ৱিক্স্যনেৰী

|}}

ৱিক্সনেৰী

wiktionary.org মূলপৃষ্ঠাৰ স্ক্ৰীণশ্বট
ইউ আৰ এল //www.wiktionary.org
শ্লোগান মুক্ত অভিধান
বিজ্ঞাপন নহয়
প্ৰকাৰ অনলাইন অভিধান
পঞ্জীয়ন বৈকল্পিক
ভাষা বহুভাষিক (১৭০ৰো বেছি)
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন
সৃষ্টিকৰ্তা জিম্মী ৱেলছ আৰু ৱিকিমিডিয়া সমাজ
মুকলি ডিচেম্বৰ 12, 2002 (2002-12-12)
এলেক্সা স্থান ৫২৬ (July 2017)[1]
বৰ্তমান স্থিতি সক্ৰিয়

ৱিক্সনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প য'ত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰুdictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১ টা ভাষা আৰু সৰল ইংৰাজীত এই প্ৰকল্প উপলব্ধ। ইয়াৰ ভগ্নী প্ৰকল্প ৱিকিপিডিয়াৰ দৰে ৱিক্সনেৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যনে পৰিচালনা কৰে আৰু স্বেচ্ছাসেৱীসকলে সহযোগিতাৰে লিখে। ইয়াৰ ৱিকি ছফ্টৱেৰ মিডিয়াৱিকিৰ জৰিয়তে ইণ্টাৰনেট সংযোগ থকা যিকোনো লোকে ৱিক্সনেৰীত সৃষ্টি আৰু সম্পাদনা কৰিব পাৰে।

ছপা মাধ্যমৰ সীমাবদ্ধতা নথকাৰ বাবে ৱিক্সনেৰীৰ বেছিভাগ ভাষাৰ সংকলনত বহু ভাষাৰ শব্দৰ সংজ্ঞা আৰু অনুবাদ অন্তৰ্ভুক্ত কৰা হয়। কিছুমান সংকলনত Thesaurus আৰু lexicon-ত পোৱা অতিৰিক্ত তথ্যও সন্নিৱিষ্ট কৰা হয়।

ইতিহাস আৰু বিকাশ

ডেনিয়েল এষ্টনৰ প্ৰস্তাৱ আৰু ৱিকিপিডিয়াৰ সহ-প্ৰতিষ্ঠাপক লেৰী ছেংগাৰৰ এটা ধাৰণাৰ আঁত ধৰি ২০০২ চনৰ ১২ ডিচেম্বৰত [lower-alpha 1] ৱিক্সনেৰীৰ আৰম্ভণি হয়। ২০০৪ চনৰ ২৮ মাৰ্চত ফৰাছী আৰু প'লিচ ভাষাত ৱিক্সনেৰীৰ কাম আৰম্ভ হয়। তাৰ পাছত বহু ভাষাত ৱিক্সনেৰী আৰম্ভ কৰা হৈছে। ২০০৪ চনৰ ১ মে'লৈকে এটা অস্থায়ী ড'মেইন নামত (wiktionary.wikipedia.org) ৱিক্সনেৰীৰ কাম চলোৱা হৈছিল আৰু ইয়াক বৰ্তমানৰ ড'মেইন নামলৈ [lower-alpha 2] অনা হয়। ২০১৬ চনৰ নৱেম্বৰৰ তথ্য অনুসৰি ৱিক্সনেৰীত ২.৫৯ কোটি অন্তৰ্ভুক্তি আছে।[2] ৫০ লাখৰো অধিক অন্তৰ্ভুক্তিৰে ইংৰাজী ৱিক্সনেৰীয়েই সকলোতকৈ ডাঙৰ সংকলন। বৰ্তমান ৪১ খন ৱিক্সনেৰী সংকলনত এক লাখৰো বেছি অন্তৰ্ভুক্তি আছে।[lower-alpha 3]

টোকা

  1. Wikipedia mailing list archive discussion announcing the opening of the Wiktionary project – Retrieved May 3, 2011
  2. Wiktionary's current URL is www.wiktionary.org.
  3. Wiktionary total article counts are here. Detailed statistics by word type are available here .

References

Specific
  1. "Wiktionary.org Site Info". Alexa Internet. http://www.alexa.com/siteinfo/wiktionary.org আহৰণ কৰা হৈছে: 2017-07-07.
  2. https://www.wiktionary.org/
General
  • Krizhanovsky, Andrew (2010). "Transformation of Wiktionary entry structure into tables and relations in a relational database schema". arXiv:1011.1368 [cs]. 
  • Krizhanovsky, Andrew (2010). "The comparison of Wiktionary thesauri transformed into the machine-readable format". arXiv:1006.5040 [cs]. 
  • Lin, Feiyu; Krizhanovsky, Andrew (2011). "Multilingual ontology matching based on Wiktionary data accessible via SPARQL endpoint". Proc. of the 13th Russian Conference on Digital Libraries RCDL'2011. প্ৰকাশক Voronezh, Russia. pp. 19–26. 

বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.