এনিমেছন

জঁপিয়াই থকা বলৰ এনিমেছন (তলৰ চিত্ৰ), এই এনিমেছনটো ওপৰৰ ছয়খন বেলেগ বেলেগ ফ্ৰেম সংযোগ কৰি সৃষ্টি কৰা হৈছে।

এই এনিমেছনত প্ৰতি ছেকেণ্ডত দহখন ফ্ৰেম দেখুওৱা হৈছে।

এনিমেছন (ইংৰাজী: Animation) (বা এনিমেশ্যন) হৈছে স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক বিশেষ প্ৰক্ৰিয়াৰে লক্ষ্য কৰিলে গতিৰ ভ্ৰম সৃষ্টি হয়। সহজ অৰ্থক ইয়াক "চলমান চিত্ৰ" বুলিও ক'ব পাৰি। চলচ্চিত্ৰৰ আৰু এনিমেছনৰ সংজ্ঞা আৰু মূল কাৰিকৰী নীতি একেই। চলচ্চিত্ৰৰ সংজ্ঞাই এনিমেছনকো সাঙুৰি লয়। নিৰ্মাণ প্ৰক্ৰিয়াৰ ভিন্নতা অনুসৰি চলচিত্ৰক জীৱম্ত গতি (live action), বা এনিমেছন এই দুটা বহল ভাগত ভগাব পাৰি। জীৱন্ত গতি চলচ্চিত্ৰ নিৰ্মাণ কৰোঁতে চলমান বস্তু এটাক কেমেৰাৰ সহায়েৰে সময়ৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অন্তৰালত (পাৰম্পৰিক ভাৱে ছেকেণ্ডত ২৪ টা) ফটো তোলা হয়। এই ছবিবোৰত চলমান বস্তুটোৰ বিভিন্ন মূহুৰ্তক স্থিৰ চিত্ৰ কৰি পেলোৱা হয়। প্ৰতিখন ছবিকে একোখন 'ফ্ৰেম' বোলা হয়। পাছত প্ৰজেক্টৰৰ সহায়েৰে এই 'ফ্ৰেম'বোৰক ক্ৰম অনুসৰি পৰ্দাত প্ৰক্ষেপণ কৰা হয়। দৃষ্টিৰ জড়তা (Persistence of vision) পৰিঘটনাৰ বাবে আমাৰ চকুৱে সিখনৰ পাছত সিখনকৈ প্ৰক্ষেপিত স্থিৰ চিত্ৰৰ ক্ৰমক গতিৰ ভ্ৰমলৈ ৰূপান্তৰিত কৰে আৰু আমি ছবিখন চলি থকা দেখোঁ। পিছলৈ অৱশ্যে এই মতক নাকচ কৰা হয়। লক্ষ্যনীয় যে এই পদ্ধতিত এটা বিশেষ যন্ত্ৰ (চলচিত্ৰ কেমেৰা)ৰ দ্বাৰা, চলনশীল বস্তু এটাৰ চলনক 'ফ্ৰেম'ৰ ৰূপ দিয়া হয়। এনিমেছন প্ৰক্ৰিয়াত প্ৰতিখন ফ্ৰেম বেলেগে বেলেগে সৃষ্টি কৰা হয়। পাছত প্ৰতিটো ফ্ৰেমকে ক্ৰম অনুসৰি পৰ্দাত নিক্ষেপন কৰি গতিৰ আভাষ দিয়া হয়। এনিমেছন নিৰ্মাণ কৰোঁতে প্ৰতিখন ফ্ৰেমেই এখন এখনকৈ সৃষ্টি কৰা হয়। ফ্ৰেম নিৰ্মাণ বিভিন্ন পদ্ধতিৰে কৰিব পাৰি। হাতে অঁকা আৰু একেটা বস্তুৰ অৱস্থানৰ সামান্য পৰিবৰ্তন কৰি তাৰ ছবি লোৱাটো সাধাৰণতে ব্যৱহৃত দুটা প্ৰক্ৰিয়া। বৰ্তমান গাণনিক যন্ত্ৰৰ (কম্পিউটাৰ) সহায়ত এনিমেছন নিৰ্মাণ কৰাটো জনপ্ৰিয় উপায়। এনিমেছন দ্বিবিমীয় (2D) বা ত্ৰিবিমীয় (3D) হ'ব পাৰে।

এনিমেছন শব্দৰ উৎপত্তি

লাটিন ভাষাৰ শব্দ anima (আত্মা/soul), ইয়াৰে ক্ৰিয়াবাচক শব্দ হৈছে Animate । Animate শব্দৰ অৰ্থ আত্মা দান কৰা, বা প্ৰাণ দিয়া।[1] অৰ্থাৎ জড় বস্তু এটাত প্ৰাণ প্ৰতিষ্ঠা কৰা। এনিমেছনতো জড়/স্থিৰ চিত্ৰক গতিশীল কৰি "প্ৰাণ দিয়া" হয় বাবেই ইয়াক এনিমেছন বোলা হয়।

এনিমেছনৰ ইতিহাস

স্থিৰ চিত্ৰক গতিশীল কৰাৰ প্ৰচেষ্টা প্ৰাগৈতিহাসিক কালৰেপৰা কৰা হৈছে। ৩৫,০০০ বছৰ আগৰ গুহা চিত্ৰত অঁকা জন্তুত চাৰিখনৰ ঠাইত আঠখন ঠেঙ আঁকি গতিশীল ৰূপত প্ৰকাশ কৰাৰ চেষ্টা কৰা হৈছিল।[2] খ্ৰী.পূ ১৬০০ শতিকাত ইজিপ্টৰ ফাৰাও দ্বিতীয় ৰামছেছ-এ নিৰ্মাণ কৰা দেৱী আইছিছৰ মন্দিৰত ১১০-টা স্তম্ভ আছিল। প্ৰতিটো খুঁটাতো দেৱীৰ এটা ভংগিমাক সময়ৰ হিচাপত পৰিৱৰ্তন কৰি অঁকা ছবি আছিল। কোৱা হ'ব যে বেগেৰে যোৱা ঘোঁৰাচালকে দেৱীৰ ভংগিমা সলনি হৈ যোৱা দেখিবলৈ পাইছিল।[3] অতীজৰ গ্ৰীকসকলে মাটিৰ গোল পাত্ৰৰ চাৰিওফালে ক্ৰমান্বয়ে সলনি হোৱা ভংগিমাৰ মানুহৰ ছবি আঁকিছিল। পাত্ৰটো জোৰেৰে ঘূৰালে মানুহজনে লৰচৰ কৰা দেখা পোৱা গৈছিল।[4]

অৱশ্যে এনিমেছনক বৰ্তমানৰ ৰূপ দিয়াৰ আগতে চলচিত্ৰৰ কলা-কৌশল পূৰ্ণাংগ ৰূপে বিকশিত হোৱাৰ প্ৰয়োজন আছিল। চলচিত্ৰৰ আগতে আৱিষ্কৃত হৈছিল পৰ্দাত ডাঙৰকৈ ছবি প্ৰক্ষেপ কৰাৰ প্ৰক্ৰিয়া। ১৬৪০ চনত এথ'নেছিয়াছ কাৰ্চাৰ-এ (Athonasius Kircher) 'মেজিক চাকি' (Magic Lantern) নামৰ এটা যন্ত্ৰ সাজি উলিয়ায়। তেৱেই কাঁচত ছবি আঁকি সেই ছবি মেজিক চাকিৰ জৰিয়তে পৰ্দাত প্ৰক্ষেপ কৰি দেখুৱাইছিল। এনিমেছনৰ এটা ৰুক্ষ ৰূপো তেওঁ আৱিষ্কাৰ কৰিছিল। তেখেতে একেখন কাঁচতে মেল খাই থকা মানুহৰ মুখ আৰু নিগনি এটা ছবি আঁকিছিল। এডাল ৰছীৰ সহায়ত এই ছবি থকা কাঁচখন জোৰেৰে অনা-নিয়া কৰি থাকিলে নিগনিটো মানুহজনৰ খোলা মুখেৰে সোমাই যোৱা যেন লাগিছিল।[5]

১৮২৪ চনত পিটাৰ মাৰ্ক ৰ'জেট-এ (Peter Mark Roget) প্ৰথমবাৰৰ ভাৱে "দৃষ্টি জড়তা" পৰিঘটনা লক্ষ্য কৰে। এই পৰিঘটনা মতে আমাৰ চকুৰ অক্ষিপটত (Retina) পৰা যিকোনো দৃশ্য কিছু সময়ৰ বাবে চকুতে ৰৈ থাকে।[6] সেই সময়কণৰ পাছতহে মানুহে আকৌ দেখা পায়। যদি মাজৰ এই নেদেখা সময়খিনিত দৃশ্যৰ পৰিৱৰ্তন কৰা হয়, মানুহজনে পৰিবৰ্তন হোৱাৰ কথাটো ধৰিব নোৱাৰিব। দৃশ্যমান সময়ত যদি একেটা গতিৰ ক্ৰমাগতভাৱে পৰিৱৰ্তিত ছবি দেখুৱাই থকা হয় আৰু মাজৰ নেদেখা সময়খিনিত দৃশ্যাৱলীৰ পৰিবৰ্তন ঘটোৱা হয়, তেতিয়া মানুহজনে চকুৰ সম্মুখত চলমান দৃশ্যাৱলী দেখিবলৈ পাব, যদিও প্ৰতিটো দৃশ্য আচলতে চলমান হয়। এই 'দৃষ্টি জড়তা'ৰ অবিহনে চলচ্চিত্ৰ বা এনিমেছন সম্ভৱেই নহ'লহেঁতেন।

ৰ'জেটৰ আৱিষ্কাৰে কেবাটাও নতুন নতুন খেলনাৰ জন্ম দিলে, য'ত 'দৃষ্টি জড়তা'ৰ সহায় লৈ কিছুমান দৃষ্টিভ্ৰম কৰোৱা হৈছিল। এই খেলনাসমূহেই আছিল এনিমেছনৰ আদি ৰূপ। এনে এটা খেলনা আছিল থ'মাট্ৰ'প (Thaumatrope)। এখন ডাঠ কাগজৰ কাঁহীৰ দুটা মূৰে দুডাল সূতা বন্ধা থাকিছিল আৰু কাগজখনৰ দুয়োফালে দুটা বেলেগ বেলগ ছবি আঁকি ৰখা হৈছিল। যেনে এফালে এটা পিঞ্জৰা, আনফালে এটা চৰাই। ৰছীডাল পকাই পকাই টানি দিলে কাঁহীখন ঘূৰিবলৈ আৰম্ভ কৰিছিল আৰু দেখা গৈছিল যে চৰাইটো পিঞ্জৰাৰ ভিতৰত সোমাই পৰিছে। আচলতে দৃষ্টি জড়তাৰ বাবে অলপ বেছি সময়ৰ বাবে ছবি দুখন চকুত ৰৈ গৈছিল আৰু ছবি দুখন ইফাল-সিফাল হোৱা সময়খিনি নিচেই কম হোৱা বাবে দেখা নগৈছিল।[7]

ফেনাকিষ্ট'স্কোপ (Phenakistoscope) একে নীতিৰে তৈয়াৰী আন এবিধ খেলৰ সামগ্ৰী। ইয়াত এডাল ধুৰাৰ দুইমূৰে দুখন কাঁহী লগোৱা আছিল। সম্মুখৰ কাঁহীখনৰ পৰিধিয়েদি দীঘলীয়া ফুটা আছিল আৰু সেই ফুটাৰে চালে দেখা পোৱাকৈ পাছফালৰ খনত আছিল একোখন ছবি। ছবিকেইখন একেটা গতিশীল বস্তুৰ ক্ৰমিক স্থিৰ ছবি আছিল। কাঁহী দুখন জোৰেৰে ঘূৰাই ফুটাৰে চাই পঠিয়ালে পাছফালৰ ছবিখনে লৰচৰ কৰা দেখা গৈছিল।[8]

