যহাতে ভাৰতীয় সংঘ বনাম যশোবন্ত শৰ্মা বিচাৰত[17] পৰিষ্কাৰ জনাই দিয়া হয় যে, জাতীয় পতাকাবিধি বিধিবদ্ধ আইন নহলেও এই বিধিৰ বিধিনিষেধসমূহ জাতীয় পতাকাৰ গৌৰৱৰক্ষাৰ্থে অৱশ্যে পালনীয়। জাতীয় পতাকা উত্তোলনৰ অধিকাৰ পৰম অধিকাৰ নহয়; ই এক অৰ্জিত অধিকাৰ আৰু সংবিধানৰ ৫১ নং ধাৰা অনুযায়ী ইয়াক মান্য কৰা উচিত।

পতাকাৰ সম্মান

ভাৰতীয় আইন অনুসৰি জাতীয় পতাকাৰ ব্যবহাৰ সৰ্বদা "মৰ্যাদা, আনুগত্য আৰু সম্মান" ("dignity, loyalty and respect") সহকাৰে হোৱা উচিত। "প্ৰতীক আৰু নাম (অপব্যৱহাৰ ৰোধ) আইন, ১৯৫০" ("The Emblems and Names (Prevention of Improper Use) Act, 1950") অনুসৰি জাৰি কৰা "ভাৰতীয় পতাকা বিধি – ২০০২" ("Flag Code of India – 2002") পতাকাৰ প্ৰদৰ্শনী আৰু ব্যৱহাৰ সংক্ৰান্ত যাবতীয় নিৰ্দেশিকা বহন কৰে। চাৰকাৰী বিধিত কোৱা হৈছে যে, জাতীয় পতাকাই কেতিয়াও মাটি বা পানীক স্পৰ্শ নকৰে; ইয়াক টেবুলক্লথ হিচাবে বা কোনো প্লেটফৰ্মৰ সম্মুখত আচ্ছাদন হিচাবে ব্যবহাৰ কৰিব নোৱাৰিব; জাতীয় পতাকাৰে কোনো মূৰ্তি, নামলিপি বা শিলান্যাস প্ৰস্তৰ আবৰিব নোৱাৰিব ইত্যাদি। ২০০৫ চন পৰ্যন্ত জাতীয় পতাকা বস্ত্ৰ, ইউনিফৰ্ম বা সাজপোছাক হিচাবে ব্যবহাৰ কৰা নগৈছিল। ২০০৫ চনৰ ৫ জুলাইত চৰকাৰে পতাকাবিধি সংশোধন কৰি বস্ত্ৰ বা ইউনিফৰ্ম হিচাবে ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰে। যদিও নিম্নাবৰণ বা অন্তৰ্বাস হিচাবে জাতীয় পতাকা ব্যবহাৰৰ ওপৰত নিষেধাজ্ঞা বাহাল থাকে।[18] ইয়াৰোপৰি গাৰুৰ কভাৰ বা ডিঙিত মেৰুৱা ৰুমাল জাতীয় পতাকা বা অন্য কোনো প্ৰতীকচিহ্ন অঙ্কণ কৰা নিষিদ্ধ।[19] ইচ্ছাকৃতভাবে উভতা অৱস্থাত পতাকা উত্তোলন, কোনো পানীয়ত ডুবোৱা বা উত্তোলনৰ আগতে ফুলৰ পাপৰিৰ বাহিৰে অন্য কোনো বস্তু তাত বন্ধা বা পতাকাখনত কিবা কিবি লিখা সেয়াও নিষিদ্ধ।[10]

পতাকা ব্যৱহাৰ

জাতীয় পতাকাৰ ব্যৱহাৰ আৰু প্ৰদৰ্শনী সংক্ৰান্তত একাধিক প্ৰথা অনুসৰণ হয়। মুকলি আকাশৰ তলত সূৰ্যোদয়ৰ সময়ত পতাকা উত্তোলিত হয় আৰু সূৰ্যাস্তৰ সময়ত নমাই দিয়া হয়। বিশেষ বিশেষ ক্ষেত্ৰত চৰকাৰী ভৱনত ৰাতিও জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।

