কম্পিউটাৰ

কম্পিউটাৰ
 ·

কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলিও কোৱা হয়৷ ইংৰাজী কম্পিউটাৰ শব্দটো আহিছে লেটিন ভাষাৰ 'কম্পিউটে' শব্দৰ পৰা যাৰ অৰ্থ হৈছে গণনা৷ Oxford English Dictionary-ৰ মতে, কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা যাক গণনা কাৰ্যত অথবা অন্যান্য কিছুমান কাৰ্য নিয়ন্ত্ৰণৰ বাবে গাণিতিক দৰ্শনৰ সহায়ত ব্যৱহাৰ কৰা হয় ৷

গতিকে আমি ক'ব পাৰোঁ যে, কম্পিউটাৰ হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা বিভিন্ন গণনা কাৰ্য সমাধা কৰিব পৰাৰ উপৰিও য'ত গাণিতিক পদ্ধতিগতভাৱে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰি আৰু লগতে প্ৰয়োজন অনুসৰি সংৰক্ষিত তথ্যৰাজি উলিয়াই আনিব পৰা যায়৷

প্ৰথম বৈদ্যুতিক ডিজিটেল কম্পিউটাৰ সাঁজি উলিওৱা হৈছিল ১৯৪০ অৰ পৰা ১৯৪৫ চনৰ মাজভাগত। সেই সময়ৰ কম্পিউটাৰবোৰে একোটা প্ৰকাণ্ড কোঠাৰ সমান ঠাই আগুৰিছিল আৰু আজিৰ ব্যক্তিগত কম্পিউটাৰৰ (PCs) তুলনাত হাজাৰগুণ বেছি বিদ্যুত ব্যয় কৰিছিল।[1]তেতিয়াৰ দিনত ইয়াক বিশেষকৈ সৈন্যবাহীনিৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল।


সংহত বৰ্তনী (integrated circuit)ৰ সহায়ত নিৰ্মান কৰা আধুনিক কম্পিউটাৰসমূহ পুৰণি মেছিনবিলাকতকৈ কেইবা কোটিগুণে শক্তিশালী হয় কিন্তু ই আকৃতিত আগৰবোৰৰ সামান্য এক অংশমানহে হয়।[2] এই ধৰণৰ ক্ষুদ্ৰ কম্পিউটাৰসমূহ ভ্ৰাম্যমান সঁজুলিবিলাকত (mobile device) ব্যৱহাৰ কৰিবলৈ অতি সহজ, যিবিলাকক কিছুমান সুক্ষ্ম আকৃতিৰ বেটেৰীৰ সহায়ত চলাব পৰা যায়।

কম্পিউটাৰৰ চমু ইতিহাস

'কম্পিউটাৰ' শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ৰিছাৰ্ড ব্ৰেইটহোৱাইট (Richard Braithwait) নামৰ ইংৰাজ লেখক এজনৰ “The yong mans gleanings” নামৰ কিতাপখনত ১৬১৩ চনত। কিতাপৰ শাৰীটো তলত উল্লেখ কৰা হ'ল

        "I haue read the truest computer of Times, and the best Arithmetician that euer breathed, and he reduceth thy dayes into a short number"

কিতাপখনত ইয়াক গণনা কৰা মানুহ এজনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু প্ৰায় কুৰি শতিকাৰ মাজভাগলৈকে ই একেই অৰ্থ বহন কৰি আছিল। উনৈশ শতিকাৰ শেষৰ পিনেহে এই শব্দটো মানুহৰ সলনি গণনা কৰিব পৰা যন্ত্ৰ এটাৰ ক্ষেত্ৰত ব্যৱহাৰ হবলৈ ধৰে।[3]

গণনাৰ সুবিধাৰ বাবে প্ৰাচীন চীন, মিছৰ আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ পাস্কেলে যোগ-বিয়োগ কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল৷ পাস্কেলৰ সেই যন্ত্ৰটোকে কিছু উন্নত কৰি জাৰ্মান গণিতজ্ঞ লাইবনিটজে পূৰণ-হৰণ আদি সমাধা কৰিব পৰা কৰি তুলিছিল ৷

বৰ্তমান সচৰাচৰ ব্যৱহৃত যান্ত্ৰিক অথবা ডিজিটেল কম্পিউটাৰৰ বাটকটীয়া হৈছে উনবিংশ শতিকাৰ ইংৰাজ বিজ্ঞানী চাৰ্লছ বেবেজ৷ তেখেতেই প্ৰথমবাৰৰ বাবে তথ্য (dataprocessing কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল৷ ১৯৪৬ চনত আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাউখলি আৰু জে. প্ৰেছপাৰ একাৰ্টৰ নেতৃত্বত বিশ্বৰ সৰ্বপ্ৰথম উচ্চ ক্ষমতাসম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰটো নিৰ্মান কৰা হয় যাৰ নাম আছিল ENIAC (Electronic Numeric Integration And Calculator) ইয়াৰ পিছত কম্পিউটাৰৰ বিকাশ অতি দ্ৰুত গতিত হ'বলৈ ধৰিলে৷ বৰ্তমান নিত্য-নৱ উদ্ভাৱনে কম্পিউটাৰৰ জগতত এনে অৱস্থাৰ সূচনা কৰিছে, যাৰ ফলত কালিৰ কম্পিউটাৰ আজি পুৰণি হোৱাৰ উপক্ৰম হৈছে ৷