আন এবিধ উল্লেখনীয় সঁজুলি আছিল জুট্ৰ'প (Zoetrope), ইয়াক 'জীৱনৰ চকৰী' বুলিও কোৱা হৈছিল। ১৮৬৭ চনত আমেৰিকাত এইবিধ খেলনাৰ প্ৰচলন হয়। দীঘল কাগজৰ টুকুৰাত এটা গতিৰ ক্ৰমৰ ছবি আঁকি এটা চুঙাৰ ভিতৰত লগোৱা হৈছিল। সেই চুঙাতে আছিল দীঘলীয়া কিছুমান ফুটা। চুঙাটো জোৰেৰে ঘূৰাই সেই ফুটাৰে চালে ভিতৰৰ ছবিখনে গতি লৈছিল।[9]

প্ৰাক্সিন'স্কোপ (Praxinoscope) আৱিস্কাৰ কৰিছিল এমিল ৰেন'ড-এ (Emile Reynaud)। এই যন্ত্ৰটো প্ৰায় জুট্ৰ'পৰ নিচিনাই আছিল, কিন্তু চুঙাটোৰ অক্ষত আন এটা সৰু চুঙা বহুৱাই তাত আইনা লগাই দিয়া হৈছিল। তাৰোপৰি ইয়াৰ চুঙাৰ পৰিধি আছিল বহল। সেয়ে ইয়াৰ ভিতৰত ৩০ ফুট দীঘল কাগজৰ টুকুৰা লগাই তাত ছবি অঁকা হৈছিল। অৱশ্যে এই যন্ত্ৰ কাগজ ব্যৱহাৰ নকৰি এবিধ পাৰদৰ্শী কাগজত ছবিখিন অঁকা হৈছিল। এই কাগজখনক বোলা হৈছিল "ক্ৰিষ্টেলইড্‌" (Crystaloid)। ছবি আঁকিবলৈ বেছি ঠাই থকা হেতুকে ইয়াত অকল একেবাৰে চুটি গতিৰ ছবি নেআঁকি একোটা সম্পূৰ্ণ নাটকীয়া ঘটনা আঁকিব পৰা হৈছিল। এনিমেছনৰ জৰিয়তে কাহিনী কোৱাৰ প্ৰক্ৰিয়া দৰাচলতে এই যন্ত্ৰৰপৰাই আৰম্ভ হৈছিল। [10]

১৮৬৮ চনত বজাৰলৈ আহে আন এবিধ নতুন খেলনা, ফ্লিপাৰ বুক (Flipper Book)। আটাইবোৰ যন্ত্ৰৰ ভিতৰত ইয়েই আছিল আটাইতকৈ সৰল আৰু জনপ্ৰিয়। এটা ক্ৰমৰ কেইবাখনো ছবি ক্ৰম অনুসাৰে এফালে বান্ধি থোৱা থাকিছিল। আনটো ফালে ছবিৰ দমটোৰ কাষত ধৰি বেগেৰে এখন এখনকৈ লুটিয়ালে ছবিখনে গতি কৰা দেখা গৈছিল।[11] এই ফ্লিপাৰ বুক আজিকালিও বজাৰত পোৱা যায়। আজি কালি অৱশ্যে অঁকা ছবিৰ সলনি এটা ক্ৰমত থকা তোলা ছবিহে দিয়া দেখা যায়। 'ফ্লিপাৰ বুক' বা 'ফ্লিপ বুক' পাৰম্পৰিক 'এনিমেটৰ'সকলে এতিয়াও প্ৰাৰম্ভিক পৰীক্ষৰ বাবে ব্যৱহাৰ কৰে।

লক্ষ্যনীয় যে এই সময়লৈকে সদায় হাতে অঁকা ছবিহে ব্যৱহাৰ কৰা হৈছিল। কেমেৰাৰ আৱিষ্কাৰ হৈছিল যদিও এনেবোৰ খেলনাৰ বাবে কেমেৰাৰে তোলা ছবি ব্যৱহাৰ কৰা নহৈছিল। আৱিষ্কাৰক থমাছ আলভা এডিছন-এ (Thomas Alva Edison) জুট্ৰ'প যন্ত্ৰৰ দ্বাৰা অনুপ্ৰাণীত হৈ এটা গতিশীল বস্তুৰ ক্ৰমিক ছবি তুলিব পৰা যন্ত্ৰ এটাৰ আৱিষ্কাৰত মনোনিবেশ কৰে। এইকামৰ বাবে ১৮৮৮ চনত তেওঁ সহযোগী উইলিয়াম ডিক্‌ছন-ক (William K.L. Dickson) দায়িত্ব দিয়ে। দুয়োজনে ক্ৰমিক ছবি তোলাৰ বাবে [[কাইনেট'গ্ৰাফ] (Kinetograph) আৰু সেই ছবি চলমান অৱস্থাত চোৱাৰ বাবে কাইনেট'স্কোপ (Kinetoscope) নামৰ এবিধ যন্ত্ৰ উদ্ভাৱন কৰে। ১৮৯৪ চনত 'কাইনেট'স্কোপ' যন্ত্ৰ বজাৰত মুকলি কৰা হয়। এই যন্ত্ৰত এটা ফুটাৰে চলমান ছবি ছোৱাৰ ব্যৱস্থা আছিল। সেয়ে এবাৰত এজন ব্যক্তিয়ে ছবি দৰ্শন কৰিব পাৰিছিল। এই অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিদ্বন্দ্বী আৱিষ্কাৰকে সেই ছবি পৰ্দাত ডাঙৰকৈ প্ৰক্ষেপ কৰিব পৰা ব্যৱস্থা সাজি উলিয়ায়। থমাছ এৰ্মাট (Thomas Armat) নিৰ্মিত এনে এটা যন্ত্ৰৰ আধাৰত এডিছনে নিজাকৈ এটা প্ৰজেক্টৰ (Projector) নিৰ্মাণ কৰে আৰু নাম দিয়ে ভিটাস্কোপ (Vitascope)।[12]

১৮৯৬ চনত, নিউয়ৰ্কৰ এখন বাতৰি-কাকতৰ কাৰ্টুনিষ্ট জেম্‌ছ ষ্টুৱাৰ্ট ব্লেকটন-এ (James Stuart Blackton) এটা সাক্ষাৎকাৰৰ বাবে এডিছনৰ ওচৰলৈ যায়। তাতেই ছবি অঁকাত ব্লেকটনৰ ক্ষীপ্ৰতা দেখি তেখেতক এটা ক্ৰমৰ এলানি ছবি আঁকিবলৈ অনুৰোধ কৰে। সেই ছবিলানিক এডিছনে ফটো তুলি ৰাখে। সেয়েই আছিল ফটোগ্ৰাফি আৰু ছবিৰ প্ৰথম সংযোগ। ১৯০৫ তেওঁলোক দুয়ো "অঁভজা মুখৰ ধেমেলীয়া মূহুৰ্ত" (Humorous Phases of Funny Faces) নামেৰে এখন চলচিত্ৰ নিৰ্মাণ কৰে। এই চলচিত্ৰখনৰ বাবে প্ৰায় ৩০০০ খন ছবি অঁকা হৈছিল। ৰাইজে এই নতুন পৰীক্ষা দেখি অভিভূত হৈ পৰিছিল।[13] এয়েই আছিল আধুনিক এনিমেছনৰ পূৰ্বপুৰুষ।

এবছৰ পাছত এমিল ক'ল-এ (Emile Cohl) নিৰ্মাণ কৰি উলিয়ায় আন এখন এনিমেছন ছবি। এইখন পেৰিছত প্ৰথম দেখুওৱা হৈছিল। কলা পৃষ্ঠাত বগা ছবিৰে ইয়াত এটা সম্পূৰ্ণ কাহিনী দেখুওৱা হৈছিল। চৰিত্ৰসমূহৰ বাহিৰেও বিজুলী খুঁটা, ঘৰ আদিয়েও ইয়াত লৰচৰ কৰিছিল, সুখী বা দুখীও হৈছিল। এই ছবিখনতে এনিমেছনৰ সফল প্ৰয়োগৰ আৰম্ভনি হৈছিল। পাছলৈ এনিমেছনৰ ক্ষেত্ৰত মানি চলা এটা নীতি ইয়াতেই প্ৰথম ব্যৱহাৰ কৰা হৈছিল--'কেমেৰাও যি কৰিব পাৰি সেইটো নকৰিবা, কেমেৰাই নোৱাৰাটোহে কৰা।'[14]

ৱিনছৰ মেক্‌কে (Winsor McCay)

ৱিনছৰ মেক্‌কে-ই প্ৰথমে এনিমেছনক এটা কলা হিচাপে জন্ম দিয়াৰ প্ৰয়াস কৰে।[15] মেক্‌কে আছিল এজন কমিক্‌ছ শিল্পী। তেখেতৰ 'অজান দেশত অকণমানি নিমো' (Little Nemo in Wonderland) আছিল এখন জনপ্ৰিয় কমিক্‌চ। নিজৰ ল'ৰাৰ বাবে তেওঁ প্ৰায় ৪০০০ ছবিৰে[16] 'অকণমানি নিমো'-ক Little Nemo (১৯১১) নামেৰে এনিমেছন ছবিৰ ৰূপ দিয়ে। তেখেতৰ এই চলচিত্ৰ অতি জনপ্ৰিয় হৈছিল। ১৯১২ চনত তেখেতে নিৰ্মাণ কৰে আন এখন এনিমেছন ছবি How a Mosquito Operates। ১৯১৪ চনত তেখেতই Gertie the Dinosaur নামেৰে আন এখন এনিমেছন ছবি নিৰ্মাণ কৰি উলিয়ায়।[17] এই ছবিখনৰ প্ৰদৰ্শনৰ সময়ত 'গাৰ্টি' নামে ডাইন'ছৰটোৰ চলচিত্ৰ পৰ্দাত প্ৰক্ষেপ কৰা হৈছিল আৰু মেক্‌কেই নিজে পৰ্দাৰ আগত থিয় হৈ 'গাৰ্টি'ক আপেল খুৱাইছিল। 'গাৰ্টি দা ডাইন'ছৰ' ছবিখনক এনিমেছন শিল্পৰ এটা মাইলৰ খুঁটি বুলি মনা হয়। প্ৰথমবাৰৰ বাবে সুনিপুণ ছবিৰে 'গাৰ্টি'ক অঁকা হৈছিল, 'গাৰ্টি'ৰ হাত-ভৰিৰ চলনো আছিল একেবাৰে জীৱন্ত আৰু 'গাৰ্টি'ৰ ভাল লগা, বেয়া লগা আদিৰো সুন্দৰ ৰূপ দিয়া হৈছিল। ছবিখন অতি জনপ্ৰিয় হৈছিল। এই ছবিখনেই এনিমেছনক এটা বিশিষ্ট শিল্পৰ ৰূপলৈ তুলি ধৰে। ১৯১৮ চনত ২৫,০০০ ছবিৰে সেই সময়লৈ দীৰ্ঘতম এনিমেছন ছবি 'The Sinking of the Lusitania' খনো নিৰ্মাণ কৰে মেক্‌কে-ই।[18] ইয়াৰ পাছতো মেক্‌কেয়ে আৰু তিনিখন এনিমেছন ছবি নিৰ্মাণ কৰে।[19]

মেক্‌কেৰ এনিমেছন ছবি কেইখন লোকপ্ৰিয় হোৱাৰ উপৰিও কলাত্মক দিশতো উল্লেখযোগ্য আছিল। এনিমেছনক এটা শিল্প হিচাপে গঢ় দিয়াত মেক্‌কেৰ অৱদান আটায়ে মানি লয়।[20][21] এনিমেছন ছবিৰ নিৰ্মাণৰ উপৰিও দক্ষ চিত্ৰকৰ আৰু শিল্পী হিচাপেও মেক্‌কে আছিল অসাধাৰণ। তেখেতক 'কাৰ্টুন জগতৰ মোজাৰ্ট' বুলি সম্বোধন কৰা হয়। International Animated Film Society (ASIFA - Hollywood)-এ তেখেতৰ নামৰ বঁটাৰে জীৱন-যোৰা সাধনাৰ বঁটাৰ নামাকৰণ কৰিছে। [22]