জাতীয় পতাকা কেতিয়াও উভতা অৱস্থাত বৰ্ণনা কৰা, প্ৰদৰ্শিত কৰা, বা উত্তোলন কৰা অনুচিত। প্ৰথা অনুসৰি পতাকাখন ৯০ ডিগ্ৰীৰ বেছি আৱৰ্তিত কৰা নাযায়। যিকোনো ব্যক্তিয়ে পতাকাক ওপৰৰ পৰা তললৈ আৰু বাওঁফালৰ পৰা সোঁফাললৈ কিতাপৰ পাত পঢ়াৰ দৰে"পঢ়িব" পাৰে আৰু আবৰ্তিত হোৱাৰ পাছতো যেন এই বৈশিষ্ট্যৰ ব্যতিক্ৰম নহয়। ফটা-ছিঙা বা অপৰিষ্কাৰ অৱস্থাত পতাকাৰ প্ৰদৰ্শনী অপমানজনক। পতাকাদণ্ড বা উত্তোলন ৰছীৰ ক্ষেত্ৰতো একই নিয়ম প্ৰযোজ্য; এইবিলাক যথাযথভাবে ব্যবহাৰ কৰিব লাগে।

দেৱাল প্ৰদৰ্শনী

কোনো ষ্টেডিয়াম আদিৰ দেৱালত দুটি পৰস্পৰ অভিমুখী পতাকাদণ্ডত গেৰুৱা ভাগটো উপৰত ৰাখি আনুভূমিকভাবে পতাকাদুখনক পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। ক্ষুদ্ৰাকাৰ পতাকাদণ্ডত পতাকা প্ৰদৰ্শিত কৰিলে দণ্ডডালক দেৱালত কৌণিকভাবে স্থাপন কৰি তাক ৰুচিসম্মতভাৱে উলমায় দিব লাগে। পৰস্পৰ লগালগি দুডাল পতাকাদণ্ডৰ উপৰত দুখন জাতীয় পতাকা একত্ৰে প্ৰদৰ্শিত হলে দণ্ডদুডালৰ অভিমুখ পৰস্পৰৰ ফালে ৰাখিব লাগে আৰু পতাকাদুখন পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰিব লাগে। জাতীয় পতাকা টেবুল, লেকটাৰ্ন, ষ্টেডিয়াম বা ভৱনৰ আচ্ছাদনৰূপে ব্যৱহাৰ কৰা নিষিদ্ধ। আনকি প্ৰদৰ্শনীৰ খাতিৰত ৰেলিংত উলমায় দিয়াও নিষিদ্ধ।

অন্যান্য জাতীয় পতাকাৰ লগত

বাহিৰৰ অন্যান্য দেশৰ জাতীয় পতাকাৰ লগত একলগে প্ৰদৰ্শিত হোৱাৰ সময়ত পতাকা উত্তোলনৰ একাধিক ৰীতি অনুসৰণ হয়। বিশেষভাবে দৃষ্টি ৰখা হয় পতাকাৰ সম্মানৰ প্ৰতি। ইয়াৰ অৰ্থ লেটিন বৰ্ণমালা অনুযায়ী বৰ্ণানুক্ৰমে যেতিয়া একাধিক দেশৰ জাতীয় পতাকা প্ৰদৰ্শিত হয় তেতিয়া অন্যান্য পতাকাৰ সোঁফালে (দৰ্শকৰ বাওঁফালে) ৰখা হয় জাতীয় পতাকাক। সকলো পতাকাই যেন সম আকাৰৰ হয় আৰু কোনো পতাকাই যেন ভাৰতীয় পতাকাতকৈ ডাঙৰ নহয়, তাৰ প্ৰতি দৃষ্টি ৰখা হয়। প্ৰত্যেক দেশৰ পতাকা পৃথক পৃথক পতাকাদণ্ডত থাকে। এডাল দণ্ডত এখন পতাকাৰ তঅত অন্য এখন পতাকাৰ প্ৰদৰ্শনী নিষিদ্ধ। অনুমতিক্ৰমে স্বাভাবিক দেশভিত্তিক বৰ্ণানুক্ৰমিক পতাকাৰ শাৰীৰ আৰম্ভণিতে আৰু শেষত ভাৰতৰ পতাকা ৰখা যায়। যদি আবদ্ধ বৃত্তত একাধিক জাতীয় পতাকাৰ প্ৰদৰ্শনী কৰিব লগা হয়, তেতিয়াহ’লে বৃত্তটো ভাৰতৰ পতাকাৰে ঘড়ীৰ কাঁটাৰ অভিমুখে আৰম্ভ কৰিব লগা হয়; অন্যান্য পতাকা ভাৰতীয় পতাকাৰ পাছত থাকে আৰু শেষৰ পতাকাখন ভাৰতীয় পতাকাৰ শেষত থাকে। ভাৰতৰ জাতীয় পতাকা সৰ্বাগ্ৰে উত্তোলিত আৰু সৰ্বশেষে অবনমিত হয়।