কম্পিউটাৰৰ প্ৰকাৰ

কম্পিউটাৰ মূলত তিনি প্ৰকাৰৰ-এনালগ, ডিজিটেল আৰু হাইব্ৰিড কম্পিউটাৰ৷

  1. এনালগ কম্পিউটাৰ: ইংৰাজী Analog শব্দটো প্ৰকৃততে গ্ৰীক ভাষাৰ পৰা অহা; ইয়াৰ অৰ্থ হৈছে- যিকোনো দুটা মাধ্যম তুলনা কৰি ইহঁতৰ মাজত সাদৃশ্য স্থাপন৷ এনাগল কম্পিউটাৰে একেৰাহে একোটা জোখ আৰু তথ্যৰ জৰিয়তে দুটা মাধ্যমৰ মাজত সাদৃশ্য জুখি উলিয়ায়৷ এই শ্ৰেণীৰ কম্পিউটাৰত গণনা কৰাতকৈ জোখ লোৱাতহে অধিক গুৰুত্ব আৰোপ কৰা হয়৷ সাধাৰণতে, উষ্ণতাৰ পৰিৱৰ্তনৰ জোখ লোৱা ধৰণৰ কাৰ্যত এই কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ৷
  2. ডিজিটেল কম্পিউটাৰ: ডিজিটেল কম্পিউটাৰে '০' আৰু '১' অংক দুটাৰ বাদে আন একো বুজি নাপায়৷ এই শ্ৰেণীৰ কম্পিউটাৰে ইয়াক যোগান ধৰা সকলো তথ্য, নিৰ্দেশ ইত্যাদি ততমুহূৰ্ততে '০' আৰু '১' লৈ পৰিৱৰ্তন কৰি লয়৷ ডিজিটেল কম্পিউটাৰ এনালগ কম্পিউটাৰতকৈ অধিক ক্ষীপ্ৰ, নিৰ্ভৰযোগ্য আৰু উন্নত মানৰ ৷
  3. হাইব্ৰিউ কম্পিউটাৰ: হাইব্ৰিউ কম্পিউটাৰ হৈছে এনালগ আৰু ডিজিটেল দুয়োবিধ কম্পিউটাৰৰে এক সংমিশ্ৰিত ৰূপ৷ এই শ্ৰেণীৰ কম্পিউটাৰ ঘাইকৈ বৈজ্ঞানিক আৰু কাৰিকৰী ক্ষেত্ৰত ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হয় ৷

হাইব্ৰিউ কম্পিউটাৰৰ আকাৰ, কাৰ্যদক্ষতা আৰু তথ্য সংৰক্ষণৰ ক্ষমতাৰ ভিত্তিত কেইবাভাগতো বিভক্ত কৰা হয়৷ যেনে- মাইক্ৰ'কম্পিউটাৰ, মিনি কম্পিউটাৰ, চুপাৰ মিনি কম্পিউটাৰ, মেইন ফ্ৰে'ম কম্পিউটাৰ আৰু চুপাৰ কম্পিউটাৰ৷ বৰ্তমান বহুলভাৱে ব্যৱহৃত ব্যক্তিগত কম্পিউটাৰ বা লেপটপ কম্পিউটাৰবিলাক মাইক্ৰ' কম্পিউটাৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত ৷

নিম্নলিখিত বৈশিষ্টসমূহ কম্পিউটাৰত দেখিবলৈ পোৱা যায় :

  1. কম্পিউটাৰে অতি ক্ষীপ্ৰভাৱে কাৰ্য সম্পাদন কৰিব পাৰে৷ বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতিছেকেণ্ডত কেইবা লাখ গণনাকাৰ্য সমাধা কৰিব পাৰে ৷
  2. কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য হয়৷ ই কেতিয়াও ভুল নকৰে ৷
  3. ই অতি বৃহত পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে ইবিলাক ততমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে ৷
  4. ই একে সময়তে কেইবা ধৰণৰ কামো সম্পাদন কৰিব পাৰে ৷
  5. ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ অথবা কামাণ্ড ই ততমুহূৰ্ততে কাৰ্যকৰী কৰে ৷
  6. ই এটা বাধ্য আৰু নিৰ্বোধ যন্ত্ৰ৷ ইয়াৰ নিজস্ব কোনো বুদ্ধিমত্তা নাই ৷
  7. কম্পিউটাৰত ব্যৱহৃত বেলেগ বেলেগ প্ৰ'গ্ৰামৰ ভাষাও বেলেগ বেলেগ হয়৷ এটা প্ৰ'গ্ৰামত ব্যৱহৃত ভাষাই আন এটা প্ৰ'গ্ৰামত কাম নকৰিবও পাৰে ৷
  8. প্ৰয়োজন সাপেক্ষে কম্পিউটাৰে ব্যৱহাৰকাৰীজনক সহায়ৰ জৰিয়তে সহায় কৰে৷ ইত্যাদি