মেক্‌কেৰ এনিমেছন অতি জনপ্ৰিয় আৰু কলাত্মক দিশতো উন্নত হোৱাৰ পাছতো কিন্তু সাধাৰণভাৱে এনিমেছন ছবিৰ মান উন্নত হোৱা নাছিল। মেক্‌কেই নিজেই ছবি আঁকিছিল আৰু তেখেতৰ কোনো সহকাৰীও নাছিল। সেয়ে তেখেতৰ পদ্ধতি আছিল যথেষ্ট সময়বহুল আৰু কষ্ট সাপেক্ষ। সেয়ে সেই ধৰণে বাণিজ্যিকভাৱে এনিমেছন ছবি নিৰ্মাণৰ কাম কৰাটো সম্ভৱ নাছিল।[23] বাণিজ্যিক এনিমেছন শিল্পীয়ে পতা এখন সভাত তেখেতে নতুন এনিমেটৰসকলে টকাৰ নামত এটা শিল্পক ধূলিস্যাত কৰা বুলি ককৰ্থনা কৰিছিল।[24]

বাণিজ্যিক ষ্টুডিঅ'ত এনিমেছন আৰু বিকাশ

এনিমেছন ছবিৰ বাবে প্ৰয়োজন বহুত সংখ্যক হাতে অঁকা ছবি। সেয়ে এজন মানুহৰ বাবে দীঘল এনিমেছন ছবি নিৰ্মাণ কৰাটো সম্ভৱ নহয়। সেয়ে এনিমেছন ছবি নিৰ্মাণৰ বাবে ষ্টুডিঅ' গঢ়ি উঠে। কেবা জনো শিল্পীয়ে লগ লাগি ছবি আঁকে আৰু তাৰপৰা কেমেৰাৰে ফটো তুলি এনিমেছন ছবি তৈয়াৰ কৰা হয়। এনিমেছন ছবিবিলাকক কাৰ্টুন (Cartoon) বোলা হৈছিল। এনিমেছনৰ বাবে প্ৰথম ষ্টুডিঅ' খুলিছিল ৰাওল বাৰ (Raoul Barre) নামৰ মানুহ এজনে ১৯১৪ চনত। ১৯১৫ চনত পট্টন হয় 'ব্ৰে-হাৰ্ড প্ৰচেছ কোম্পানী' (The Bray-Hurd Process Company)। এই ষ্টুডিঅ'ই পাছৰ ১৭ বছৰ কাৰ্টুন ছবি নিৰ্মাণ কৰে। আন আন ষ্টুডিঅ' এই সময় ছোৱাতে ঠন ধৰি উঠে। এই ষ্টুডিঅ' বিলাকত এনিমেছন ছবিবিলাক মসৃণ আৰু নিৰ্মাণ কাৰ্য্যক সহজ কৰি তুলিবৰ বাবে ন ন উদ্ভাৱন কৰি থকা হৈছিল।[25]

মেক্স ফ্লেইছাৰ-এ (Max Fleischer) আৱিস্কাৰ কৰিছিল ৰট'স্কোপ পদ্ধতি। এই পদ্ধতিত 'জীৱন্ত ছবি'ৰ (live action) ফ্ৰেমক পৰিবৰ্ধিত কৰি সেই ছবিৰ ওপৰত বুলাই বুলাই এনিমেছন ছবিৰ ফ্ৰেম অঁকা হৈছিল। জীৱন্ত মানুহৰ ছবিৰপৰা অঁকা হৈছিল বাবে তাত হাত-ভৰি সঞ্চালনৰ শুদ্ধ ৰূপ ফুটি উঠিছিল।[26]

আন এটা গুৰুত্বপূৰ্ণ উদ্ভাৱন আছিল 'চে'ল'-ৰ (Cel) ব্যৱহাৰ। 'চে'ল' এবিধ পাৰদৰ্শী কাগজৰ নিচিনা পাত। 'চেলুল্ইড'ৰদ্বাৰা নিৰ্মাণ হোৱা বাবেই ইয়াক চুটিকৈ চে'ল বোলা হৈছিল। প্ৰকৃত চে'ল চেলুলইড চেলুল'জ নাইট্ৰেট আৰু কৰ্পূৰৰ মিশ্ৰণ। কিন্তু ই অতিমাত্ৰাই জ্বলনশীল আৰু সহজে শোঁতোৰা পৰি যায় বাবে পাছলৈ চেলুলইডৰ সলনি চেলুলজ এচিটেটৰদ্বাৰা নিৰ্মিত চে'ল ব্যৱহাৰ কৰা হয়। ১৯৯০-ৰ দশকৰপৰা চে'লৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি ষ্টুডিঅ'বিলাকে কম্পিউটাৰ প্ৰ'গ্ৰামৰ সহায় লবলৈ আৰম্ভ কৰে।

১৯২০-৩০-ৰ সময়ছোৱাত কেবাটাও এনিমেছন ষ্টুডিঅ' গঢ়ি উঠে। এই ষ্টুডিঅ' সমূহে নিজৰ ছবিৰ প্ৰতি দৰ্শক আকৃষ্ট কৰিবলৈ অহৰহ চেষ্টা কৰি থাকিছিল। সেই সময়ত ষ্টুডিঅ'ত নিৰ্মিত কাৰ্টুন ছবিবোৰ দেখুওৱা হৈছিল ছবিঘৰত মূল ছবি প্ৰদৰ্শনৰ আগে আগে। ষ্টুডিঅ' বিলাকে জনপ্ৰিয়তা বজাই ৰাখিবলৈ কিছুমান জনপ্ৰিয় হৈ পৰা চৰিত্ৰক বাৰে বাৰে ব্যৱহা কৰিছিল।

বিংশ শতাব্দীৰ দ্বিতীয় দশকত আমেৰিকা যুক্তৰাষ্ট্ৰত গঢ়ি উঠা এনিমেছন ষ্টুডিঅ' বোৰে মূলতঃ কিছুমান জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ গঢ়ি তোলাত গুৰুত্ব দিছিল। আৰু সেই চৰিত্ৰৰ বিভিন্ন কাণ্ড-কাৰখানাৰে চুটি এনিমেছন ছবি তৈয়াৰ কৰি দৰ্শকলৈ আগবঢ়াইছিল। বহুতো এনে চৰিত্ৰৰ মাজত বিশেষ স্থান লভ কৰা এটা চৰিত্ৰ আছিল 'ফেলিক্স-দা কেট' (Felix the Cat)। পাৰামাউণ্ট (Paramount) ষ্টুডিঅ'ৰ বেনাৰত অটো মেছমাৰ-এ সৃষ্টি কৰিছিল এই কাৰ্টুন মেকুৰীটোৰ। ফেলাইন ফ'লিছ (Feline Follies) নামৰ ছবিত এই চৰিত্ৰৰ প্ৰথম অভিষেক ঘটিছিল।[27]

মেক্স ফ্লেইছাৰৰ ইঙ্কৱেল ষ্টুডিঅ'ৰপৰা (Inkwell Studios) ওলাইছিল আন এটা জনপ্ৰিয় চৰিত্ৰ 'ইঙ্কৱেলৰ বহুৱা' (The Inkwell Clown)। প্ৰথম অৱস্থাত এই 'বহুৱা'ৰ চৰিত্ৰটোৰ কোনো নাম দিয়া হোৱা নাছিল বাবে ৰাইজে নিজেই 'ইঙ্কৱেলৰ বহুৱা' নাম দি লৈছিল। পাছলৈ অৱশ্যে 'কোকো' (Koko) নামেৰে নামাকৰণ কৰা হয়। এই বহুৱাৰ চৰিত্ৰটো আঁকোতে ৰ'ট'স্কোপ পদ্ধতিৰ সহায় লোৱা হৈছিল। ছবিৰ আৰম্ভনিতে চৰিত্ৰটো এটা চিঞাহীৰ দোৱাতৰপৰা ওলাই আহিছিল। এইদৰেই বাস্তৱ বস্তুৰ লগত যোগাযোগ কৰা প্ৰথম কাৰ্টুন চৰিত্ৰ হোৱাৰ গৌৰৱো 'ইঙ্কৱেল বহুৱা'ৰ প্ৰাপ্য।[28]

সেই সময়ৰ আন এটা জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ হ'ল 'বঞ্জো' (Bonjo the Dog, স্ৰষ্টা: জৰ্জ ষ্টাডি (George Studdy))। [29]

১৯২১ চনত ৱাল্ট ডিজনীয়ে (Walt Disney) নিজাকৈ লাফ-অ'-গ্ৰাম (Laugh-O-Gram) নামে এটা ষ্টুডিঅ' খোলে আৰু ১৯২২ চনলৈ ছখন কাৰ্টুন ছবি নিৰ্মাণ কৰে।[30] এনিমেছন ছবিক বিকশিত কৰি এটা সম্পূৰ্ণ নতুন মাত্ৰা দিয়া ৱাল্ট ডিজনী আৰু ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ (Walt Disney Studio) বিষয়ে আন এটা শিতানত আলোচনা কৰা হৈছে।

১৯২৪ চনৰপৰা চলচিত্ৰত শব্দৰ প্ৰয়োগ আৰম্ভ হয়। ১৯২৭ চনত নিৰ্মিত 'দা জেজ ছিংগাৰ' (The Jazz Singer) নামৰ ছবিখনক প্ৰথম সবাক ছবি বোলা হয় যদিও তাৰ আগতেও চলচিত্ৰত শব্দৰ প্ৰয়োগ কৰা হৈছিল পৰীক্ষনীয় হিচাপে। কাৰ্টুন ছবিত শব্দৰ প্ৰথম প্ৰয়োগ হয় ১৯২৪ চনত মেক্স ফ্লেইছাৰৰ ষ্টুডিঅ'ৰপৰা নিৰ্মিত 'কোকো ছং কাৰ টিউনছ' (Ko-ko Song Car-Tunes) নামৰ ছবিখনৰপৰা আৰু আন কেবাখনো ছবিত ফ্লেইছাৰে শব্দৰ প্ৰয়োগ কৰে। পূৰ্ণাংগ ভাৱে শব্দ সম্বলিত প্ৰথম কাৰ্টুন ছবি আছিল 'ষ্টীমবোট উইলি' (Steamboat Willie)। ষ্টীমবোট উইলি ৱাল্ট ডিজনীৰ নিৰ্মিত আৰু মিকি মাউছ (Mickey Mouse) চৰিত্ৰৰ ওপৰত আধাৰিত ছবি।[31]

১৯৩০-ৰ দশকত কেবাটাও জনপ্ৰিয় কাৰ্টুন চৰিত্ৰই গঢ় লৈ উঠে। ইয়াৰে কেইটামান হ'ল, বেটি বুপ (Betty Boop, স্ৰষ্টা: মেক্স ফ্লেইছাৰ (Max Fleischer))[32], পপাই (Popeye, স্ৰষ্টা: মেক্স ফ্লেইছাৰ (Max Fleischer))[33], 'ক্ৰেজী কেট' (Crazy Cat, স্ৰষ্টা: চাৰ্লছ মিন্‌জ (Charles Mintz))[34], 'স্ক্ৰেপি' (Scrappy, স্ৰষ্টা: ডিক হিউমাৰ, ছিড মাৰ্কাছ আৰু আৰ্ট ডেভিছ (Dick Heumer, Sid Marcus, Art Davis))[35], 'ফ্লিপ নামে ভোকোলা' (Flip the Frog, সৃষ্টা: ইউব ৱেৰ্কছ (Ub Werks))[36] ইত্যাদি। উল্লেখযোগ্য এই তালিকাত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ চৰিত্ৰবোৰ সংকলিত কৰা হোৱা নাই। এই বিষয়ে ৱাল্ট ডিজনী শিতানত আলোচনা কৰা হৈছে।

১৯২৭ চনত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা নিৰ্মাণ হয় মিকি মাউছৰ প্ৰথমখন কাৰ্টুন ছবি[37] আৰু তেতিয়াৰেপৰা হলিউদৰ (Hollywood) এনিমেছন ছবিৰ ইতিহাস ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ ইতিহাসৰ লগত সাঙোৰ খাই পৰে।