পৰস্পৰৰ লগালগি হৈ অন্য জাতীয় পতাকাৰ লগত প্ৰদৰ্শিত হোৱাৰ সময়ত ভাৰতৰ জাতীয় পতাকাৰ সম্মুখভাগ আৰু অন্য পতাকাৰ সোঁফালে (দৰ্শকৰ বাওঁফালে) স্থাপিত হয়। অৱশ্যে ৰাষ্ট্ৰসংঘৰ পতাকাৰ ক্ষেত্ৰত জাতীয় পতাকাক উভয় দিশতেই ৰখা যায়। সাধাৰণভাবে সম্মুখ অভিমুখে সৰ্ব দক্ষিণে জাতীয় পতাকা উত্তোলনৰ ৰীতি আছে।[10]

অন্যান্য পতাকাৰ লগত

কৰ্পোৰেট পতাকা বা বিজ্ঞাপনৰ বেনাৰ জাতীয় অন্যান্য পতাকাৰ লগত একলগে প্ৰদৰ্শিত কৰিবলৈ হলে, পতাকাবিধি অনুযায়ী, পতাকাসমূহ পৃথক পৃথক দণ্ডত স্থাপন কৰাৰ নিয়ম আছে; ভাৰতৰ জাতীয় পতাকা সেই ক্ষেত্ৰত এই পতাকাসমূহৰ মধ্যস্থলত অথবা দৰ্শকৰ দৃষ্টিৰ পৰা সৰ্বদিশত অথবা পতাকামণ্ডলীত অন্য পতাকাৰ তুলনাত অন্ত:ত এক পতাকা-প্ৰস্থ উচ্চতাত প্ৰদৰ্শিত হয়। জাতীয় পতাকাৰ দণ্ড এই মণ্ডলীত সকলোবোৰৰ আগত থাকে। যদি এডাল পতাকাদণ্ডতে সকলোবিলাক পতাকা প্ৰদৰ্শিত কৰিবলৈ হয়, তেতিয়া জাতীয় পতাকা আটাইতকৈ উপৰত থাকে। অন্যান্য পতাকাৰ লগত শোভাযাত্ৰাকালত ব্যৱহিত হলে, জাতীয় পতাকা শোভাযাত্ৰাৰ সম্মুখত অথবা সমাভিমুখী পতাকাৰ শাৰীতে ব্যৱহিত হলে শোভাযাত্ৰাৰ দক্ষিণত অৱস্থান কৰে।[10]