কম্পিউটাৰৰ সুবিধা

  1. কম্পিউটাৰে যিকোনো গণনা বা কাম অতি খৰতকীয়াকৈ কৰিব পাৰে ৷
  2. ই অতি নিখুটভাৱে কাৰ্য সম্পাদন কৰে৷ ব্যৱহাৰকাৰীয়ে ভুল নিৰ্দেশ নিদিলে কম্পিউটাৰে কেতিয়াও ভুল নকৰে ৷
  3. ইয়াৰ স্মৃতি ভঁৰাল অতিকে বৃহত৷ অৰ্থাত, ইয়াত বিশাল পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পৰা যায়৷ তাৰ উপৰিও, প্ৰয়োজন সাপেক্ষে সংৰক্ষিত তথ্য ই ততমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে ৷
  4. একেৰাহে বহুসময় কাম কৰিলেও ইয়াৰ ভাগৰ নালাগে ৷
  5. ই একে সময়তে কেইবাধৰণৰো কাম কৰিব পাৰে ৷
  6. একেটা কামকে বাৰে বাৰে কৰিলেও কম্পিউটাৰৰ ভাগৰ নালাগে অথবা ভুল নহয় ৷
  7. শিক্ষা, চিকিত্সা, যোগাযোগ, ব্যৱসায় আদি বিভিন্ন ক্ষেত্ৰত কম্পিউটাৰ ব্যৱহাৰ কৰিব পৰা যায় ৷
  8. ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ ই ততমুহূৰ্ততে পালন কৰে৷ ইত্যাদি

কম্পিউটাৰৰ অসুবিধা

  1. কম্পিউটাৰৰ কোনো সাধাৰণ জ্ঞান নাই; আন কথাত ই এটা নিৰ্বোধ যন্ত্ৰ৷ সেয়েহে, ই নিজাববীয়াকৈ কোনো সিদ্ধান্ত দিব নোৱাৰে ৷
  2. বিদ্যুত শক্তি অবিহনে ই বিকল হৈ পৰে ৷
  3. এক শ্ৰেণী কম্পিউটাৰৰ বাবে প্ৰস্তুত কৰা চ'ফ্টৱেৰে আন এক শ্ৰেণী কম্পিউটাৰত কাম নকৰিবও পাৰে ৷
  4. প্ৰতিটো প্ৰ'গ্ৰামৰ ভাষা পৃথক হোৱাৰ বাবে সকলো ব্যৱহাৰকাৰীয়ে সকলো প্ৰ'গ্ৰাম ব্যৱহাৰ কৰিব নোৱাৰিবও পাৰে; যিহেতু এজন সাধাৰণ ব্যৱহাৰকাৰীয়ে সকলোবিলাক ভাষা ভালদৰে আয়ত্ব কৰাটো সম্ভৱ নহয় ৷
  5. দিনক দিনে কম্পিউটাৰৰ আকাৰ সৰু হৈ অহাত ইহঁতৰ মেৰামতি কাৰ্য জটিল হৈ পৰিছে৷ তদুপৰি, নিত্য নৱ উদ্ভাৱনে আজিৰ কম্পিউটাৰক কালিলৈ পুৰণি কালৰ কম্পিউটাৰলৈ পৰিৱৰ্তন কৰিছে ৷
  6. কম্পিউটাৰৰ বিভিন্ন যন্ত্ৰপাতি আৰু অংশসমূহ অতিকে স্পৰ্শকাতৰ; আৱা-হাৱাৰ সমান্য পৰিৱৰ্তনে কোনো মুহূৰ্ততে এই কম্পিউটাৰসমূহৰ ক্ষতি সাধন কৰিব পাৰে ৷
  7. কম্পিউটাৰ এটা ব্যয়বহুল যন্ত্ৰ ৷

কম্পিউটাৰৰ বিভিন্ন অংশ

কম্পিউটাৰৰ ভৌতিক বা হাতেৰে চুব পৰা অংশবোৰক হাৰ্ডৱেৰ বোলা হয় ৷ ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷

তথ্য সংগ্ৰহ

  1. In 1946, ENIAC required an estimated 174 kW. By comparison, a modern laptop computer may use around 30 W; nearly six thousand times less. "Approximate Desktop & Notebook Power Usage". University of Pennsylvania. http://www.upenn.edu/computing/provider/docs/hardware/powerusage.html আহৰণ কৰা হৈছে: 20 June 2009.
  2. Early computers such as Colossus and ENIAC were able to process between 5 and 100 operations per second. A modern “commodity” microprocessor (as of 2007) can process billions of operations per second, and many of these operations are more complicated and useful than early computer operations. "Intel Core2 Duo Mobile Processor: Features". Intel Corporation. http://www.intel.com/cd/channel/reseller/asmo-na/eng/products/mobile/processors/core2duo_m/feature/index.htm আহৰণ কৰা হৈছে: 20 June 2009.
  3. computer, n.. Oxford English Dictionary. Oxford University Press. 1989. http://dictionary.oed.com/ আহৰণ কৰা হৈছে: 10 April 2009.
This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.