মিকি মাউছ

এটা বুধিয়ক নিগনি মিকি মাউছৰ প্ৰথম ছবি আছিল 'প্লেন ক্ৰেজী' (Plane Crazy) (১৯২৮), দ্বিতীয় ছবি আছিল 'দা গেলোপিং গছো' (The Galloping Gaucho) (১৯২৮)। অৱশ্যে এই দুয়োখন ছবিয়েই পৰিবেশকৰ অভাৱৰ বাবে মুকলি কৰি দিয়া নহ'ল।[38] ১৯২৮ চনতে ৱাল্ট ডিজনীয়ে সবাক কৰি নিৰ্মাণ কৰে আন এখন মিকি মাউছৰ ছবি, 'ষ্টীমবোট উইলি' (Steamboat Willie)। এই ছবিখন মুক্তি দিছিল চেলিব্ৰিটি পিকচাৰ্চ-এ (Celibrity Pictures)। ১৯২৮ চনৰ ১৮ নৱেম্বৰ তাৰিখে মুক্তি পোৱা এই ছবিখনে অভূতপূৰ্ব সঁহাৰি লাভ কৰে। ইয়াৰ পিছত কেবাখনো মিকি মাউছৰ ছবি নিৰ্মাণ কৰা হয়।[39]

ৱাল্ট ডিজনী ষ্টুডিঅ'

ৱাল্ট ডিজনীয়ে ১৯২১ চনত গৃহ চহৰ কানছাছত (Kansas) প্ৰথম 'লাফ-ও-গ্ৰাম' ষ্টুডিঅ' খুলি এনিমেছন ছবি নিৰ্মাণ আৰম্ভ কৰে। ২ বছৰ পাছত এই ষ্টুডিঅ' বন্ধ কৰি ৱাল্ট ডিজনী হলিউদলৈ আহে আৰু তাতেই ৱাল্ট ডিজনী ষ্টুডিঅ' খোলে। এই ষ্টুডিঅ'ৰপৰাই ১৯২৪ চনত প্ৰথমে নিৰ্মাণ কৰে 'এলিচৰ ৱাণ্ডাৰলেণ্ড' (Alice's Wonderland) নামে এলানি এনিমেছন আৰু 'জীৱন্ত গতি'ৰ (Live Action) মিশ্ৰিত ছবি। এই ছবিসমূহত এলিছৰ অভিনয় কৰিছিল এগৰাকী সঁচা ছোৱালীয়ে আৰু এলিছৰ লগত অভিনয় কৰা কাৰ্টুন চৰিত্ৰবোৰ আছিল হাতে অঁকা।[40]

১৯২৭ চনত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা আন এটা কাৰ্টুন চৰিত্ৰৰ জন্ম দিয়া হয়। সেয়া আছিল 'ওছৱাল্ড, দা লাকী ৰেবিট' (Oswald the Lucky Rabbit)। 'ওছৱাল্ড'ৰ ছবিসমূহ প্ৰভূত ভাৱে জনপ্ৰিয় হৈছিল। ১৯২৮ চনত ৱাল্ট ডিজনীৰ ছবি পৰিবেশক 'ইউনিভাৰ্ছেল ষ্টুডিঅ''ই ৱাল্টে বিচৰা পৰিমাণৰ ধন দিবলৈ অমান্তি হৈ নিজাকৈ এটা ষ্টুডিঅ' খুলি ওছৱাল্ডৰ ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে।[41]

ৱাল্ট ডিজনীয়ে নিজাকৈ এটা কাৰ্টুন চৰিত্ৰ গঢ় দিয়াৰ চেষ্টা কৰি সৃষ্টি কৰে 'মিকি মাউছ' (Mickey Mouse)। মিকি মাউছ কাৰ্টুন জগতৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ আৰু এই মিকি মাউছৰ ছবিসমূহে ৱাল্ট ডিজনী ষ্টুডিঅ'ক এটা লেখত লবলগীয়া ষ্টুডিঅ' হিচাপে চিনাকী দিয়ে।[42]

ৱাল্ট ডিজনীয়ে নতুন নতুন প্ৰক্ৰিয়া, পৰীক্ষা-নিৰীক্ষাৰে এনিমেছন ছবিৰ বিকাশ সাধনাৰ চেষ্টা কৰিছিল। ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ এনিমেটৰ উইব ৱেৰ্কছ (Ub Iwerks) আছিল এই ক্ষেত্ৰত ৱাল্টৰ সহযোগী। দুয়োজনৰ প্ৰচেষ্টাত ৱাল্ট ডিজনী ষ্টুডিঅ'ৰপৰা কেবাটাও পদ্ধতিৰ সূচনা কৰা হয় যিয়ে এনিমেছন নিৰ্মাণৰ বিকাশ সাধন সম্ভৱ কৰি তুলিছিল।

সেই সময়ত প্ৰচলিত এনিমেছন আছিল ৰুক্ষ। চৰিত্ৰসমূহক চলা-ফিৰা কৰাই মানুহক হঁহুৱাব পাৰিলেই হ'ল বুলি ভবা হৈছিল। তাৰোপৰি কম সময়তে অধিক সংখ্যক ছবি নিৰ্মাণৰ হেঁচা আহিছিল মালিক কৰ্তৃপক্ষৰপৰা। যিমান পাৰি কম কষ্ট আৰু কম সময়ত ছবিসমূহ অঁকাৰ চেষ্টা কৰা হৈছিল। সেয়ে এনিমেছন ছবি সমূহত সুকুমাৰ শিল্পৰ গাম্ভীৰ্য্য দেখা নগৈছিল। ৱাল্ট ডিজনীয়ে এনিমেছন ছবিৰ এই বিশেষ আসোঁৱাহ দূৰ কৰাৰ চেষ্টা কৰি এনিমেছন ছবি নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে পুনৰ্নিমাণ কৰে।

ৱাল্ট ডিজনীয়ে সংগীতৰ গতিৰ লগত চৰিত্ৰৰ গতিৰ সংগতি ৰখাৰ চেষ্টা কৰে যাতে চৰিত্ৰৰ গতিত সুষমতাৰ অনুভৱ হয়। এই উদ্দেশ্যৰে ষ্টুডিঅ'ৰ সংগীতজ্ঞ কাৰ্ল ষ্টালিং-এ (Carl Stalling) ছবিৰ সংগীত আগতেই বানীবদ্ধ কৰিবলৈ লয়। পাছত এনিমেটৰে সেই সংগীতৰ লগত সামঞ্জস্য ৰাখি চৰিত্ৰৰ গতিৰ ছবি আঁকে। এই পদ্ধতিৰে নিৰ্মাণ কৰা 'ছিলি ছিম্ফ'নি' (Silly Symphonies) এলানি ছবিয়ে ডিজনীৰ এনিমেছনক আন ষ্টুডিঅ'ৰ এনিমেছনতকৈ পৃথক আৰু সুসংহত ৰূপ দিয়ে। ছবিৰ সংলাপো আগতীয়াকৈ বাণীবদ্ধ কৰাৰ ব্যৱস্থা কৰা হয়।[43]

ডিজনী ষ্টুডিঅ'ত প্ৰথমে ব্যৱহাৰ কৰা হৈছিল বৰ্তমান এনিমেছন ছবি নিৰ্মাণৰ এটা অতি জৰুৰী পৰ্ব--'ষ্ট'ৰী বো্ৰ্ড' (Story Board) অংকন। গল্প এটা ছবি হিচাপে কেনেকুৱা লাগিব তাৰ এটা আভাষ পাবলৈ কমিক্‌ছৰ নিচিনাকৈ গল্পটোৰ এলানি ছবি অঁকা হৈছিল, আৰু সেই ছবিৰ লানি চাই আলোচনা কৰি ঠিক কৰা হৈছিল কোনখিনি আৰু ভালকৈ পৰিবেশন কৰাৰ থল আছে। সেয়ে ষ্টুডিঅ'ৰ ছবিৰ গল্পৰ মান আগতকৈ উন্নত হ'বলৈ আৰম্ভ কৰিছিল।[44]

এইবাৰ ৱাল্টে 'ব্যক্তিত্ব সম্পন্ন এনিমেছন' (Personality Animation) গঢ়াত জোৰ দিয়ে। সেই সময়ৰ কাৰ্টুনত চৰিত্ৰবিলাকে খঙ, দুখ, আনন্দ আদি প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল যদিও একোটা বিশেষ ব্যক্তিত্ব আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। উদাহৰণ স্বৰুপে নায়ক আৰু খলনায়কে হাঁহি, কান্দোন ইত্যাদিত একেই ধৰণে হাত-ভৰি-মুখ জোকাৰিছিল। ৱাল্ট ডিজনী ষ্টুডিঅ'ত এই আঁসোৱাহ দূৰ কৰিবলৈ এনিমেটৰ সকলক ছবি অংকনৰ বিশেষ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে। গাইগুটীয়া ব্যক্তিত্ন লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম এনিমেছন ছবি হৈছে 'থ্ৰী লিট্‌ল পিগ্‌ছ' (১৯৩৩, Three Little pigs)।[45]

১৯৩৪ চনত ৱাল্ট ডিজনীয়ে প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ এনিমেছন ছবি 'স্ন' হোৱাইট এণ্ড ছেভেন ড'ৱাৰ্ফছ'ৰ (Snow White and Seven Dwarfs)[46] নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰথমে ষ্টুডিঅ'ৰ আৰ্টিষ্টসকলক প্ৰশিক্ষণ দি সাজু কৰি লৈহে ৱাল্ট ডিজনীয়ে এই কামত হাত দিছিল। ১৯৩৭ চনত এই ছবিখন নিৰ্মাণ হৈ ওলায় আৰু অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰে।[47] ইয়াৰ পাছত ডিজনী ষ্টুডিঅ'ই কেবাখনো পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰে আৰু তাৰে কেবাখনত ন ন আংগিক প্ৰয়োগ কৰি এনিমেছন ছবিক এক স্বয়ং সম্পূৰ্ণ ৰূপ দিয়ে।

ৱাল্ট ডিজনী ষ্টুডিঅ'ৰ সমসাময়িক অন্যান্য ষ্টুডিঅ'

ৱাল্ট ডিজনী ষ্টুডিঅ'-ৰ সমসাময়িক আন কাৰ্টুন ছবি নিৰ্মাতা ষ্টুডিঅ' সমূহে ডিজনীৰ 'জীৱিত-যেন' (Life Like) এনিমেছনৰ সলনি গতিক অন্য মাত্ৰ দিয়া বা গল্পৰ প্ৰতি অধিক গুৰুত্ব দি বনোৱা এনিমেছন ছবি নিৰ্মাণত মনোনিবেশ কৰে। ইয়াৰে কেইবাজনে উল্লেখযোগ্য বৰঙনি আগবছাই থৈ গৈছে। এই ষ্টুডিঅ'সমূহৰ ভিতৰত 'স্ক্ৰীন জেম্‌ছ' (Screen Gems), 'ইউনিভাৰ্ছেল'(Universal), 'টেৰীটুন্‌ছ'(Terrytoons), 'ৱাৰ্নাৰ ব্ৰাদাৰ্ছ' (Warner Bros.) আদি প্ৰধান।[48]