অন্তৰ্দ্বাৰ প্ৰদৰ্শনী

কোনো সভাকক্ষত সভানুষ্ঠান বা অন্য কোনো প্ৰকাৰ অন্তৰ্দ্বাৰ জনসমাবেশৰ সময়ত বিধি অনুসৰি পতাকাখন সোঁফালে (দৰ্শকৰ বাওঁফালে) ৰাখিব লাগে। অৰ্থাৎ, সভাকক্ষত বক্তাৰ কাষত প্ৰদৰ্শিত কৰিবলৈ হলে ইয়াক বক্তাৰ সোঁফালে ৰাখিব লাগে। অন্য সময়ত ইয়াক শ্ৰোতাৰ সোঁফালে ৰাখিব লাগে। পতাকাখনৰ গেৰুৱা ৰং শীৰ্ষত ৰাখি পূৰ্ণ প্ৰসাৰিত অৱস্থাত প্ৰদৰ্শিত কৰা হয়। ষ্টেডিয়ামৰ দেৱালত লম্বভাবে প্ৰদৰ্শিত কৰিবলৈ হলে গেৰুৱা ভাগটোক দৰ্শকৰ দৃষ্টি অনুযায়ী বাওঁফালে ৰখা হয়; আৰু পতাকাৰ ৰছীডাল শীৰ্ষত স্থাপন কৰা হয়।[10]

কুচকাৱাজ আৰু অনুষ্ঠান প্ৰদৰ্শনী

অন্য পতাকাৰ লগত কোনো শোভাযাত্ৰা বা কুচকাৱাজ কৰিবলৈ হলে জাতীয় পতাকাক অন্য পতাকাৰ মাজত বা সোঁমাজত অকলশৰীয়াকৈ ৰখা হয়। মূৰ্তি, স্মৃতিস্তম্ভ বা নামলিপি উন্মোচনৰ অঙ্গ হিচাবে ইয়াক ব্যবহাৰ কৰিব নোৱাৰি। জাতীয় পতাকাৰ দ্বাৰা একো ঢাকিবও নোৱাৰি। পতাকাৰ সম্মানৰ অঙ্গ হিচাবে কোনো ব্যক্তি বা বস্তুৰ সন্মুখত ইয়াক অৱনত কৰা নাযায় ৰেজিমেণ্টেল পতাকা বা প্ৰতিষ্ঠানিক পতাকা সম্মান প্ৰদৰ্শনৰ অঙ্গ হিচাবে অৱনত কৰা হব পাৰে।

পতাকা উত্তোলন বা অৱনমন অনুষ্ঠানৰ সময়ত, অথবা কুচকাৱাজ বা ৰিভিউৰ সময়ত, উপস্থিত ব্যক্তিসকলে পতাকাৰ ফালে মুখ কৰি উঠি থিয় দিব লাগে। পদমৰ্যাদা থকা ব্যক্তিসকলক যথাবিধি অভিবাদন জানোৱা হয়। পতাকাৰ শাৰী ব্যৱহিত হলে উপস্থিত ব্যক্তিসকলে পতাকাসমহ পাৰ হোৱাৰ সময়ত উঠি থিয় দি সম্মান বা অভিবাদন জনাব লাগে। যি কোনো পদাধিকাৰীয়ে চ্যেলুট নজনোৱাকৈ অভিবাদন গ্ৰহণ কৰিব নোৱাৰে। জাতীয় সংগীত বজোৱাৰ পাছতেই পতাকা অভিবাদন অনুষ্ঠিত হয়।[10]