১৯৩৬ চনত 'ৱাৰ্নাৰ ব্ৰদাৰ্ছ' ষ্টুডিঅ'ত যোগদান কৰে তিনিজন এনিমেটৰ ক্ৰমে 'টেক্স এভেৰী' (Tex Avery), 'চাক্‌ জোন্‌ছ'(Chuck Jones) আৰু 'বব ক্লেম্পেট' (Bob Clampett), আৰু এই ত্ৰিমূৰ্তিয়ে 'ৱাৰ্নাৰ ব্ৰাদাৰ্ছ' ষ্টুডিঅ'ক নতুন প্ৰাণ দিবলৈ সক্ষম হয়। 'পৰ্কী পিগ' (Porky Pig) আৰু 'দেফী ডাক' (Daffy Duck) চৰিত্ৰ দুটাই ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ এনিমেছন ছিৰিজ 'লুনী টিউন্‌ছ'-ক (Looney Tunes) নতুন ৰূপ দি জনপ্ৰিয়তা আহৰণ কৰিবলৈ সক্ষম হয়।[49] টেক্স এভেৰীয়ে ১৯৪০ খ্ৰীষ্টাব্দত সৃষ্টি কৰা 'বাগ্‌ছ বানী' (Bugs Bunny) এটা অতি জনপ্ৰিয় চৰিত্ৰ। টেক্স এভেৰীয়ে ডিজনীয়ে প্ৰৱৰ্তন কৰা বাস্তৱানুগ এনিমেছনৰ বিপৰীতে অতি নাটকীয় আৰু বন্য চাল-চলনেৰে ভৰা অথচ হাস্যৰসেৰে ভৰপূৰ এনিমেছন সৃষ্টি কৰাত গুৰুত্ব দিয়ে।[50] দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ কালছোৱাত ডিজনীৰ এনিমেছন আৰু টেক্স এভেৰীৰ এনিমেছন দুটা বিশেষ ফৈদৰ সৃষ্টি হয়। ১৯৪০ চনত আন দুটা অতি জনপ্ৰিয় কাৰ্টুন চৰিত্ৰৰ জন্ম হয়। 'টম আৰু জেৰী' (Tom and Jerry), এহাল মেকুৰী আৰু নিগনি। জেৰীক ধৰিবলৈ গৈ প্ৰতিবাৰেই নাকনি-কাননি খোৱা টম-ৰ স্ৰষ্টা আছিল 'উইলিয়াম হানা' (William Hanna) আৰু 'জোছেফ বাৰবাৰা' (Joseph Barbara)।[51]

এনিমেছনৰ প্ৰকাৰ

পাৰম্পৰিক এনিমেছন

পাৰম্পৰিক এনিমেছন (ইয়াক চে'ল (Cel) এনিমেছন বা হাতে অঁকা (Hand drawn) এনিমেছন বুলিও কোৱা হয়): বিংশ শতিকাৰ এনিমেছন ছবি এই পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল। গতিশীল চৰিত্ৰ বা বস্তু এটাৰ ক্ৰমিক চিত্ৰ কাগজত হাতেৰে আঁকি লোৱা হয়। এনিমেছনৰ বাবে ছবি অঁকা মানুহকে 'এনিমেটৰ' (Animator) বোলে। প্ৰতিখন ছবি একোটা গতিৰ ক্ৰমান্বয়ে সলনি হোৱা স্থানৰ ছবি। কাগজৰ পৰা পাৰদৰ্শী 'চে'ল'ত ছবিখিনি 'ট্ৰেচিং' কৰি লোৱা হয়। এই চে'লৰ ওপৰত ৰঙ সনা হয়। প্ৰয়োজন অনুসৰি এখনতকৈ বেছি 'চে'ল' ইখনৰ ওপৰত সিখনকৈ দি বহু কেইটা চৰিত্ৰ একেলগে ৰাখিব পাৰি। 'বেকগ্ৰাউণ্ড'ৰ ছবিও বেলেগে আঁকি চে'লৰ তলত ৰখা হয়। পাছত সেই ছবি কেমেৰাৰে এখন এখনকৈ চলচিত্ৰৰ 'ফিল্ম'ত (Film) এলানি ফটো তোলা হয়।[52] আজিকালি অৱশ্যে 'চে'ল'ত আকৌ এবাৰ 'ট্ৰেচ' কৰাৰ সলনি 'গাণনিক যন্ত্ৰ'ৰ সহায়ত 'ডিজিটেল' পদ্ধতিৰ ছবি তৈয়াৰ কৰি লৈ তাত ৰঙ বোলোৱা আদি কাম কৰা হয়। পিন'ক্কিঅ' (Pinocchio, ১৯৪০, আমেৰিকা), আকিৰা (Akira, ১৯৮৮, জাপান), লায়ন কিং (The Lion King, ১৯৯৪, আমেৰিকা), স্পিৰিটৈড এৱে (Spirited Away, ২০০১, জাপান) আদি এই পদ্ধতিৰে নিৰ্মিত এনিমেছন ছবি। পৰম্পৰাগত এনিমেছনৰ ছবি বাস্তৱানুগ বা কেৰিকেচাৰ ধৰ্মী হ'ব পাৰে।

  • সম্পূৰ্ণ এনিমেছন (Full Animation): পৰম্পৰাগত পদ্ধতিৰে উচ্চ মানৰ ছবি আৰু মসৃণ চলা-ফিৰা গতিৰে নিৰ্মাণ কৰা এনিমেছন। এই ধৰণৰ এনিমেছনত চলন মসৃণ ৰাখিবলৈ নিৰ্মাতাই অধিক কষ্ট কৰিবলগীয়া হয়।
  • সীমিত এনিমেছন (Limited animation): পৰম্পৰাগত পদ্ধতি ব্যৱহাৰ কৰিয়েই নিৰ্মাণ কৰিলেও ইয়াত কম মানসম্পন্ন ছবি আৰু গতিৰ মসৃণতা বজাই ৰখাত বেছি গুৰুত্ব দিয়া নহয়। সাধাৰণতে দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা এনিমেছন ছবিত ব্যৱহাৰ হয়। এই পদ্ধতিত নিৰ্মাণ কৰিলে কষ্ট আৰু সময় দুয়োটাই লাঘৱ হয়, সেয়ে দ্ৰুত গতিত ছবি নিৰ্মাণ কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়।
  • ৰট'স্কোপিং (Rotoscoping) মেক্স ফ্লেইছাৰ-এ (Max Fleischer) ১৯১৭ চনত উদ্ভাৱন কৰা এটা পদ্ধতি। এই পদ্ধতিত প্ৰথমে সঁচা অভিনেতাৰদ্বাৰা এনিমেছন কৰিবলগীয়া অংশৰ চলচিত্ৰ বনাই লোৱা হয়। পাছত সেই ছবি এখন এখনকৈ কাগজত পৰিবৰ্ধন কৰি 'ট্ৰেচিং' কৰি ছবি অঁকা হয়। এই পদ্ধতিৰে বাস্তৱ চলাচলৰ নকল তৈয়াৰ কৰিব পাৰি। অৱশ্যে বাস্তৱ চলাচল ট্ৰেচিং কৰিলে চলাচলৰ বিশ্বাসযোগ্যতা কমি যোৱা দেখা যায়। সাম্প্ৰতিক কালৰ 'ৱাল্ট্‌জ উইথ বছিৰ' (Waltz with Bashir, ২০০৮, ইজৰাইল) এই পদ্ধতিৰে নিৰ্মিত ছবি।
  • জীৱন্ত ছবি আৰু এনিমেছনৰ সমাহাৰ (Live-action/animation): এই পদ্ধতিত একেটা ফ্ৰেমতে অঁকা ছবি আৰু চিনেমাৰ কেমেৰাৰে তোলা ছবি থাকে। 'হু ফ্ৰেম্‌ড্‌ ৰোজাৰ ৰেবিট' ('Who Framed Roger Rabbit?' ১৯৮৮, আমেৰিকা) এই পদ্ধতিৰে নিৰ্মিত এখন বিখ্যাত ছবি।

ষ্টপ মোছন (Stop Motion)

বাস্তৱ জগতৰ বস্তু বা পুতলা-মডেলৰ স্থান অলপ অলপকৈ সলনি কৰি এটা ক্ৰমত ফটো তুলি নিৰ্মাণ কৰা এনিমেছন। ইয়াত পাৰম্পৰিক এনিমেছনৰ দৰে ছবি অঁকা নহয়। বহুতো পদ্ধতিৰে ষ্টপ মোছন ছবি নিৰ্মাণ কৰিব পাৰি।

  • পুতলা এনিমেছন (Puppet animation): হাত-ভৰি বিভিন্ন জোৰাত লৰচৰ কৰিব পৰা পুতলাৰ ব্যৱহাৰ কৰি এই এনিমেছন ছবি নিৰ্মাণ কৰা হয়। 'দা নাইটমেয়াৰ বিফ'ৰ খ্ৰীষ্টমাছ' (The Nightmare Before Christmas, ১৯৯৩, আমেৰিকা), 'কৰ্পছ ব্ৰাইড' (Corpse Bride, ২০০৫, আমেৰিকা) এই পদ্ধতিৰে নিৰ্মিত ছবি।
    • পাপেটুন (Puppetoon), জৰ্জ পল-এ (George Pal) ব্যৱহাৰ কৰা এটা পদ্ধতি। একেটা চৰিত্ৰৰ বিভিন্ন ভংগীমাৰ বহুকেইটা পুতলা সাজি লোৱা হয়। পাছত ইটোৰ পাছত সিটোকৈ যথাস্থানত ৰাখি ফটো তুলি চলচ্চিত্ৰৰ ৰূপ দিয়া হয়।
  • ক্লে' এনিমেছন (Clay animation), বা প্লাষ্টিচিন (Plasticine) এনিমেছন: চুটিকৈ 'ক্লেমেছন' বুলিও কোৱা হয়। আকাৰ দিব পৰা আঠালতীয়া মাটি বা প্লাষ্টিচিনৰ পুতলা সাজি সেই পুতলাক বিভিন্ন ভংগীমাত ৰাখি এখন এখন ফ্ৰেম সজোৱা হয় আৰু তাৰ ছবি তোলা হয়। 'ৱালেছ এণ্ড গ্ৰ'মিট' ('Wallace and Gromit') ছিৰিজৰ আটাই কেইখন ছবিয়েই এই পদ্ধতিৰে নিৰ্মিত।
  • কাট-আউট (Cutout animation) কাপোৰ বা কাগজৰ টুকুৰা কাটি কাটি সঠিক ঠাইত ৰাখি ফটো উঠাই এই এনিমেছন ছবি নিৰ্মাণ কৰা হয়। 'গল্পৰ গল্প' (Tale of Tales, ১৯৭৯, ৰাছিয়া) এই পদ্ধতিৰে নিৰ্মিত।
    • ছাঁ এনিমেছন (Silhouette animation) কাট-আউট এনিমেছনৰে প্ৰকাৰভেদ। ইয়াত কাটি লোৱা টুকুৰাবোৰ আইনাৰ ওপৰত ৰাখি পাছফালৰপৰা পোহৰ দি ফটো তুলি বনোৱা হয়। 'এডভেন্সাৰ্‌ছ অৱ প্ৰিন্স আক্‌মেদ' ('The Adventures of Prince Achmed' ১৯২৬, জাৰ্মানী) এই পদ্ধতিত নিৰ্মিত।
  • ম'ডেল এনিমেছন (Model animation) 'জীৱন্ত গতি' ছবিত ব্যৱহাৰ কৰা এই পদ্ধতিত ডাঙৰ আকাৰৰ মডেল সাজি লোৱা হয়। এই মডেলক দৰকাৰ অনুসৰি লৰচৰ কৰি এনিমেছন সৃষ্টি কৰা হয়। ৰে হেৰীহ'ছেন-এ এই পদ্ধতি ব্যৱহাৰ কৰি চমকপ্ৰদ কিছুমান প্ৰাগৈঐতিহাসিক জীৱ-জন্তু জীৱন্ত ৰূপত দেখুৱায় 'দা ল'ষ্ট ৱৰ্ল্ড' (The Lost World) চলচিত্ৰত। 'কিং কং' ('King Kong', ১৯৩৩) ছবিতো কিং কং এটা মডেল এনিমেছন আছিল।
    • গ' মোছন (Go motion) 'ইণ্ডাষ্ট্ৰিয়েল লাইট এণ্ড মেজিক' নামৰ প্ৰতিষ্ঠানটোৱে 'ফিলি টিপেট'ৰ সহায়ত এই পদ্ধতিৰ সূত্ৰপাত কৰে। ই মূলতঃ মডেল এনিমেছনৰ এটা প্ৰকাৰ। এই পদ্ধতিত মডেল এনিমেছনৰ সময়ত দুখন ফ্ৰেমৰ মাজত সামান্য অস্পষ্টতা যোগ কৰিব পাৰি। এই অস্পষ্টতাই মডেল এনিমেছনক 'জীৱন্ত গতি'ৰ দৰে একে দেখাত কৰি তোলে। 'ড্ৰেগন স্লেয়াৰ' (Dragonslayer, ১৯৮১) আৰু 'ষ্টাৰ ৱাৰ্ছ: এম্পায়াৰ ষ্ট্ৰাইক্‌ছ বেক' ('Star Wars: Empire Strikes Back', 1980) ছবিত এই পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।
  • অৱজেক্ট এনিমেছন (Object animation) ষ্টপ মোছন এনিমেছনত ব্যৱহৃত ৰৈ থকা বস্তুবিলাক অগা-পিছা কৰাৰ পদ্ধতি।
    • গ্ৰাফিক এনিমেছন (Graphic animation) আগতে অঁকা ফটো, বাতৰি-কাগজৰ টুকুৰা আদিক ইফাল-সিফাল কৰি নিৰ্মাণ কৰা এনিমেছন।
  • পিক্সিলেছন (Pixilation) জীৱন্ত মানুহক এটা এটা ভংগীমাত ৰখাই এখন এখনকৈ ফটো তুলি তৈয়াৰ কৰা এনিমেছন।

কম্পিউটাৰ এনিমেছন

কম্পিউটাৰৰ সহায়ত নিৰ্মাণ কৰা এনিমেছনকেই কম্পিউটাৰ এনিমেছন বুলিব পাৰি। কম্পইউটাৰ এনিমেছনৰ কেইবাটাও প্ৰকাৰ আছে আৰু বহুততে আকৌ কম্পিউটাৰক বিভিন্ন ধৰণে ব্যৱহাৰ কৰা হয়।

দ্বিমাত্ৰিক এনিমেছন (2D animation)

দ্বিমাত্ৰিক ছবি সংযোগ আৰু সম্পাদনা কৰি 'দ্বিমাত্ৰিক এনিমেছন' নিৰ্মাণ কৰা হয়। দ্বিমাত্ৰিক ছবিখন কম্পিউটাৰৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি অঁকা হ'ব পাৰে বা হাতে আঁকি স্কেন কৰি লোৱাও হ'ব পাৰে। অৱশ্যে প্ৰয়োজনীয় আটাইখিনি ফ্ৰেমেই হাতে আঁকি স্কেন কৰিলে সেইটো সঠিক অৰ্থত কম্পিউটাৰ এনিমেছন নহয়। সাধাৰণতে মূল ফ্ৰেম কেইখন হাতে আঁকি মাজৰ ফ্ৰেমখিনি কম্পিউটাৰৰ সহায়ত আঁকি লোৱা (inbetweening, morphing) অথবা কম্পিউটাৰৰ দ্বাৰা 'ৰট'স্কোপ' কৰি লোৱা আদিকহে কম্পিউটাৰ এনিমেছন বোলা হয়। কম্পিউটাৰত দ্বিমাত্ৰিক এনিমেছন সৃষ্টিৰ বাবে বহুতো ছফ্টৱেৰ পোৱা যায়। 'ফ্লেছ' (Flash) এটা বহুল ব্যৱহৃত তেনে ছফ্টৱেৰ।

ত্ৰিমাত্ৰিক এনিমেছন (3D animation)

ত্ৰিমাত্ৰিক এনিমেছন আগতে উল্লেখ কৰা 'মডেল এনিমেছন'ৰ কম্পিউটাৰ ৰূপ বুলিব পাৰি। ত্ৰিমাত্ৰিক এনিমেছন নিৰ্মাণ কৰিবলৈ কম্পিউটাৰ ছফ্টৱেৰত ত্ৰিমাত্ৰিক মডেল (3D Model) সাজি লোৱা হয়। সেই মডেলক ছফ্টৱেৰতে সময়ৰ হিচাপত গতি দি এই এনিমেছন তৈয়াৰ কৰা হয়। অতি ভালকৈ বনোৱা ত্ৰিমাত্ৰিক এনিমেছনে 'জীৱন্ত গতি'ৰ লগতো ফেৰ মাৰিব পাৰে। আজি কালি বহুতো চলচিত্ৰত 'জীৱন্ত গতি'ৰ লগত স্পেচিয়েল এফেক্ট হিচাবে ত্ৰিমাত্ৰিক এনিমেছন প্ৰয়োগ কৰা হয়। ত্ৰিমাত্ৰিক এনিমেছন চলচিত্ৰত ১৯৮০-ৰ দশকৰ প্ৰথম ভাগৰপৰাই ব্যৱহাৰ হৈ আহিছে যদিও 'টয় ষ্ট'ৰী' (Toy Story, ১৯৯৫, আমেৰিকা) সম্পূৰ্ণৰূপে কম্পিউটাৰত নিৰ্মিত প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ।

কম্পিউটাৰ এনিমেছন সম্পৰ্কীয় কিছুমান পৰিভাষা
  • জীৱন্ত ছবিৰ দৰে এনিমেছন (Photo realistic animation): সাধাৰণতে কম্পিউটাৰত নিৰ্মিত ত্ৰিমাত্ৰিক এনিমেছনৰ গতি আৰু দৃশ্যত এটা কৃত্ৰিমতা দেখা যায়, যাৰ বাবে তাক এনিমেছন ছবি বুলি সহজতে জানিব পাৰি। এই কৃত্ৰিমতা দূৰ কৰিবলৈ বিভিন্ন চেষ্টা চলাই থকা হৈছে যদিও সম্পূৰ্ণ সফলতা লাভ কৰা সম্ভৱ হোৱা নাই। Final fanatsy: the spirits within নামৰ ছবিখনত প্ৰথমে এনিমেছনক সম্পূৰ্ণ জীৱন্ত ৰূপ দিয়াৰ প্ৰয়াস কৰা হয়। যথেষ্ট ফলপ্ৰসূ হ'লেও এই প্ৰচেষ্টা সম্পূৰ্ণৰূপে সফল হোৱা নাছিল। ২০০৯ চনত নিৰ্মিত হলিউডৰ ছবি Avatar-ত এই ক্ষেত্ৰত বহুত অগ্ৰগতি হোৱা দেখা গৈছে।
  • মোছন কেপচাৰ (Motion capture): জীৱন্ত অভিনেতাক বিশেষ পোছাক পিন্ধাই তেখেতৰ গতি আৰু মুখমণ্ডলৰ অংগী-ভংগীক কম্পিউটাৰৰ সহায়ত ত্ৰিমাত্ৰিক মডেলৰ ওপৰত আৰোপ কৰা হয়। ইয়াৰদ্বাৰা ত্ৰিমাত্ৰিক মডেলটোৱে বাস্তৱ অভিনেতাজনৰ দৰেই অভিনয় কৰাৰ আভাষ পোৱা যায়। এই পদ্ধতিৰে নিৰ্মিত 'লৰ্ড অৱ দা ৰিংছ' (Lord of the Rings) চলচ্চিত্ৰ ছিৰিজৰ 'গ'ল্লাম' (Gollum) নামৰ চৰিত্ৰটোক এই পদ্ধতিৰ এক উল্লেখনীয় অৱদান বোলা হয়।

এনিমেছনৰ কিছুমান অন্য পদ্ধতি

  • ফিল্মৰ ওপৰত অংকন (Drawn on film animation): এই পদ্ধতিত চলচিত্ৰৰ ৰীলৰ প্ৰতিখন ফ্ৰেমত ছবি আঁকি এনিমেছন তৈয়াৰ কৰা হয়। এই পদ্ধতিত এনিমেছন নিৰ্মাণ কৰা কিছুমান ব্যক্তিৰ নাম: Norman McLaren, Len Lye and Stan Brakhage.
  • কাঁচৰ ওপৰত পেইণ্ট এনিমেছন (Paint-on-glass animation): কাঁচৰ ওপৰত ধীৰে শুকোৱা ৰঙ (সাধাৰণতে তেল ৰঙ) ব্যৱহাৰ কৰি অঁকাখিনি শুকোৱাৰ আগতেই ৰঙখিনি সঠিক ভাৱে ইফাল-সিফাল কৰি প্ৰতিখন ফ্ৰেমৰ ছবি লোৱা হয়। অস্কাৰ পুৰস্কাৰ বিজয়ী ৰুছীয় এনিমেটৰ আলেকছেন্দ্ৰ পেট্ৰভ-এ (Alexandr Petrov) এই পদ্ধতিৰে কেবাখনো এনিমেছন ছবি নিৰ্মাণ কৰিছে।
  • মচি মচি নিৰ্মাণ কৰা এনিমেছন (Erasure animation): শিল্পীয়ে আঁকি থাকোতেই ফটো তুলি ফ্ৰেম সাজি তৈয়াৰ কৰা এনিমেছন।
  • পিনৰ পৰ্দা এনিমেছন (Pinscreen animation): এখন পৰ্দাৰ ওপৰত 'পিন' বিন্ধাই লৈ পিনবিলাক সময়ৰ হিচাপত ওলোৱা সোমোৱা কৰি নিৰ্মাণ কৰা এনিমেছন। এই পদ্ধতিত পোহৰ হেলনীয়াকৈ পৰ্দাখনৰ ওপৰত পেলোৱা হয় যাতে উঠি থকা পিনৰ ছাঁ বাকী অংশত পৰি এটা দৃশ্যৰ সৃষ্টি কৰিব পাৰে।
  • বালি এনিমেছন (Sand animation): তলফালৰপৰা বা ওপৰৰপৰা পোহৰ পৰি থকা কাঁচৰ ওপৰৰ বালিৰ তৰপক হাতেৰে ইফাল-সিফাল কৰি নিৰ্মাণ কৰা এনিমেছন।

উল্লেখযোগ্য ইয়াৰ বাহিৰেও আন বহুতো উপায়েৰে এনিমেছন নিৰ্মাণ কৰিব পাৰি। উদাহৰণ স্বৰূপে ১৯৯২ চনত পিঅ'টৰ ডুমালাৰ (Piotr Dumala) নিৰ্মিত ফ্ৰাঞ্জ কাফকাত (Franz Kafka) প্লাষ্টাৰেৰে নিৰ্মিত ফলকৰ ওপৰত ক'লা ৰঙ দি পাছত সেই ৰঙ অলপ অলপকৈ ৰুকি এৰুৱাই এনিমেছন নিৰ্মাণ কৰা হৈছিল। [53]

এনিমেছনৰ আৰু কিছুমান পদ্ধতি

  • কেৰেক্টাৰ এনিমেছন
  • এনিমেট্ৰ'নিক্স
  • মেচিনিমা
  • এনিমেক্স

এনিমেছন ছবিৰ নিৰ্মাণ পদ্ধতি

এনিমেছন ছবি এখনৰ নিৰ্মাণ প্ৰক্ৰিয়া 'জীৱন্ত গতি' চলচ্চিত্ৰ এখনৰ নিৰ্মাণ প্ৰক্ৰিয়াতকৈ বেলেগ হয়। সাধাৰণ ভাৱে মানি চলা প্ৰক্ৰিয়াটো তলত লিখা ধৰণৰ।‌[54]

১. কাহিনী আৰু চিত্ৰনাট্য: যিকোনো কাহিনী ভিত্তিক চলচিত্ৰ নিৰ্মাণৰ প্ৰথম ধাপ হৈছে এটা কাহিনী আৰু সেই কাহিনীৰ ভিত্তিত এখন চিত্ৰনাট্য। এনিমেছন ছবিৰ চিত্ৰনাট্যত সংলাপতকৈ বেছি প্ৰাধান্য দিয়া হয় দৃশ্যমান কাৰ্য্য ভিত্তিক (visual action) প্ৰকাশভংগীক। প্ৰায়েই চিত্ৰনাট্য এখন মূল ছবিৰ কাঠামোহৈ হৈ থাকে, নিৰ্মাণৰ পাছৰ পৰ্য্যায়ত চিত্ৰনাট্য সালসলনি হোৱা দেখা যায়।