যানবাহনত প্ৰদৰ্শনী

কেৱলমাত্ৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু লেফট্যানেন্ট গভৰ্নৰসকল, মুখ্যমন্ত্ৰীসকল, কেবিনেট মন্ত্ৰীসকল আৰু ভাৰতীয় সংসদ আৰু ৰাজ্য বিধানসভাৰ জুনিয়ৰ কেবিনেট সদস্যসকল, লোকসভা আৰু ৰাজ্য বিধানসভাৰ অধ্যক্ষসকল, ৰাজ্যসভা আৰু ৰাজ্য বিধানপৰিষদৰ চেয়াৰমেনসকল, দিল্লী উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসকল আৰু সেনাবাহিনী, বিমানবাহিনী আৰু নৌবাহিনীৰ ফ্লেগ-ৰেঙ্ক আধিকাৰিকবৃন্দই নিজেৰ যানবাহনত জাতীয় পতাকা উত্তোলনৰ অধিকাৰী। তেওঁলোকে যেতিয়াই প্ৰয়োজন বোধ কৰে তেতিয়াই তেওঁলোকৰ গাড়ীত জাতীয় পতাকা উত্তোলন কৰিব পাৰে। এই ক্ষেত্ৰত পতাকাখন এডাল পতাকাদণ্ডত গঁথা থাকে। দণ্ডডাল বনেটৰ সম্মুখত-মাজভাগত অথবা গাড়ীৰ সম্মুখত-দক্ষিণফালে দৃঢ়ভাবে আবদ্ধ থাকে। যেতিয়া চৰকাৰী গাড়ীত কোনো বিদেশী পদাধিকাৰী ভ্ৰমণ কৰে, তেতিয়া তেওঁৰ দেশৰ পতাকা গাড়ীৰ সম্মুখত-আগলৈ আৰু ভাৰতৰ জাতীয় পতাকা গাড়ীৰ সম্মুখত-দক্ষিণত প্ৰদৰ্শিত হয়।

ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণলৈ গলে তেওঁলোকৰ বিমানত জাতীয় পতাকা উত্তোলন কৰা হয়। যি দেশলৈ ভ্ৰমণ কৰিবলৈ যায়, সেই দেশৰ জাতীয় পতাকাও বিমানত উত্তোলন কৰা হয়। তথাপি মাজতে অন্য কোনো দেশত অবতীৰ্ণ হলে সৌজন্য স্মাৰক হিচাবে সেই দেশৰ জাতীয় পতাকাও উত্তোলনৰ ৰীতি আছে। ৰাষ্ট্ৰপতিয়ে দেশৰ ভিতৰতে কোনো ঠাইত ভ্ৰমণলৈ গ’লে বিমানৰ যি ফালেদি উঠা নমা কৰে সেইফালে জাতীয় পতাকা প্ৰদৰ্শিত হয়। ৰাষ্ট্ৰপতিয়ে যেতিয়া বিশেষ ৰেলেৰে দেশৰ যি কোনো ঠাইলৈ যায়, তেতিয়া ড্ৰাইভাৰে ইঞ্জিনত যি স্টেচনৰ-প্লেটফৰ্মৰ পৰা ট্ৰেইনখন এৰিছে সেই ফালে মুখ কৰি জাতীয় পতাকা প্ৰদৰ্শিত কৰে। বিশেষ ট্ৰেইনখন যেতিয়া নিশ্চল অৱস্থাত থাকে বা কোনো স্টেচনত ৰোৱাৰ বাবে প্ৰৱেশ কৰে কেৱল তেতিয়াহে জাতীয় পতাকা প্ৰদৰ্শিত হয়।[10]

অৰ্ধনমন

কেৱলমাত্ৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশিকা অনুসৰি শোকৰ চিহ্ন হিচাবে জাতীয় পতাকা অৰ্ধনমিত ৰখাৰ ৰীতি আছে; ৰাষ্ট্ৰপতিয়ে সেইক্ষেত্ৰত শোককালীন সময়সীমাও নিৰ্ধাৰিত কৰি দিয়ে। অৰ্ধনমিত কৰাৰ আগেয়ে পতাকাখন এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰা হয়। আআৰু সূৰ্যাস্তৰ সময়ত অবনমিত কৰাৰ আগেয়েও এবাৰ সম্পূৰ্ণকৈ উত্তোলিত কৰি তাৰপাছত অবনমিত কৰা হয়। কেৱলমাত্ৰ জাতীয় পতাকাহে অৰ্ধনমিত কৰা হয়; অন্যান্য পতাকা স্বাভাবিক উচ্চতাত থাকে।

ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মৃত্যুত সমগ্ৰ দেশত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। লোকসভাৰ অধ্যক্ষ আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিৰ মৃত্যুত দিল্লীত আৰু কোনো কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীৰ মৃত্যুত দিল্লী আৰু ৰাজ্যৰ ৰাজধানীত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাষ্ট্ৰমন্ত্ৰীসকলৰ মৃত্যুতো দিল্লীত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। ৰাজ্যপাল, লেফটেনেন্ট গভৰ্নৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ মৃত্যুত সংশ্লিষ্ট ৰাজ্যত জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

আবেলি কোনো পদাধিকাৰীৰ মৃত্যুসংবাদ আহিলে যদি পাছদিনা সূৰ্যোদয়ৰ আগতে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন নহয় তেতিয়া হ’লে পাছদিনাৰ পৰা জাতীয় পতাকা উপৰত উল্লিখিত স্থানকাল অনুসৰি অৰ্ধনমিত থাকে। অন্ত্যেষ্টি ক্ৰিয়া স্থলতো জাতীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, গান্ধী জয়ন্তী আৰু জাতীয় সপ্তাহ (৬-১৩ এপ্ৰিল), ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস বা ভাৰত চৰকাৰ নিৰ্ধাৰিত অন্য কোনো জাতীয় উৎসৱৰ দিনা কেৱলমাত্ৰ মৃতকৰ শৰীৰ যি ভৱনত সুৰক্ষিত হৈ থাকে সেই ভৱন বাদ অন্য কোনো ঠাইতে অৰ্ধনমিত হৈ নাথাকে। এই ক্ষেত্ৰত শৰীৰ ভৱনৰ পৰা অপসৃত হলে পতাকা সম্পূৰ্ণৰূপে উত্তোলন কৰা হয়।

কোনো স্বতন্ত্ৰ ক্ষেত্ৰত স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বিদেশী পদাধিকাৰীৰ মৃত্যুত ৰাষ্ট্ৰীয় শোক পালন কৰা হব পাৰে। যদিও, কোনো বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰ প্ৰধানৰ মৃত্যুৰ পাছত উপৰত উল্লেখিত দিনবিলাকত ভাৰতীয় দূতাবাসত জাতীয় পতাকা উত্তোলন কৰিব পাৰে।

ৰাষ্ট্ৰীয়, সামৰিক বা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ অন্ত্যেষ্টিত মৃতদেহ বা কফিনৰ উপৰত আচ্ছাদিত কৰা হয়। গেৰুৱা ৰংটো মৃতদেহ বা কফিনৰ উপৰৰফালে থাকে। তথাপি পতাকাখন কবৰস্থ বা চিতাত ভষ্ম কৰা নাযায় ।[10]

বিনষ্টীকৰণ

জাতীয় পতাকা ক্ষতিগ্ৰস্থ হলে বা অপৰিস্কাৰ হলে, ইয়াক পেলাই দিয়া বা অমৰ্যাদাৰে নষ্ট কৰা নাযায় । ইয়াক লোকচক্ষুৰ অন্তৰালত পুৰি বা পতাকাৰ মৰ্যাদাৰ লগত সঙ্গতি ৰাখি সামঞ্জস্যপূৰ্ণ অন্য কোনো পন্থাৰে নষ্ট কৰা হয়। ইয়াৰ বাহিৰেও গঙ্গাত বিসৰ্জন দিয়া হয় বা সসম্মানে কবৰস্থ কৰিও ইয়াক বিনষ্ট কৰা যায়।[10]

আৰু চাওক

শ্ৰব্য সংযোগ শুনক প্ৰবন্ধ (তথ্য/ডাউনল'ড)
এই শ্ৰব্য ফাইল 2006-05-07 "ভাৰতৰ জাতীয় পতাকা" তাৰিখৰ প্ৰবন্ধৰ 2006-05-07 সংস্কৰণটোৰ, আৰু সেয়ে প্ৰবন্ধৰ সাম্প্ৰতিক পৰিৱৰ্তনসমূহ প্ৰতিফলিত নকৰিবও পাৰে, অধিক তথ্যৰ বাবে (শ্ৰৱণ সাহায্য চাওক)
অধিক শ্ৰৱণ সংযোগী প্ৰবন্ধ

টোকা

  1. The current flag is an adaptation of Venkayya's original design, but he is generally credited as the designer of the flag.