২. ষ্ট'ৰীব'ৰ্ড (Storyboard): চিত্ৰনাট্যৰ ওপৰত ভিত্তি কৰি ছবিৰ পৰিচালকে ষ্ট'ৰীব'ৰ্ড শিল্পীৰ হতুৱাই চিত্ৰনাট্যখনৰ দৃশ্যাৱলীৰ ছবি আঁকি কমিক্‌ছৰ নিচিনাকৈ সজাই লয়। ডিজনী ষ্টুডিঅ'ত ষ্ট'ৰীব'ৰ্ডৰ একোটা দৃশ্যাংশৰ ওপৰত ব্যাপক আলোচনা হয় আৰু সেই দৃশ্যাৱলীক আৰু প্ৰায়েই নতুন দৃশ্যাংশৰ সংযোগ, বা থকা দৃশ্যাংশ আঁতৰাই পেলোৱা বা বেলেগ ধৰণেৰে দৰ্শোৱাৰ বাবে সিদ্ধান্ত লোৱা হয়। এই আলোচনাৰ সময়তে ছবিখনৰ চূড়ান্ত পৰ্য্যায়ৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হয়।

৩. সংলাপ বাণীবন্ধন (Soundtrack): 'জীৱন্ত ছবি' চলচিত্ৰত সংলাপসমূহ ছুটিং-ৰ সময়তে বাণীবন্ধ কৰা হয় আৰু পাছত ডাবিং কৰি অধিক উন্নত কৰা হয়। কিন্তু এনিমেছন এই কামটো আগতে কৰা হয়। কাৰণ অভিনেতা-অভিনেত্ৰীয়ে সংলাপ নিক্ষেপনৰ সময়ত যি আবেগ জড়িত কৰে, সেই আবেগ অনূ্ভূতিক শুদ্ধকৈ প্ৰকাশ কৰিবলৈ ছবি আঁকিবলৈ আৰম্ভ কৰাৰ আগেয়েই বিতংকৈ জনাটো প্ৰয়োজনীয়। কিন্তু বাণীবদ্ধ সংলাপ নহ'লে সেইটো আগতেই নিশ্চিত কৰাটো সম্ভৱ নহয়। আগতীয়াকৈ সংলাপ বাণীবদ্ধ কৰিলে ছবিৰ ফ্ৰেম আঁকোতাসকলে সংলাপৰ বাবে লগা সঠিক সময়ৰো আভাষ পায়।

৪. ট্ৰেক ব্ৰেকডাউন (Track Breakdown): সকলোখিনি সংলাপ বাণীবদ্ধ হোৱাৰ পাছত সম্পাদন এজনে সেই সংলাপসমূহক চলচিত্ৰৰ ফ্ৰেম সংখ্যাৰ লগত মিলাই এখন টোকাবহী বনাই লয়। উদাহৰণ স্বৰূপে ধৰা হ'ল এজন অভিনেতাই সংলাপ হিচাপে এটা কাঁহ মাৰিছে। সম্পাদকে সেই কাঁহটো কিমান নম্বৰ ফ্ৰেমত আৰম্ভ হৈ কিমানত শেষ হৈছে তাৰ তালিকা এখন প্ৰস্তুত কৰে।

৫. ডিজাইন (Design): ছবিৰ সংগীত আৰু সংলাপ বাণীবদ্ধ কৰাৰ সময়তে ডিজাইনাৰে ছবিখনৰ ছবিসমূহ কেনে ধৰণৰ ৰখা হ'ব, কেনেকুৱা হ'লে ছবিৰ কাহিনীৰ বাবে অনুকূল আৰু দৰ্শকৰ বাবে উপভোগ্য হ'ব সেইটো ঠিক কৰে পৰিচালকৰ লগত কথা পাতি। ডিজাইনবোৰ পৰিচালকৰ মনঃপূত হ'ল সেই ডিজাইন সমূহ এনিমেটৰ, বেকগ্ৰাউণ্ড আৰ্টিষ্টসকলৰ ওচৰলৈ পঠিওৱা হয়।

৬. লাইকা ৰীল (Leica Reel): ষ্ট'ৰীব'ৰ্ডৰ ছবি আৰু সংলাপ একেলগ কৰি ফটো তুলি এখন চিনেমাৰ নিচিনাকৈ সাজি লোৱা হয়। লাইকা ৰীলৰ বাবে ষ্ট'ৰীব'ৰ্ডৰ ছবিসমূহ ভালকৈ আঁকি লোৱা হয় আৰু প্ৰয়োজন অনুসৰি 'বেকগ্ৰাউণ্ড' ছবিও সংযোগ কৰা হয়। ছবি আঁকোতে ডিজাইনৰ ডীজাইন, ফ্ৰেমিং আদি কথাত গুৰুত্ব দিয়া হয়। লাইকা ৰীল পৰিচালকৰ মনঃপূত হোৱাৰ পাছত প্ৰকৃত ছবি অঁকাৰ কাম আৰম্ভ কৰা হয়।

৭. লাইন টেষ্ট (Line Test): লাইকা ৰীল পৰিচালকৰ মনঃপূত হ'লে ষ্ট'ৰীব'ৰ্ডৰ ৰূপ এনিমেটৰসকললৈ পঠিওৱা হয়। এনিমেটৰ এজনে ফ্ৰেম-ফ্ৰেমকৈ চৰিত্ৰ বা বস্তু এটাৰ গতিৰ ছবি আঁকে। ডাঙৰ ছবিবোৰত একো একো চৰিত্ৰৰ ওপৰত একো একোজন এনিমেটৰে কাম কৰে। কোনটো চৰিত্ৰ কোনজন এনিমেটৰক দিয়া হ'ব সেইটো মূল (Lead Animator) এনিমেটৰজনৰ বিশেষ দক্ষতা আৰু সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ঠিক কৰা হয়। ষ্ট'ৰীব'ৰ্ডৰ মতে এনিমেটৰজনে নিজৰ নিজৰ চৰিত্ৰৰ ছবি আঁকি যায়। দৃশ্য এটাত গতিৰ গুৰুত্ব অনুসৰি ছেকেণ্ডত ১২ বা ২৪-টা ফ্ৰেমৰ হিচাপত ছবি আঁকিবলগীয়া হয়। সাধাৰণতে মূল এনিমেটৰে গতি এটাৰ নিৰ্ণায়ক ফ্ৰেম, যাক ইংৰাজীত Key Frame বোলে, সেইকেইটা ছবিহে আঁকে। সেই ছবিৰ ওপৰত ভিত্তি কৰি মাজৰ ছবিবিলাক আঁকে কনিষ্ঠ এনিমেটৰ সকলে, তেওঁলোকক "ইন্‌বিট্‌ৱিনাৰ" (Inbetweener) বুলিও কোৱা হয়। অৱশ্যে মাজৰ এই ছবিবিলাক (Inbetweens) কেনেকুৱা হ'ব, গতিৰ কিমান পাৰ্থক্য থাকিব কথাবোৰ মূল এনিমেটৰজনেই নিৰ্ধাৰণ কৰি দিয়ে। কিছুমান মূল এনিমেটৰে অৱশ্যে 'কোবাল গতি' (fast action) থকা অংশবোৰৰ inbetweens নিজেই আঁকি লোৱাটো পছন্দ কৰে।[55] একাধিক চৰিত্ৰই যোগাযোগ কৰা দৃশ্যবোৰ দুজন মূল এনিমেটৰে একেলগে বহি আলোচনা কৰি আঁকে। এনেদৰে হৈ উঠা একোটা দৃশ্যাংশ পৰিচালকে 'লাইকা ৰীল'ত যোগ্য স্থানত সংযোজন কৰি চাই লৈ মনঃপূত হ'লে সেইখিনি 'ক্লীন-আপ' শিল্পীলৈ (Cleanup Artist) লৈ পঠিওৱা হয়।

৮. ক্লীন-আপ (Cleanup): মূল এনিমেটৰে আঁকি দিয়া চৰিত্ৰৰ গতিৰ ফ্ৰেমবোৰ সাধাৰণতে 'স্কেচ্ছ'ৰ নিচিনা হয়, আৰু সময়ৰ অপচয় নকৰিবলৈ তাক নিয়াৰিকৈ অঁকাৰ যত্ন কৰা নহয়। আচলতে মূল এনিমেটৰৰ কাম হৈছে চৰিত্ৰৰ গতিৰ ৰূপৰেখা তৈয়াৰ কৰি দিয়াটোহে, সেইবাবে হাত-ভৰি, চকু-মুখৰ স্থান আদি শুদ্ধকৈ আৰু সঠিক অনু্ভূতি প্ৰকাশ কৰিবপৰাকৈ আঁকি দিয়াটোহে তেওঁৰ মূল কাম, দেখাত সুন্দৰ ছবি তেওঁ নেআঁকিলেইও চলে। মূল এনিমেটৰে আঁকি দিয়া ছবিখিনিৰপৰা কনিষ্ঠ শিল্পীয়ে মূল ছবিত ব্যৱহাৰ কৰিব পৰা নিয়াৰি ছবি আঁকি লয়। এইখিনি কনিষ্ঠ শিল্পীৰ ডাঙৰ গোট এটা ষ্টুডিঅ'ত থাকে। তেওঁলোকেই মূল এনিমেটৰৰ নিৰ্ণায়ক ফ্ৰেমৰ ওপৰত ভিত্তি কৰি inbetweens আঁকে আৰু মূল এনিমেটৰৰ ছবিখিনি নিয়াৰিকৈ আঁকি মূল ছবিত ব্যৱহাৰ কৰা হয়। এইখিনি শিল্পীৰপৰাই বিশেষ দক্ষতা দেখুওৱাসকলে পাছলৈ মূল এনিমেটৰৰ স্থান লাভ কৰে।

৯. ট্ৰে'চ আৰু পেইণ্ট (Trace and Paint): ক্লীন-আপ কৰাৰ পাছত পৰিচালকে ছবিখিনি আকৌ লাইকা ৰীলত সংযোগ কৰি প্ৰত্যক্ষ কৰে আৰু সকলো ঠিকে থাকিলে সেইখিনি 'ট্ৰেচ এণ্ড পেইণ্ট' বিভাগলৈ পঠিওৱা হয়। মন কৰিব যে ক্লীন-আপ পৰ্য্যায়লৈ ছবিখিনিৰ অকল ৰূপৰেখা (Outline) থাকে বা সেইখিন স্কেচ্ছ ছবিৰ নিচিনা হৈ থাকে আৰু তাক কাগজত অঁকা হয়। 'ট্ৰেচ এণ্ড পেইণ্ট' বিভাগতে ছবিখিনি চে'লত (cel - পাৰদৰ্শী চেলুল'জৰ পাত) ট্ৰেচিং কৰি লোৱা হয় আৰু তাত ৰঙ দিয়া হয়। যিফালে ট্ৰেচ কৰা হৈছে তাৰ ওলোটা ফালে ৰঙ ঘঁহা হয়। প্ৰথমে এই কামৰ বাবে শিল্পী আছিল, আজিকালি পিছে এইখিনি কাম কম্পিউটাৰত 'স্কেন' কৰি লৈ ডিজিটেল ছবিত ডিজিটেল পদ্ধতিৰে ৰঙ কৰা হয়।

১০. পৃষ্ঠপট অংকন (Background): মূল এনিমেটৰে চৰিত্ৰ অংকন কৰি থকাৰ সময়তে অন্য এটা শিল্পী গোটে পৃষ্ঠপট (Background: দৃশ্যাংশ যি স্থানত বৰ্ণিত হৈছে তাৰ ছবি) অংকন কৰে। এই কামৰ বাবে বিশেষ পাৰদৰ্শিতা থকা শিল্পী থাকে। তেওঁলোকে দৃশ্য এটাৰ লৰচৰ নথকা সকলোখিনি অংশৰে ছবি আঁকে। অৱশ্যে পৃষ্ঠপটৰ সলনি তেওঁলোকে সম্মুখ পটো অংকন কৰে। কিছুমান দৃশ্যাংশত চৰিত্ৰৰ সন্মুখতো লৰচৰ নকৰা অংশ থাকে, তাকে সম্মুখপট (Foreground) বোলা হৈছে। পৰিচালকে ষ্ট'ৰীব'ৰ্ডৰ ওপৰত ভিত্তি কৰি পৃষ্ঠপট বা সম্মুখপট কেনে হ'ব সেয়া ঠিক কৰে।