লগতে পঢ়ক

তথ্য সংগ্ৰহ

  1. Virmani 1999, পৃষ্ঠা 172
  2. Roy 2006, পৃষ্ঠা 498
  3. http://www.crwflags.com/fotw/flags/in-colon.html
  4. 1 2 3 "The National Flag". Indian National Congress. 2004-06-16. http://www.aicc.org.in/national-flag.htm আহৰণ কৰা হৈছে: 2006-10-11.
  5. Singh, K. V. (1991). Our national flag. প্ৰকাশক New Delhi: Ministry of Information & Broadcasting. পৃষ্ঠা. 31.
  6. Majumdar, Ramesh Chandra (1969). "Struggle for Freedom". The History and culture of the Indian people (11 সম্পাদনা). G. Allen & Unwin. পৃষ্ঠা. 207-215.
  7. 1 2 "National Flag of India". Funmunch.com. http://www.funmunch.com/events/india_independence_day/national_flag_of_india.shtml আহৰণ কৰা হৈছে: 2006-10-11.
  8. 1 2 3 4 5 Heimer, Željko (2 July 2006). "India". Flags of the World. http://www.crwflags.com/fotw/flags/in.html আহৰণ কৰা হৈছে: 11 October 2006.
  9. 1 2 3 4 "Flag code of India, 2002". Fact Sheet. Press Information Bureau, Government of India. 4 April 2002. http://pib.nic.in/feature/feyr2002/fapr2002/f030420021.html আহৰণ কৰা হৈছে: 2006-10-11.
  10. 1 2 3 4 5 6 7 8 9 "Flag Code of India". Ministry of Home Affairs, Government of India. 25 January 2006. Archived from the original on 10 January 2006. http://web.archive.org/web/20060110155908/http://mha.nic.in/nationalflag2002.htm আহৰণ কৰা হৈছে: 11 October 2006.
  11. Bureau of Indian Standards (1968). "IS 1 : 1968 Specification for the national flag of India (cotton khadi)". Government of India.
  12. 1 2 Bureau of Indian Standards (1979). "IS 1 : 1968 Specification for the national flag of India (cotton khadi), Amendment 2". Government of India.
  13. 1 2 Vattam, Shyam Sundar (15 June 2004). "Why all national flags will be 'Made in Hubli'". Deccan Herald. Archived from the original on 2006-05-22. http://web.archive.org/web/20060522230211/http://www.deccanherald.com/deccanherald/jun152004/spt2.asp আহৰণ কৰা হৈছে: 2006-10-11.
  14. 1 2 Ganapati, Priya (25 January 2002). "Dhanesh Bhatt: India's only licensed Tricolour maker". Rediff.com. http://www.rediff.com/money/2002/jan/25flag.htm আহৰণ কৰা হৈছে: 2006-10-11.
  15. "My Flag, My Country". Rediff.com. 13 June 2001. http://www.rediff.com/news/2001/jun/13spec.htm আহৰণ কৰা হৈছে: 2007-11-15.
  16. "Union of India vs. Navin Jindal". Supreme Court of India. Archived from the original on 2004-12-24. http://web.archive.org/web/20041224041041/http://www.supremecourtonline.com/cases/9305.html আহৰণ কৰা হৈছে: 1 July 2005.
  17. (2004) 2 SCC 510
  18. "Sport tricolour, not below belt". The Times of India. Archived from the original on 2008-10-22. http://web.archive.org/20081022151748/timesofindia.indiatimes.com/articleshow/msid-1161089,prtpage-1.cms? আহৰণ কৰা হৈছে: 2008-05-11.
  19. "No national flag on underwear". Daily Times of Pakistan. Archived from the original on 2012-12-21. https://archive.is/RQm4 আহৰণ কৰা হৈছে: 2006-10-11.

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.