১১. পৰীক্ষণ (Checking): সম্পূৰ্ণ হোৱা 'চে'ল' আৰু 'পৃষ্ঠপট' পৰীক্ষণৰ বাবে পঠিওৱা হোৱা। 'পৰীক্ষক'সকলে (Checker) প্ৰতিখন 'পৃষ্ঠপট', প্ৰতিখন 'চে'ল' পুংখানুপুংখভাৱে পৰীক্ষা কৰে যাতে সকলোখিনি ঠিকেই আছে আৰু অন্তিম পৰ্য্যায়ৰ চিত্ৰগ্ৰহণৰ বাবে সাজু হৈ আছেনে নাই। পৰীক্ষকসকলে সন্তুষ্ট হ'লে তেওঁলোকে দৃশ্যাংশ অনুসৰি 'চে'ল' আৰু পৃষ্ঠপট বিলাক ক্ৰমাগতভাৱে সজায় আৰু চিত্ৰগ্ৰহণৰ বাবে পঠিয়াই দিয়ে। ক'ৰবাত কিবা অসুবিধা ধৰা পৰিলে তাক ঠিক কৰিবৰ বাবে ওভোতাই পঠিওৱা হয়।

১২. চিত্ৰগ্ৰহণ (Final Shoot): এই পৰ্য্যায়ত পৰীক্ষিত চে'ল আৰু পৃ্ষ্ঠপটসমূহ চিত্ৰগ্ৰহনকাৰীৰ ওচৰলৈ পঠিওৱা হয়। 'বিশেষ কেমেৰা'ৰ (Rostrum Camera) তলত একাদিক্ৰমে পৃষ্ঠপট, চৰিত্ৰ আৰু সম্মুখপট আদি তলৰপৰা ওপৰলৈ সজোৱা হয় আৰু সেই কেমেৰাৰে তাৰ ছবি তোলা হয়। এখন ছবিৰ পাছত তাৰ পাছৰ গতিৰ ছবিখন তোলা হয়, এনেদৰে এখন এখন কৈ ফ্ৰেমৰ ফটো তোলা হয়।

১৩. ৰাছ্‌ (Rushes): দৃশ্যাংশ এটাৰ চিত্ৰগ্ৰহণ হোৱাৰ পাছত সেই ৰীল পৰীক্ষাগাৰলৈ পঠিওৱা হয়। য'ত ফিল্ম প্ৰস্ফূটন কৰি আকৌ ষ্টুডিঅ'লৈ পঠিওৱা হয়। দৃশ্যাংশৰ এনে ফিল্মকে ৰাছ্‌ বোলা হয়। পৰিচালকে সেই ৰাছ চাই সন্তুষ্ট হ'লে তাক গ্ৰহন কৰে, কিবা অসুবিধা ওলালে যিটো পৰ্য্যায়ত সেই অসুবিধা সৃষ্টি হৈছে তাতেই আকৌ ঠিক কৰাৰ প্ৰয়োজন আহি পৰে। গ্ৰহনযোগ্য ৰাছ্‌বোৰৰপৰা সম্পাদকে সঠিক দৈৰ্ঘ্যৰ ফিল্ম কাটি উলিয়ায় আৰু পাছৰ দৃশ্যাংশৰ লগত জোৰা দিয়ে। এনেদৰে গোটেই দৃশ্যাংশৰ সম্পাদনা হৈ যোৱাৰ পাছত নিৰ্মীয়মান ছবিখন সম্পূৰ্ণ ৰূপত পোৱা যায়।

১৪, ডাবিং (Dubbing): সম্পূৰ্ণ হোৱা ছবিখনত পৰিচালক, সম্পাদকে মিলি শব্দযন্ত্ৰীৰ সহায়ত উচিত স্থানত সংগীতৰ বিশেষ ব্যঞ্জনা, আবহ-সংগীত আদি সংযোগ কৰে। 'জীৱন্ত ছবি'ত ডাবিং প্ৰক্ৰিয়াত অভিনেতা অভিনেত্ৰীয়ে পুনৰাই কণ্ঠ সংযোজিত কৰে, এনিমেছনত কিন্তু সংলাপ আগেয়ে বাণীবদ্ধ কৰা হয়। এই প্ৰক্ৰিয়াৰদ্বাৰা ছবিত ব্যৱহৃত শব্দ, সংলাপ, সংগীতৰে সম্পূৰ্ণ শব্দট্ৰেক (Soundtrack) সাজু কৰা হয়।

১৫. এন্‌ছাৰ প্ৰিন্ট (Answer Print): এইবাৰ সম্পূৰ্ণ হোৱা ছবি আৰু শব্দ গোটেইখিনি আকৌ পৰীক্ষাগাৰলৈ পঠিওৱা হয়। পৰীক্ষাগাৰত শব্দ আৰু ছবি একেখন ফিল্মতে সংযোগ কৰা হয় আৰু দৰ্শকে চাব পৰা বাকছবি এখন হৈ উঠে। এই ছবিৰ ৰীলটোকে ছবিঘৰত প্ৰজেক্টৰৰ জৰিয়তে পৰ্দাত প্ৰেক্ষিত কৰি ডাঙৰ আকাৰৰ কৰি তোলা হয়।

ওপৰত উল্লেখিত বৰ্ণনা পাৰম্পৰিক পদ্ধতিৰ এনিমেছন ছবি নিৰ্মাণৰ বাবে ব্যৱহৃত হয়। কম্পিউটাৰ এনিমেছনৰ বাবে ষ্টোৰীবোৰ্ড, সংলাপ আৰু ডিজাইন সাজু হোৱাৰ পাছত চৰিত্ৰ আৰু পৰিবেশৰ ত্ৰিবিমীয় মডেল নিৰ্মাণ কৰা হয়, চৰিত্ৰৰ মডেলৰ হাত-ভৰি, চকু-মুখত এনিমেটৰে গতি সংযোগ কৰে, পোহৰ বিশেষজ্ঞই দৃশ্যাংশত সঠিক 'পোহৰ নিৰ্মাণ' কৰে; কাপোৰ, পানী, ধোঁৱা আদিৰ বাবে বিশেষ ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰা হয়; লগতে সাজু হৈ থকা সংগীত আৰু সকলোখিনি মিলাই কম্পিউটাৰৰ সহায়ত এখন এখনকৈ ফ্ৰেম 'ৰেণ্ডাৰিং' (Rendering) কৰা হয়। নিৰ্মিত প্ৰতিখন ফ্ৰেমক আকৌ চলচিত্ৰলৈ ফিল্মলৈ অনা হয়। এনেদৰেই কম্পিউটাৰ ত্ৰিবিমীয় এনিমেছন ছবি এখন তৈয়াৰ কৰা হয়।

তথ্য সংগ্ৰহ

  1. , আহৰণ কৰা তাৰিখ জুলাই ২৮, ২০১১
  2. Williams 2009, পৃ. ১১.
  3. Williams 2009, পৃ. ১২.
  4. Williams 2009, পৃ. ১২.
  5. Williams 2009, পৃ. ১২.
  6. Williams 2009, পৃ. ১৩.
  7. Williams 2009, পৃ. ১৩.
  8. Williams 2009, পৃ. ১৩.
  9. Williams 2009, পৃ. ১৪.
  10. Williams 2009, পৃ. ১৪.
  11. Williams 2009, পৃ. ১৪.
  12. britannica.com আহৰণ কৰা তাৰিখ জুলাই ২৮, ২০১১
  13. Williams 2009, পৃ. ১৫.
  14. Williams 2009, পৃ. ১৬.
  15. Williams 2009, পৃ. ১৬.
  16. Williams 2009, পৃ. ১৬.
  17. Beck 2004, পৃ. ১৪.
  18. Williams 2009, পৃ. ১৭.
  19. Beck 2004, পৃ. ১৫.
  20. Beck 2004, পৃ. ১৫.
  21. Williams2009, পৃ. ১6.
  22. Beck 2004, পৃ. ১৪.
  23. Beck 2004, পৃ. ১৫.
  24. Williams 2009, পৃ. ১৭.
  25. Beck 2004, পৃ. ১৭.
  26. Beck 2004, পৃ. ১৭.
  27. Beck 2004, পৃ. ১৮.
  28. Beck 2004, পৃ. ১৯.
  29. Beck 2004, পৃ. ২৪.
  30. Beck 2004, পৃ. ২০.
  31. Beck 2004, পৃ. ৩৮.
  32. Beck 2004, পৃ. ৩৮.
  33. Beck 2004, পৃ. ৩৮.
  34. Beck 2004, পৃ. ৪৫.
  35. Beck 2004, পৃ. ৪৫.
  36. Beck 2004, পৃ. ৪৬.
  37. Beck 2004, পৃ. ৩৪.
  38. Beck 2004, পৃ. ৩৪.
  39. Beck 2004, পৃ. ৩৪.
  40. Beck 2004, পৃ. ২০.
  41. Beck 2004, পৃ. ২১.
  42. Beck 2004, পৃ. ৩৪.
  43. Beck 2004, পৃ. ৩৬.
  44. Beck 2004, পৃ. ৩৭.
  45. Beck 2004, পৃ. ৩৭.
  46. Thomas 1984, পৃ. ২৪.
  47. Beck 2004, পৃ. ৫৯.
  48. Beck 2004, পৃ. ৬৭.
  49. Beck 2004, পৃ. 67.
  50. Beck 2004, পৃ. ৮৪.
  51. Beck 2004, পৃ. ৯৪.
  52. White 1988
  53. আহৰণ কৰা তাৰিখ ২ জুলাই, ২০১১
  54. White 1988
  55. Williams, 2009

গ্ৰন্থপঞ্জী

  • Anderson, Joseph and Barbara, "The Myth of Persistence of Vision Revisited", Journal of Film and Video, Vol. 45, No. 1 (Spring 1993): 3-12
  • Culhane, Shamus, Animation Script to Screen
  • Laybourne, Kit, The Animation Book
  • Ledoux, Trish, Ranney, Doug, & Patten, Fred (Ed.), Complete Anime Guide: Japanese Animation Film Directory and Resource Guide, Tiger Mountain Press 1997
  • Lowe, Richard & Schnotz, Wolfgang (Eds) Learning with Animation. Research implications for design Cambridge University Press, 2008
  • Masson, Terrence, CG101: A Computer Graphics Industry Reference Unique and personal histories of early computer animation production, plus a comprehensive foundation of the industry for all reading levels. ISBN 978-0-9778710-0-1
  • Serenko, Alexander, The development of an instrument to measure the degree of animation predisposition of agent users, Computers in Human Behavior Vol. 23, No. 1 (2007): 478-495.
  • Thomas, Frank and Johnston, Ollie, Disney Animation: The Illusion of Life, Abbeville 1981
  • Walters, Faber and Helen (Ed.), Animation Unlimited: Innovative Short Films Since 1940, HarperCollins Publishers, 2004
  • Williams, Richard, The Animator's Survival Kit ISBN 978-0-571-20228-7
  • Bob Godfrey and Anna Jackson, 'The Do-It-Yourself Film Animation Book' BBC Publications 1974 ISBN 978-0-563-10829-0 Now out of print but available s/hand through a range of sources such as Amazon Uk.
  • Lawson, Tim and Alisa Persons. The Magic Behind the Voices: A Who's Who of Cartoon Voice Actors. University Press of Mississippi. 2004. (A history of cartoon voice-overs and biographies and photographs of many prominent animation voice actors.)
  • Ball, R., Beck, J., DeMott R., Deneroff, H., Gerstein, D., Gladstone, F., Knott, T., Leal, A., Maestri, G., Mallory, M., Mayerson, M., McCracken, H., McGuire, D., Nagel, J., Pattern, F., Pointer, R., Webb, P., Robinson, C., Ryan, W., Scott, K., Snyder, A. & Webb, G. (2004) Animation Art: From Pencil to Pixel, the History of Cartoon, Anime & CGI. Fulhamm London.: Flame Tree Publishing. ISBN 978-1-84451-140-2
  • Crafton, Donald (1982). Before Mickey. Cambridge, Massachusetts.: The MIT Press. ISBN 978-0-262-03083-0
  • Solomon, Charles (1989). Enchanted Drawings: The History of Animation. New York.: Random House, Inc. ISBN 978-0-394-54684-1


বাহ্যিক সংযোগ

This article is issued from Wikipedia. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.